Posts

উপন্যাস:জিগলো

Image
  মোৰ মন মগজুত ক্ৰিয়া কৰা এখনি জনপ্ৰিয় গ্ৰন্থ... প্ৰথিতযশা সাহিত্যিক ৰশ্মিৰেখা ভূঞা বাইদেউৰ 'জিগলো'। নামটো শুনিয়েই প্ৰথমে ই অচিনাকি অনুভৱ কৰিছিলোঁ।হাবিয়াস জাগিছিল কিতাপখন পঢ়াৰ।ষাণ্মাসিক পৰীক্ষাৰ মাজতেই পঢ়ি গৈছিলোঁ এটি দুটিকৈ 'জিগলো' নামৰ উপন্যাস খনৰ প্ৰতিটো পৃষ্ঠা।ইমান সাৱলীল প্ৰকাশভংগী।শব্দবোৰ ইমান মসৃণ।আকৌ এবাৰ শব্দৰ প্ৰেমত পৰিবলৈ শিকালে গ্ৰন্থ খনে। উপন্যাস খনৰ বেছি ভাগ বাক্যই মন চুই গল।তাৰে ভাল লগা বাক্য কিছুমান তুলি ধৰাৰ প্ৰয়াস কৰিলোঁ.... 1.যদি সলাব পৰিলোহেঁতেন হে আকাশ মই সলাই দিলোঁহেঁতেন পপীয়া তৰাৰ জীৱন কাহিনী। 2.যত আমি থমকি ৰওঁ তাৰ পৰাই আৰম্ভ হয় এখন নতুন পৃথিৱী। 3.মোৰ বাবে জীৱনটো এটা চিগাৰেট, যিটো চিগাৰেট সময়ৰ হাতত জ্বলে। 4.হৃদয়ে চিনি পাই হৃদয়ৰ সুৰ।দুখন হৃদয়ত বাজি থাকে একেটাই সুৰ।প্ৰেমৰ সুৰ,মৰমৰ সুৰ,বিশ্বাসৰ সুৰ। 5.দুখৰ পাহাৰটোৱে হেঁচা মাৰি ধৰিছে মোৰ উশাহৰ সৰল পথ বুকুখনৰ লাহী সিৰ ডালত যে এতিয়া বিহ মেটেকাৰ নাচোন। 6.সেউজিয়াই জীৱনৰ ৰং নহয়,যেনেদৰে ভাল লগা মানেই প্ৰেম নহয়। 7.আকাশ যত হেজাৰ সপোনে জাকি মাৰি উৰে।যাৰ পৰা পথভ্ৰষ্ট পথিকে সাহস পায়।হেজাৰজন হতাশাগ্ৰস্ত মানুহৰ মন...

গ্ৰন্থ টোকা-বকুল ফুলৰ দৰে

Image
ডঃ মৃণাল কলিতাদেৱৰ 🌼বকুল ফুলৰ দৰে🌼 শীৰ্ষক শিশু উপন্যাস খনি সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে এগছি পোহৰ,অমাৱস্যাৰ গভীৰ নিশাত জ্বলি থকা তৰাটোৰ দৰেই।সৰল আৰু পঠনযোগ্য ভাষিক মাধুৰ্যতাৰে সংপৃক্ত উপন্যাসখনৰ সুগন্ধি আজিও এটি ভাল লগা সুবাসৰ দৰেই মনত ৰৈ গ'ল।জীৱন সংগ্ৰাম,দৰিদ্ৰতা,নিৰ্ভেজাল বন্ধুত্ব,গুৰু শিষ্যৰ সম্বন্ধ,জ্ঞানৰ অন্বেষণ,প্ৰকৃত শিক্ষাৰ এখনি ছবি পাঠকৰ সন্মুখত প্ৰকাশভংগীৰ অভিনৱত্বৰে ব্যতিক্ৰমী ৰূপত লেখকে উপস্থাপন কৰিছে৷অসীম,নিৰ্মল,অনুভৱ,মহেন্দ্ৰ মাষ্টৰ,অসীমৰ মাক-দেউতাক,জিলমিল,আজলী,সীমান্ত প্ৰতিটো চৰিত্ৰই হৃদয়ৰ ফেৰেঙণিত সুকীয়া স্থান দখল কৰিছে৷নিৰ্মলৰ দৰে বন্ধু আৰু অনুভৱ মাষ্টৰৰ দৰে এগৰাকী শিক্ষক আজিৰ সময়ত অতিকৈ বিৰল।অসীম আকাশৰ মুক্ত বুকুত হাজাৰ হাজাৰ শান্তিৰ কপৌ উৰুৱাবলৈ নিৰ্মলৰ দৰে এজন বন্ধুৰ সংগই যথেষ্ট।অনুভৱ মাষ্টৰৰ দৰে এগৰাকী শিক্ষকৰ ছত্ৰছাঁয়াতেই প্ৰখৰ মানৱতাবোধ বিজড়িত এচাম নতুন দিনৰ স্বপ্নসন্ধানী লৰিয়লি চৰাইৰ জন্ম হ'ব, যি এখন সমাজৰ বাবে হৈ উঠিব নতুন দিনৰ ৰেঙণি।শিক্ষানুষ্ঠান সমূহ হৈ উঠিব প্ৰজ্ঞাৰ সাধনাৰ সুবিমল মন্দিৰ,য'ত ছাত্ৰসমাজৰ ময়ূৰপঙ্খী সপোনবোৰত বাস্তৱৰ পৰশ পৰিব।উপন্যাসখনৰ প...

