কৃতজ্ঞতাৰ ডায়েৰী-২৮
আনৰ মাজত বিচাৰি ফুৰা সৰগীধামখনি তাই নিজৰ মাজতে পায়।নিজৰ প্ৰতি থকা অকুন্ঠ ভালপোৱাখিনিৰ বাবেই তাই আজিলৈ কোনো কথাত হতাশ হোৱা নাই।আওপকীয়াকৈ ক'লে হতাশ হ'বলৈ দিয়া নাই।কোনো কোনোৱে তাই নিজে সজাই লোৱা পৃথিৱীখনত উমলি থকা দেখিলে বৰ বিশেষ নভৱাকৈ 'narcisist' অভিধা দিয়ে।তাই আলফুলে গ্ৰহণ কৰে।কাৰণ তাই বুজে দেৰিকৈ হ'লেও সকলোৰে এই ভ্ৰম ভাগিব আৰু শেষত প্ৰতিজন মানুহ নিজলৈকে উভতি আহে,আহিব।নিজক ভালপাবলৈ শিকাৰ দিনটোৰ পৰাই তাই আনক আগতকৈ কিছু বেছিকৈয়ে ভাল পাবলৈ শিকিছে।কৃতজ্ঞতাৰ পাঠ আওৰাইছে।তাইৰ অহা যোৱাৰ বাটত বিষাক্ত কাঁইট সিঁচি ৰখা সেই বিশেষ চকুকেইযুৰিক তাই ক্ষমাৰ দৃষ্টিৰে চাবলৈ শিকিছে।তেওঁলোকৰ বাবে কৃতজ্ঞতাৰ একোটি সঁফুৰা ৰাখিছে।তাইৰ প্ৰতিটো ব্যৰ্থতাক উদযাপন কৰি ভালপোৱা,তাইৰ প্ৰতিটো সপোনক তুচ্ছতাৰে প্ৰতাৰিত কৰা 'তেওঁলোকৰ' বাবে প্ৰাৰ্থনাৰত এখনি হাত আগবঢ়াই দিছে।
ব্যৰ্থতাৰ এন্ধাৰে তাইক ৰঙীন পৃথিৱীৰ সন্ধান কৰি দিলে।আনে ভৱা প্ৰতিটো ব্যৰ্থতা তাইৰ জীৱনৰ বাবে আশীৰ্বাদ কৰি তুলিলে।আজি তাই বৰ কৃতজ্ঞতাৰে ভাৱে-তেওঁলোক আটায়ে মাৰবান্ধি 'তাই' নামৰ ফুল পাহ ছিঙি ভাঙি নষ্ট কৰিবলৈ উঠি পৰি নলগাহেঁতেন 'তাই' নামৰ সত্বাটো আজি ইমান বেছি শক্তিশালী নহ'লহেঁতেন.....।
"তেওঁলোকক" তাই ঘৃণা,সমালোচনা অথবা বিৰক্তিৰ দৃষ্টিৰে নহয় ,বৰ কৃতজ্ঞতাৰে চায়,তেওঁলোকে তাইক আওপকীয়াকৈ গঢ়িলে,এক কথাত জীয়ন দিলে,কিবা এটা কৰিবলৈ সাহস দিলে,জীৱনটোক ভাল পাবলৈ দুগুণে উৎসাহ দিলে।কৃতজ্ঞ🌻।
মৰম আৰু কৃতজ্ঞতাৰে
উজ্জ্বয়িনী🌻
Comments
Post a Comment