কৃতজ্ঞতাৰ ডায়েৰী-৩১


Photo credit=Photo_Store

"Accept — then act. Whatever the present moment contains, accept it as if you had chosen it. Always work with it, not against it. Make it your friend and ally, not your enemy. This will miraculously transform your whole life."

-The Power of Now

এটা সুন্দৰ ভৱিষ্যতৰ প্ৰচ্ছন্ন সম্ভাৱনাৰ জেউতি বর্তমানতেই নিহিত হৈ থাকে।সময়ে যেনে ধৰণৰ পৰিস্থিতিয়েই আমাৰ সন্মুখত তুলি নধৰে কিয়,আমি পানীৰ দৰে সেই পৰিৱেশৰ সৈতে মিলি যাব লাগিব।'বৰ্তমান'-আমাৰ শত্ৰু নহয়,এই বৰ্তমানেই আমাৰ প্ৰিয়তম বন্ধু।যিয়ে আমাক গঢ়ে,বৰ্ণময় জীৱনৰ বাট মোকোলাই দিয়ে।সমৃদ্ধিৰ উচ্চ শিখৰত উঠি পোহৰ বিলোৱাৰ যাত্ৰা এই বৰ্তমানৰ পৰাই আৰম্ভ হয়।অদমনীয় আত্মপ্ৰত্যয়ৰে, যিসকলে নিজৰ বর্তমানটো ধুনীয়া আৰু উদযাপন কৰাৰ কলা শিকি লয়,তেওঁলোকেই নিজকে সোণ হৈ জিলিকাবলৈ সক্ষম হয়।

আমি আমাৰ জীৱনটো এটা সুৰীয়া গান কৰি তোলো আহক।নিজৰ জীৱন খান্দি নিজক নিজৰেই সন্মুখতেই তুলি ধৰোঁ আহক।গৰিমামণ্ডিত এটি জীৱনৰ সাধনা কৰোঁ আহক।তাতোতকৈ ডাঙৰ কথা-মানুহ হোৱাৰ সাধনা কৰোঁ আহক।

ঠিক আজিৰ পৰাই

আজিৰ পৰাই

আজিৰ পৰাই....।

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)