তাইৰ কথা-

 


সৰু-সৰু কথাবোৰতেই তাই জীৱনৰ মাণিক বিচাৰি পায়।এই ধৰি লোৱা,পুৱাৰ প্ৰথম পোহৰ,ফুলৰ সুষমা,সন্ধিয়াৰ হেঙুলী ৰহণ,বিজুলীৰ চিকমিক হাঁহি অথবা বাৰিষা বগা ডাৱৰৰ শাৰী...।নিৰিবিলি জোনাক গলা প্ৰতিটো সন্ধিয়াৰ মিঠা সুবাস মেৰিয়াই,তৰাবছা ৰাতিৰ আকাশ চাই,জোনৰ সৈতে কিছু কথা ভগাই লৈ অথবা মিহিকৈ বাজি থকা এটা ধুনীয়া সুৰৰ আঁচল ধৰি তাই বহু দূৰলৈ উৰি গুচি যায়।তাইৰ পৃথিৱী স্বাধীন...স্বাধীন পৃথিৱীৰ তাই স্বাধীন সত্বা।গান গোৱা এজনী চৰাই হৈ তাই নিজৰ আকাশলৈ মন গলেই উৰি গুচি যায়।দূৰ আকাশৰ ৰূপালী জোন চাই তাই নিজৰে মাজতে মৰমী সৰগ ৰচে।অস্তবেলিৰ সেন্দুৰীয়া ৰঙত তাই বাৰে-বাৰে ডুব যাব খোজে।

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)