উপন্যাস:জিগলো
মোৰ মন মগজুত ক্ৰিয়া কৰা এখনি জনপ্ৰিয় গ্ৰন্থ... প্ৰথিতযশা সাহিত্যিক ৰশ্মিৰেখা ভূঞা বাইদেউৰ 'জিগলো'। নামটো শুনিয়েই প্ৰথমে ই অচিনাকি অনুভৱ কৰিছিলোঁ।হাবিয়াস জাগিছিল কিতাপখন পঢ়াৰ।ষাণ্মাসিক পৰীক্ষাৰ মাজতেই পঢ়ি গৈছিলোঁ এটি দুটিকৈ 'জিগলো' নামৰ উপন্যাস খনৰ প্ৰতিটো পৃষ্ঠা।ইমান সাৱলীল প্ৰকাশভংগী।শব্দবোৰ ইমান মসৃণ।আকৌ এবাৰ শব্দৰ প্ৰেমত পৰিবলৈ শিকালে গ্ৰন্থ খনে। উপন্যাস খনৰ বেছি ভাগ বাক্যই মন চুই গল।তাৰে ভাল লগা বাক্য কিছুমান তুলি ধৰাৰ প্ৰয়াস কৰিলোঁ.... 1.যদি সলাব পৰিলোহেঁতেন হে আকাশ মই সলাই দিলোঁহেঁতেন পপীয়া তৰাৰ জীৱন কাহিনী। 2.যত আমি থমকি ৰওঁ তাৰ পৰাই আৰম্ভ হয় এখন নতুন পৃথিৱী। 3.মোৰ বাবে জীৱনটো এটা চিগাৰেট, যিটো চিগাৰেট সময়ৰ হাতত জ্বলে। 4.হৃদয়ে চিনি পাই হৃদয়ৰ সুৰ।দুখন হৃদয়ত বাজি থাকে একেটাই সুৰ।প্ৰেমৰ সুৰ,মৰমৰ সুৰ,বিশ্বাসৰ সুৰ। 5.দুখৰ পাহাৰটোৱে হেঁচা মাৰি ধৰিছে মোৰ উশাহৰ সৰল পথ বুকুখনৰ লাহী সিৰ ডালত যে এতিয়া বিহ মেটেকাৰ নাচোন। 6.সেউজিয়াই জীৱনৰ ৰং নহয়,যেনেদৰে ভাল লগা মানেই প্ৰেম নহয়। 7.আকাশ যত হেজাৰ সপোনে জাকি মাৰি উৰে।যাৰ পৰা পথভ্ৰষ্ট পথিকে সাহস পায়।হেজাৰজন হতাশাগ্ৰস্ত মানুহৰ মন...