কৃতজ্ঞতাৰ ডায়েৰী-২৯
মৌনতাতকৈ শ্ৰেষ্ঠ ভাষাৰ আজিকালি তাই সন্ধান কৰি ফুৰে।বিফল হৈ বাৰে-বাৰে পুনৰ মোৰ ওচৰলৈকে উলটি আহে।তাইৰ সপোন আৰু ভাৱনাৰ আঁচলখন এদিন বহুদূৰলৈ উৰিব।নীলৰঙী আকাশৰ বিশাল মঞ্চত তাই এদিন আকাশৰঙী গীত জুৰিব।সেইদিনা তাইক মই দূৰৰ পৰাই চাই ৰ'ম...ঠিক ৰ' লাগি।সেইদিনাৰ পৰা তাইৰ কাহিনীৰ শ্ৰোতা বাঢ়িব।
তেতিয়ালৈকে তাই মৌন হৈ ৰ'ব লাগিব।সাধনাৰ কষটি
শিলত নিজক আৰু ধৰাল কৰিব লাগিব।প্ৰত্যাশাভৰা সপোনৰ কথাখিনিক তাই মৌনতাৰ প্ৰলেপেৰে ঢাকিব লাগিব।মোৰ আশীৰ্বাদবোৰ তাইৰ জীৱনৰ বাটত সদায় ফুল হৈ ফুলি থাকিব।কথা দিলোঁ-তাইৰ মৌনতাৰ ভাষা এদিন সোণবৰষুণ হৈ সৰিব....পৃথিৱী জীপাল কৰিব...প্ৰেৰণাৰ নতুন সোপান সৃষ্টি কৰিব।
Comments
Post a Comment