কৃতজ্ঞতাৰ ডায়েৰী-৩৪


"মোৰ ঘৰৰ ওপৰেৰে আহ-যাহ কৰিছে ডাৱৰ।আজিও বৰষুণ হ'ব।পাৰ ভাঙি সপোন আহি আঁঠুৱনি পানীত খেলিব।"

-হীৰুদা

সপোনৰ সুগন্ধি মানুহৰ হৃদয়ত লাগি থাকে।সপোনৰ নিজা পোহৰ থাকে,এন্ধাৰটো যিয়ে নিজৰ বাট কাটে।সপোন দেখা মানুহবোৰ এই পৃথিৱীত আৰু কিছুপৰ ৰৈ যাওঁক, সপোন দেখা মানুহৰ মনৰ বাগিচাত নানাৰঙী ফুলে জকমকাই উঠক,সেই ফুলৰ মৃগনাভ সৌৰভ সকলোতে বিয়পি পৰক,বৌদ্ধিক উজ্জ্বলতাৰে প্ৰগলভ হৈ পৰক তেওঁলোকৰ সাধনাই টলবল কৰা মুখ...।

কৃতজ্ঞতাৰে 

উজ্জ্বয়িনী🌻

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)