কৃতজ্ঞতাৰ ডায়েৰী-৩৬
বস্তুবাদী পৃথিৱী,মানুহৰ পৰা নিজক আঁতৰাই ৰখা তাইৰ আজি প্ৰায় এবছৰেই হ'ল।এই এবছৰে তাই নিজক যিমান জানিছে, বুজিছে,আৱিষ্কাৰ কৰিছে,এনে লাগে যেন এইদৰে সকলোৰে পৰা নিজক নিলগাই ননা হ'লে তাই বহু কিবা-কিবি হেৰুৱালেহেঁতেন।বহু কিবা-কিবি চমৎকাৰৰ সাক্ষী নহ'লহেঁতেন।তাই 'Miracles' ত বিশ্বাস ৰাখে।তাই উপলব্ধি কৰে,য'ত মানুহৰ নিয়ন্ত্ৰণ শেষ হয়,তাৰ পৰাই বিশ্বৰ মহাজাগতিক শক্তিৰ আৰম্ভণি হয়।নিজকে কিবা এটা শক্তিৰ ওচৰত সমৰ্পণ কৰাত ইমান বেছি যে প্ৰশান্তি থাকে, তাই আগতে কাহানিও অনুভৱ কৰা নাছিলে।সফলতা,বিফলতা,নিৰাশা,হতাশা এই শব্দবোৰ তাইৰ বাবে অচিনাকি হ'বলৈ আৰম্ভ কৰিলে।নিজকে নতুন ৰূপত আৱিষ্কাৰ কৰিলে।এতিয়া তাই মাথোঁ সাধনা কৰি যায়।
সকলোৰে এটা সংযোগ থাকে।নন্দিনীয়ে বিশ্বাস কৰে,খুউব ধুনীয়া এটা স্থান,ধুনীয়া এখিনি মানুহ তাইৰ বাবে অপেক্ষাৰত হৈ আছে,তাইৰ সৰল সান্নিধ্যৰ বাবে প্ৰাৰ্থনা কৰিছে।যাৰ সৈতে তাইৰ জীৱনৰ প্ৰতিটো প্ৰকল্প জড়িত হ'ব,আকাশ চুব খোজা সূৰ্যমুখী যাত্ৰাৰ এটা নতুন আৰম্ভণি হ'ব।
তাই বিচাৰে-তাই সৃষ্টিকৰ্তাৰ এনে এটা মাধ্যম হওঁক, যাৰ দ্বাৰা তাই এই গোটেই জীৱন নিজকে এটা মহান উদ্দেশ্যৰ বাবে উৎসৰ্গিত কৰিব পাৰে,তাৰ বাবে প্ৰয়োজন হোৱা সেই স্পৰ্ধা আৰু বিৰল প্রাজ্ঞতাৰ অধিকাৰিণী হ'ব পাৰে,এই পৃথিৱীলৈ কিবা এক বৰঙণি আগবঢ়াই দিব পাৰে।
(তাই ভাৱিছে-পাৰ কৰি অহা এই সময়খিনি এদিন সোঁৱৰণি হৈ মনৰ মাজত গুমৰি উঠিব,কঢ়িয়াই আনিব সাধনাৰ কষটি শিলত নিজক ধৰাই থকাৰ সময়ৰ সুগন্ধি সুবাস)
মৰম আৰু কৃতজ্ঞতাৰে
উজ্জ্বয়িনী🌻
Comments
Post a Comment