কৃতজ্ঞতাৰ ডায়েৰী-৩৩
"ৰাতিৰ বুকুতেই শুই থাকে প্ৰাণ সূৰ্য্যৰ উত্তাপ"
হীৰুদাৰ কবিতাই ভাগীৰথিক এখন বেলেগ পৃথিৱীলৈ লৈ যায়।য'ত কেৱল শব্দই মেলা পাতে,মৌ-মিঠা গীত জুৰে।দিনটোৰ এখিনি সময় নিৰলে নিজৰ সৈতে কটোৱাটো তাইৰ পুৰণি অভ্যাস।আজিকালি অৱশ্যে ২৪ ঘণ্টাৰ বেছিখিনি সময়েই নিজৰ সৈতে অতিবাহিত কৰে।এই সুযোগক তাই সম্ভাৱনালৈ উন্নীত কৰিব খোজে।ৰূপান্তৰৰ গীত ৰচিব খোজে।কেতিয়াও কাৰো সৈতে নপতা কথাবোৰ তাই আজিকালি নিজৰ সৈতে বেছিকৈয়ে পাতে।বেছিভাগ সপোনৰ কথা,শিপা খামুচি আকাশত উৰিব খোজাৰ তীব্ৰ বাসনা কঢ়িয়াই ফুৰা,জীৱনৰ অর্থ বিচাৰি ফুৰা এগৰাকী তপস্বীনিৰ কথা।সপোন দেখিলে সঁচাকৈয়ে পূৰণ হয়নে?তাই চাব খোজে।চাব খোজে আকাশযোৰা সৎ উদ্দেশ্যবোৰত মানুহে সঁচাই বাস্তৱৰ পৰশ বুলাব পাৰেনে?যদি পূৰণ কৰিব নোৱাৰে,সেই সপোনৰ ভগ্নাৱশেষ ক'ত পৰি ৰয়?কোনে বুটলি থয়???তাই অক্লান্ত সাধনাৰে নিজৰ তীব্ৰ অভিপ্সাক নিজৰেই সন্মুখত তুলি ধৰিব খোজে।তাই মাত্ৰ সপোন দেখে।সপোন দেখা মানুহৰ প্ৰাণৰ বাটচ'ৰা হাজাৰজোপা সুগন্ধিময় ফুলেৰে দোৰোল খাই থাকে।দুচকুত সপোন ওপঙি থকা মানুহবোৰক তাই ধুনীয়া দেখে।নিজৰ লক্ষ্যত অবিচল,স্থিৰ,দৃঢ় মানুহবোৰক ধুনীয়া দেখে।ধুনীয়া দেখে তেওঁলোকক যিয়ে আত্মবিশ্বাসৰ হাঁহি এটি ওঁঠত আলফুলে গুঁজি লয়,গুণগুণাই ৰঙিয়াল এটি গীতৰ কলি...।
তথাপি সবাতোকৈ ধুনীয়া দেখে তেওঁলোকক যিয়ে হাৰি হাৰি যুঁজি যায়,হাৰি হাৰি জিকি যায়।
(এই গীতৰ কথাৰ সৈতে যেন তাই আজন্ম সম্বন্ধ।যেতিয়াই মন যায়,তেতিয়াই তাই উৰা মাৰে এই জীৱন্ত সুৰৰ গীতৰ মাজলৈ।তাই কেৱল মজি থাকে,মজি থাকে-নিজৰ মাজত,সপোনৰ মাজত,প্ৰকৃতিৰ মাজত।)
Song – Xamayar Agragati (সময়ৰ অগ্ৰগতি)
Singer – Bhupen Hazarika
সময়ৰ অগ্ৰগতি
পক্ষীৰাজত উঠি
যাওঁ মই
নতুন দিগন্তলৈ
হাঁহিমুখে
হাঁহিমুখে
জ্যোতিক শিৰত তুলি
আহে দিন
বাজে বীণ
নিৰাশাবিহীন
আহে বীণ
বাজে বীণ
নিৰাশাবিহীন
নাই আক্ষেপ কোনো
পোৱা নোপোৱাৰ
সমূখত পোহৰৰ
জলন্ত জোৱাৰ ৷
সত্যক সাৰথি কৰি
আহে দিন
যায় দিন
বিৰামবিহীন
আহে দিন
যায় দিন
বিৰামবিহীন
উৰন্ত মনে মোৰ
নেমানে হেঙাৰ
হেঙাৰেই কৰে মোক
মিঠা উপকাৰ ৷
সুন্দৰ সূৰ্য্য ধিয়াই
নাচে মন
নাচে প্ৰাণ
আশংকাবিহীন
নাচে মন
নাচে প্ৰাণ
আশংকাবিহীন
জীৱন্ত সুৰে মোৰ
তোলে ঝংকাৰ
গঢ়ি নব উৎস
গীতিকা গোৱাৰ ৷
সময়ৰ অগ্ৰগতি
পক্ষীৰাজত উঠি
যাঁও মই
নতুন দিগন্তলৈ
হাঁহিমূখে
হাঁহিমূখে
Comments
Post a Comment