তাইৰ কথা

1.নুমলীগড় জিলা ভিত্তিত মুকলি তৰ্ক প্ৰতিযোগিতাত শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান,এক সোণসৰা স্মৃতি🍁
2.ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ বক্তৃতা প্ৰতিযোগিতাত তৃতীয় স্থান লাভ...🍁
3.শ্ৰেষ্ঠ দলৰ সন্মান🍁


4.যিটো দিনে আমাক নতুনকৈ জীয়াই তুলিলে,ডাঙৰ ডাঙৰ সপোন দেখিবলৈ শিকালে,আত্মবিশ্বাসৰ এটি পুলি ৰোপণ কৰি দিলে🍁








5.জীৱনৰ আন এটা শ্ৰেষ্ঠতম দিন।নিজৰ ওপৰত বিশ্বাস হেৰুৱাৰ উপক্ৰম হোৱাৰ সময়তেই এই দিনটো তাইৰ জীৱনলৈ আহিছিল।স্নাতকোত্তৰ পৰ্যায়তেই তাই নিজক বিচাৰি পাইছিল,নিজক খান্দি উলিয়াইছিল,জীৱনৰ অৰ্থ ,উদ্দেশ্য বিচাৰি উলিওৱাৰ আখৰা আৰম্ভ কৰিছিল।বহু কিবা কিবি নতুন হৈছিল,চিন্তালৈ কিছু পৰিপক্কতা আহিছিল।কিমান যোগ্য নাজানে কিন্তু নেৰা নেপেৰা সাধনাই সেইদিনা উশাহ লৈছিল।







যিটো দিনৰ বাবে তাই সাধনাৰ অন্তত অপেক্ষা কৰিছিল বৰ আকুলতাৰে।তাইৰ বাবে মন জুৰণীয়া দিন আছিল।সোণবৰণীয়া আশা কল্পনাবোৰ নকৈ জীৱন্ত হোৱাৰ দিন আছিল।





প্ৰতিটো দিনৰ স্মৃতি সাঁচি ৰখাটো তাইৰ অন্যতম প্রিয় অভ্যাস।মাজে-মাজে নিজেই উলিয়াই চাই নিজকে পুনৰ আৱিষ্কাৰ কৰে,আত্মপৰ্যালোচনা কৰে,আকৌ নিজকে পোনাই-পাজৰাই থিয় কৰে।এই দিনটো বৰ মৰমলগা দিনৰ ভিতৰতে এটা আছিল।স্বভাৱত তাই কিছু অন্তৰ্মুখী হোৱাৰ বাবে মানুহৰ পৰিৱৰ্তে কিতাপ,প্ৰকৃতি তাইৰ লগৰী আছিল।বন্ধুৰ সংখ্যাও খুব কম।মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়ত বেছিভাগ সময় পুথিভঁৰালতেই কটাইছিল।এককথাত পুথিভঁৰালটোৰ সৈতে,কিতাপবোৰৰ সৈতে তাইৰ বন্ধুত্ব গঢ়ি উঠিছিল।মনত পৰে দিনবোৰ।(সেই বৰ্ষত মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ পঢ়ুৱৈৰ সন্মান লাভ কৰিছিলো।)শিকি থকাটো প্ৰিয়তম অভ্যাস।বাকী স্বীকৃতিয়ে দায়িত্ব আৰু প্ৰেৰণা বঢ়ায়।



আকাশ চুব খোজা সূৰ্যমুখী যাত্ৰাৰ আৰম্ভণি ঠিক এইখিনি ঠাইৰ পৰাই.....





































Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)