কিমান আচৰিত নহয়নে...


কিমান আচৰিত নহয়নে,এগৰাকীয়েই মানুহ,

কাৰোবাৰ বাবে আপুনি এটি প্রিয় সুৰ,আন কাৰোবাৰ বাবে হয়তো কেতিয়াও গুণগুণাব নিবিচৰা এটা নিষিদ্ধ গান।

আপোনাৰ ৰৌদ্ৰোজ্বল হাঁহিৰ খিলখিলনিত কাৰোবাৰ জীৱনলৈ ব'হাগ নামে অথচ আপোনাৰ সেই হাঁহি কাৰোবাৰ বাবে হৈ পৰে কেতিয়াও নুশুকোৱা এটুকুৰা ঘাঁ...।

আপোনাৰ দুচকুৰ আকুল চাৱনিত কোনোবাই জীৱনৰ অৰ্থ বিচাৰি পায় আৰু আন কোনোবাই আপোনাৰ দুচকুত বিচাৰি পায় কেৱল আৰু কেৱল হিংস্ৰতা।

আপোনাৰ কথাবোৰ কাৰোবাৰ বাবে এসাগৰ তৃপ্তি,হৃদয় আৰু মগজু তৰংগায়িত কৰা চেতাঁৰৰ ঘন সুৰ অথবা এটা প্রিয় সংগীত অথচ আন কাৰোবাৰ বাবে হৈ পৰে কেৱল একো একোপাত প্ৰচণ্ড শেল...।

আপুনি আনলৈ বুলি সাঁচি ৰখা সাঁচতীয়া চেনেহত কোনোবাই মৃত্যুঞ্জয়ী শক্তি বিচাৰি পায় আৰু আন কোনোবাই বিচাৰি পায় স্বাৰ্থপৰতাৰ এখন নেদেখা দেৱাল।

কিমান আচৰিত নহয়নে

আপুনি,একেগৰাকীয়েইটো মানুহ....।

~উজ্জ্বয়িনী🌻


Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)