গ্ৰন্থ টোকা-মায়াবৃত্ত

Image
শব্দস্নাতা এজাক বৰষুণৰ নাম-ডঃ ৰীতা চৌধুৰী অসমীয়া সাহিত্য জগতৰ বৰঘৰ মুখৰ কৰি ৰখা এক সমুজ্জল ব্যক্তিত্বৰ নাম ডঃ ৰীতা চৌধুৰী।তেখেতৰ দ্বাৰা ৰচিত 'মায়াবৃত্ত' জীৱন উন্মুখতাৰে পৰিপূৰ্ণ এখন জনপ্ৰিয় উপন্যাস।উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে পুতি অৰ্থাৎ নীৰা।পিতৃ-মাতৃৰ পুত্ৰ সন্তান লাভৰ দুৰ্বাৰ আকাংক্ষাক নেওচি পুতি জন্ম হৈছিল এগৰাকী কন্যা সন্তানৰ ৰূপত।সেই নিষ্পাপ,সৰলমনা, আলফুলীয়া কণমানি জনীৰ তথাকথিত বাহ্যিক সৌন্দর্য নথকাৰ হেতু স্বয়ং নিজ পিতৃ মাতৃৰ পৰাই চৰম অৱহেলিত হৈছিল।বন্ধুবোৰ ঘাঁ শুকুৱা একো একোটা মলমৰ দৰেই।বহুসময়ত বন্ধুত্ব হৈ পৰে জী উঠাৰ সহজ আকুলতা।জীৱন অৰ্থহীন যেন লগাৰ সময়তেই পুতিৰ বাবে এখনি আশ্বাসৰ হাত হৈ পৰিছিল সুবৰ্ণ নামৰ সেই বিশেষ চৰিত্ৰটি।একান্ত মৰম,বিশ্বাস আৰু আত্মীয়তাবোধেৰে সুবৰ্ণই পুতিক আৱৰি ৰাখিছিল।সেই শৈশৱৰ পুতিয়েই কৈশোৰত হৈ উঠিছিল নীৰা।প্ৰতিষ্ঠিত হৈছিল এগৰাকী লেখিকা হিচাপে।কিন্তু সেই নীৰাই শৈশৱৰ সেই পুতিৰ অস্তিত্বক অহৰ্নিশে নিজৰ মাজত কঢ়িয়াই ফুৰিছিল।স্বামী ব্ৰজেন আৰু নীৰাৰ পৃথিৱীখন আছিল সম্পূৰ্ণ পৃথক অথচ জিৰিমা আৰু ৰোহিৰ মৰমত নীৰা ব্ৰজেনৰ পৰা আঁতৰি আহিবলৈ অক্ষম হৈছিল।জীৱন বা...

