We journaled for 12 years.
We journaled for 12 years.
ফেৰিছ বুয়েলাৰে এবাৰ কোৱাৰ দৰে, জীৱনটো যথেষ্ট দ্ৰুতগতিত আগবাঢ়ে। যদি আপুনি ৰৈ পিছলৈ ঘূৰি নাচায়,তেন্তে আপুনি বহু কিবা-কিবি মিছ কৰিব।গৈ থাকিবলৈকে মাজে-মাজে ক্ষন্তেক ৰৈ উভতি চোৱাৰো প্ৰয়োজন।জাৰ্নেলিঙে আমাক এখোজ ৰৈ,পিছলৈ উভতি চাই আত্ম বিশ্লেষণ কৰাৰ এক সুযোগ প্ৰদান কৰে।পুৱা শুই উঠি অথবা নিশা শোৱাৰ আগতে দৈনিক প্ৰতিফলন আমি আমাৰ ডায়েৰী অথবা জাৰ্নেলত লিপিবদ্ধ কৰিব পাৰো। আমি জাৰ্নেলিঙৰ মাধ্যমেৰে আমাৰ জীৱনটোলৈ উভতি চাব পাৰো আৰু আমি কেনেকৈ সলনি হৈছো আৰু নিজকে উন্নত কৰিবলৈ কি কৰিব পাৰো সেই বিষয়ে চিন্তা কৰিব পাৰো।জাৰ্নেল লিখাটোৱে আমাৰ সৃষ্টিশীলতাক প্ৰোৎসাহিত কৰে।নিজৰ আভ্যন্তৰীণ সৃষ্টিশীলতাক অন্বেষণ কৰাৰ এক সুযোগ প্ৰদান কৰে।অৰ্থপূৰ্ণ জীৱনৰ সাধনা কৰাৰ বাট মোকোলাই দিয়ে।
'Journaling' ৰ মাধ্যমেৰে আমি নিজকে বিচাৰি চাব পাৰো।জীৱন বাটত আমি বিভিন্ন অভিজ্ঞতাৰ মুখামুখি হওঁ।সেই মহঙা পল-অনুপলৰ জীপাল স্মৃতি আমি আমৃত্যু বহন কৰিব পাৰোঁ যদিহে জীৱনৰ প্ৰতিটো দিন নিজৰ ওচৰত ধৰি ৰাখোঁ।কলম আৰু শব্দৰ শক্তি কোনেও নুই কৰিব নোৱাৰে।গতিকে এইক্ষেত্ৰত জাৰ্নেলিং এক উত্তম মাধ্যম।বিভিন্ন বিষয় অনুযায়ী আমি বিভিন্ন প্ৰকাৰৰ জাৰ্নেল প্ৰস্তুত কৰিব পাৰোঁ।উদাহৰণস্বৰূপে:কৃতজ্ঞতাৰ জাৰ্নেল,ছবিবিষয়ক জাৰ্নেল,প্ৰকৃতিবিষয়ক জাৰ্নেল ইত্যাদি।
#myjournalcollection
Comments
Post a Comment