অনুভৱ♥️
I met a girl
জীৱনৰ কোনোবা এটা কেঁকুৰিত মই তাইক লগ পাইছিলোঁ।তাইৰ প্রোজ্জল হাঁহি,জীৱনমুখী কথাবোৰ বৰ মুগ্ধতাসনা আছিল।
তাই সদায় কিবা এটা বেলেগ কৰাৰ কথা কৈছিল,নিজতকৈও ডাঙৰ সাঁচতীয়া ইচ্ছা এটা অহৰহ লগতেই লৈ ফুৰিছিল।
তাই মোৰ আত্মাক পোহৰময় কৰিছিল,বৰ্ণাঢ্য ৰেঙণিৰে মুখৰিত কৰিছিল।তাই মোৰ সম্ভাৱনীয়তাক আদৰ কৰিছিল,যি মোৰ বাবে সোণতকৈও হাজাৰগুণে মূল্যৱান আছিল।
যেতিয়াই আমি লগ হৈছিলোঁ,চাৰিওফালে মৃদু সংগীত বাজি উঠিছিল।মৰমৰ উমলগা হাঁহি এটি আমাৰ ওঁঠতে ওলমি ৰৈছিল।
তাই কিছু পৃথক আছিল।
(এগৰাকী বন্ধুৰ দৃষ্টিৰে তাই...)
Comments
Post a Comment