গ্ৰন্থ টোকা-ৰূপতীৰ্থৰ যাত্ৰী

Image
প্ৰতিভা যদি বিৰল হয়,ব্যক্তিত্ব যদি সৰল হয় তেনে ব্যক্তিয়ে পলকতে জয় কৰিব পাৰে সহস্ৰজনৰ মন।এনে এগৰাকী ব্যক্তি আছিল নিজস্ব সৃজনীশীলতাৰে অসমীয়া সাহিত্য জগতৰ শোভাবৰ্ধন কৰা বৰেণ্য লেখক চৈয়দ আব্দুল মালিক।অসমীয়া সাহিত্য-শিল্প জগতৰ আন এগৰাকী কাণ্ডাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক প্ৰধান আলম হিচাপে লৈ লেখকে অনুপম শব্দমালাৰে ৰূপতীৰ্থৰ যাত্ৰী শীৰ্ষক উপন্যাস খন ৰচনা কৰে।উপন্যাসখনত প্ৰধানতঃ তিনিটা খণ্ড ক্ৰমে 'যাত্ৰী','পথ' আৰু 'তীৰ্থ' উপলব্ধ হয়।ৰূপতীৰ্থৰ যাত্ৰীয়ে অসমীয়া সাহিত্য জগতত জীৱনীমূলক উপন্যাসৰ এক নতুন ধাৰাৰ সূচনা কৰিলে।প্ৰথম খণ্ড যাত্ৰীত আগৰৱালা দেৱৰ সোণসেৰীয়া জীৱনৰ প্ৰথম কুৰিটা বৰ্ষ উল্লেখ কৰা হৈছে।য'ত উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ জ্যোতিৰ্ময় বিদেশত অধ্যয়নৰ বাবে যোৱা,মিৰাণ্ডা নামৰ এগৰাকী ৰাছিয়ান যুৱতীৰ সান্নিধ্য লাভ কৰা,পৰৱৰ্তীসময়ত সাৱিত্ৰীৰ সৈতে বিবাহ তাৰ সমান্তৰালভাৱে অসমৰ চিত্ৰ নাট্য জগতক কিদৰে এক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ আগৰৱালাদেৱে অহোপুৰুষাৰ্থ কৰিছিল তাৰ বিস্তৃত বৰ্ণনা লাভ কৰা যায়।দ্বিতীয় খণ্ড পথত মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা স্বাধীনতা আন্দোলনত এগৰ...

গ্ৰন্থ টোকা-হৃদয় এক বিজ্ঞাপন

Image
উপন্যাসখনিত ঔপন্যাসিক গৰাকীয়ে এক ব্যতিক্ৰমী বিষয়বস্তুক শব্দৰ জালেৰে নিৰহ নিপালীকৈ সজাই তুলিছে।উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ ভাস্বতী ' এডকন ক্ৰিয়েটিভ' নামৰ এক বিজ্ঞাপন কোম্পানীত কৰ্মৰত আছিল।বিজ্ঞাপন কোম্পানীত কাম কৰাৰ সময়ত ভাস্বতীয়ে লগ পাইছিল বিচিত্ৰধৰ্মী বিভিন্ন চৰিত্ৰক।যিসমূহ চৰিত্ৰই ভাস্বতীক লানি নিছিগাকৈ শিকাই গৈছে যান্ত্ৰিক জগতখনৰ চূড়ান্ত অৱক্ষয়ৰ কথা,মুখাৰ আঁৰৰ মুখবোৰৰ কথা।টকা কাগজ হ'ব পাৰে কিন্তু কেনভাছ হ'ব নোৱাৰে।টকা জীৱন হ'ব নোৱাৰে,অথবা জীৱনৰ অৰ্থ।কিন্তু কেৱল টকাৰ বাবেই মানুহে নিজক কিমান তুচ্ছ কৰিব পাৰে,কিদৰে হৃদয়ক,নিজৰ বিবেকক বিক্ৰী কৰিব পাৰে,কিদৰে হৃদয় এখন উকা কাগজ হৈ পৰি ৰয় য'ত যিয়ে যেনেকৈ বিচাৰে ৰং বুলাই যাব পাৰে , কিদৰে মানৱীয় প্ৰমূল্যবোধৰ দৰ দাম,কিনা-বেচা চলে সেইকথা কাহিনীৰ মাজেৰে ঔপন্যাসিকগৰাকীয়ে উপস্থাপন কৰিছে।উপন্যাসখনত নায়িকাৰ ক্ষোভ,যাতনা,মানসিক অন্তৰ্দ্বন্দ আৰু আপোচবিহীন ব্যক্তিত্ব সুন্দৰ ৰূপত পৰিস্ফুট হৈছে।আনহাতে তথা কথিত সমাজব্যৱস্থাই 'বেয়া ছোৱালী'ৰ ফলক পিন্ধোৱা মহুৱা ৰয় নামৰ বিশেষ চৰিত্ৰটিয়ে সকলোৰে মন জয় কৰিছে। সংলাপ: ১.মোক সত্য দিয়া,ব...

