অনুভৱ♥️
উভতিনি যাত্ৰা সদায় চমু যেন অনুভৱ হয়।লগত এজোলোকা অজানা মিঠা স্মৃতি বুটলি অনাৰ সৌভাগ্য হ'লে এই যাত্ৰা যেন আৰু চুটি হৈ পৰে।গোটেই বাটটোত এৰি অহা বহু সময়ৰ স্মৃতি চকুৰ প্ৰচাৰতে পাৰ হৈ গ'ল।তাই কেৱল সেই সময়ক হাতৰ মুঠিত ধৰি ৰখাৰ বৃথা প্ৰয়াস কৰি গ'ল।
"স্মৃতিৰ ভাষাহীন মৌনতা,হৃদয়ৰ অবুজ বিষাদ,বেদনাৰ উপলব্ধিৰ হুমুনিয়াহ আৰু মনৰ আশাবোৰৰ লগত আশাৰ দুপৰীয়া।"(সংগ্ৰহ)
(তেজৰঙা ফুলৰ দৰে উজ্জ্বল এই সোঁৱৰণি।কেতিয়াবা তাই খোপাত আলফুলে গুঁজি ল'ব।)
(০৩/০৯/২০২৩ ৰ অনুভৱ)
Comments
Post a Comment