কৃতজ্ঞতাৰ ডায়েৰী-৩২
Photo credit=Photo_Store
"দুপৰীয়াৰ ৰণাংগণত
সোঁহাতখন মৰুত ৰুইছোঁ।
এদিন ইয়াত এখন অৰণ্য হ'ব।"
-সংগ্ৰহ
বতাহ-বৰষুণেও ৰোধিব নোৱাৰা বিমুক্ত খোজবোৰত সপোনৰ তৰাফুল ফুলে আৰু ফুলি উঠে আশাৰ খৰিকাজাই।প্ৰতিটো খোজৰ শেষত এজাক
মিঠা ৰ'দে তেওঁলোকলৈ অপেক্ষা কৰে।দুভৰিত উৎসাহৰ নূপুৰ ঝংকাৰিত হৈ উঠে।হৃদয়ত এটা মিঠা সুৰে তোলপাৰ কৰে...।ৰ'দজাক ঘন হৈ আহে।ক্লান্তিৰ কুঁৱলীয়ে ক্ৰমশঃ বাট এৰি দিয়ে...।এই দিনটো পাবলৈ দিয়া খোজবোৰত লাগি থাকে এমুঠি জোনাক
আশাৰ অন্তৰীপ,অথবা হৃদয়ৰ আকুল আহ্বান।অৱশেষত অপেক্ষাৰ ওৰণি গুচাই সেই দিনটো আহে...লগত এসোপামান প্ৰাপ্তিৰ সমাহাৰ লৈ...মেঘাচ্ছন্ন আকাশৰ এমুঠি ৰ'দালি হৈ।
উজ্জ্বয়িনী🌻
Comments
Post a Comment