উপন্যাস:বিভ্ৰান্ত বাস্তৱ(০১) ৰীতা চৌধুৰী। গ্ৰন্থখনৰ প্রিয় সংলাপ: ভাললগা শব্দৰ সুগন্ধি এবাৰ নাকত লাগিলে আঁতৰ কৰিবলৈ টান।জনপ্ৰিয় সাহিত্যিক ৰীতা চৌধুৰী বাইদেউৰ বিভ্ৰান্ত বাস্তৱ উপন্যাস খনৰ হৃদয় আলোড়িত কৰা বাক্যবোৰ.... ১.সূৰ্যৰ ওচৰত আঁঠু লোৱাই ৰাতিৰ জোনৰ কাম। ২.অপযশৰ দাগ লগা ছোৱালীৰ সমাজত কোনো দাম নাথাকে।মোৰ চকুত চকু পৰা প্ৰতিজন মানুহৰে চকুৰ চাৱনিয়ে এই কথা কৈছিল।কিন্তু মই ভাবিছিলোঁ-তোমালোকে যাক দাম বুলি কোৱা,মোৰ কাৰণে সেইয়া হেলাৰঙে দলিয়াই দিব পৰা,হাঁহি উঠা তুচ্ছতা...। ৩.কৰবাত সকলো মানুহ নিসংগ আৰু নিৰূপায়।কিছুমানে নিঃসংগতা আৰু নিৰূপায়তা আছে বুলি স্বীকাৰ কৰে আৰু কিছুমানে নকৰে,ইমানেই পার্থক্য। ৪.এই পৃথিৱীত সভ্যতাৰ আদিৰ পৰা আজিলৈ হাজাৰ মানুহে হাজাৰ বাস্তৱ,হাজাৰ সত্য নিজৰ সৈতে মৃত্যুলৈ লৈ গৈছে।মৃত্যুৰ সময়ত যি দুটোপাল চকুপানী নিগৰি ওলাই,সেইবোৰেই হয়তো সেই নিজৰ লগত লৈ যাব লগীয়া নোকোৱা কথাবোৰ বা অভিমানবোৰ,যিবোৰ নিজৰ ভিতৰত জন্ম হৈ অকলেই ৰৈ যায়। ৫.সকলো মানুহে নিজৰ ভিতৰত কঢ়িয়াই ফুৰে বাস্তৱৰ আঁৰৰ বাস্তৱ।যি কেতিয়াও কাকো দেখুৱা নাযায়,কেতিয়াও কাকো কোৱা নাযায়।নিজৰ ভিতৰ...
Comments
Post a Comment