কৃতজ্ঞতাৰ ডায়েৰী-৩৫
আহিনে ভিৰ কৰা চিনাকি বাটেদি-
আহিনৰ সুবাস আহি নাকত লাগিলে মই বিচাৰি পাওঁ মোৰ এৰি অহা ল'ৰালিক,বিচাৰি পাওঁ এৰি থৈ অহা প্ৰতিটো দিনক,যাত্ৰাৰ কেঁকুৰিত লগ পোৱা বিভিন্নজনক....।শৰতৰ সৌন্দয্যত জীৱনৰ সুষমা বিচাৰি পাওঁ।শৰতৰ মায়ালগা পৰিৱেশত মই যেন বাৰে-বাৰে ডুব যাওঁ।চোতালৰ শেৱালিজোপা তলভৰি সৰিছে,আহিন আহিন গোন্ধ এটাই মোক বাৰুকৈয়ে আৱৰি ধৰিছে।শৰৎ আহিলে মোৰ মনপথাৰত তৰাফুল ফুলে,গেৰধৰা ধানৰ ঠোঁকত লাগি ৰোৱা নিয়ৰৰ টোপালবোৰে আহিনৰ বতৰা আনে।ব'ল ৰংমিলি,আজি নিয়ৰ গৰকি এডৰা জিলমিল ঘাঁহৰ ওপৰেৰে অতীতলৈ যাওঁ।তাত আমাৰ বাবে ৰৈ আছে এটি হালধীয়া আবেলি আৰু বকুলসৰা গধূলি।
-উজ্জ্বয়িনী🌻
Comments
Post a Comment