গ্ৰন্থটোকা-বৰদোৱানী

Image
 গ্ৰন্থটোকা- বৰদোৱানী নাৰীয়ে সকলো বস্তুৱেই ভগাই ল'ব পাৰে।কিন্তু শিৰত জিলিকি থকা নিজৰ দগমগীয়া সেন্দুৰ কণ।পাৰি জানো আনৰ সৈতে ভাগ বাটোৱাৰা কৰিব।হয়তো কেতিয়াও নোৱাৰি। ধূলিৰে লেটি লোৱা শৈশৱতে নিজৰ প্রিয় কলমটো,নিজৰ প্রিয় পোছাকযোৰ, নিজৰ প্রিয় চাইকেলখন আৰু কিছু ডাঙৰ হৈ অহাৰ লগে লগে নিজৰ প্রিয় মানুহবোৰ আমি ভগাই ল'বলৈ বেয়া পোৱা হওঁ।এক প্ৰচণ্ড অভিমানে ঘেৰি ধৰে নিজৰ সমগ্ৰ সত্বা।মণিকুন্তলা ভট্টাচাৰ্যৰ 'বৰদোৱানী' শীৰ্ষক উপন্যাসত ফুটি উঠিছে এখন গাঁৱলীয়া সমাজব্যৱস্থাৰ সেউজ পৰিৱেশ।য'ত এজোপা বটবৃক্ষ হৈ ৰৈ গৈছে বৰদোৱানী নামৰ সেই কেন্দ্ৰীয় চৰিত্ৰটি।বংশ ৰক্ষা কৰিব নোৱাৰি বৰদোৱানীয়ে নিজৰ সেন্দুৰকণ ৰেণুমাইৰ হাতত অৰ্পণ কৰে।নিজৰ প্রিয় মানুহজনক আনৰ হাতত গতাই ভঙা সপোনৰ বোকোচাত বাস্তৱৰ দুৰন্ত প্ৰত্যাহ্বান লৈ কাৰো সৈতে ভগাই ল'ব নোৱাৰা চকুপানীখিনি নিজক উপহাৰ দি পাৰ কৰে লেখ নোহোৱা কত বিনিদ্ৰ ৰজনী।শেষত নিজৰ প্ৰিয়জন আৰু বুকুৰ আমঠুক হেৰুৱাই দিকভ্ৰান্ত হৈ পৰা ৰেণুমাই আৰু তেওঁলোকৰ দ্বিতীয় সন্তান কান্তাৰ বাবে বৰদোৱানী কিদৰে  প্ৰচণ্ড ধুমুহাত হালি হালিও উঘালি নপৰা গছ হৈ উঠিছিল তাৰ অন্তৰস্পৰ্শী বৰ্ণনাই...

গ্ৰন্থ টোকা:অন্তৰতম

Image
জীৱনমুখীতাৰে জলমলাই থকা গীতালি বৰা বাইদেউৰ প্ৰতিটো লেখনি মোৰ অতিকৈ প্রিয়।তেখেতৰ প্ৰতিখন গ্ৰন্থত উজ্জ্বলি উঠে ইতিবাচক চিন্তাৰ শক্তিশালী পোহৰকণাবোৰ।শেহতীয়াকৈ পঢ়ি শেষ কৰিছিলোঁ 'অন্তৰতম' নামৰ উপন্যাস খনি।যিখন গ্ৰন্থক ঔপন্যাসিক গৰাকীয়ে 'Semi auto biographical novel' আখ্যা দিছে।তেওঁৰ ভাষাত-"অন্তৰতম এখন উপন্যাস নহয়,অন্তৰতম মোৰ বাবে এক মিশ্যন।"বিশেষভাৱে সক্ষম শিশুসকল আৰু তেওঁলোকৰ পৰিয়ালৰ নিজস্ব জগতখনক প্ৰধান কেন্দ্ৰবিন্দু হিচাপে লৈ গ্ৰন্থখনি খুব মন পৰশাকৈ ঔপন্যাসিকগৰাকীয়ে লিখি উলিয়াইছে।এক কথাত ক'বলৈ গলে অন্তৰতমে পাঠকসমাজৰ 'অন্তৰত' ঠাই লৈছে। " সকলো শিশু ভগৱানৰ সন্তান । বিশেষভাৱে সক্ষম শিশুসকল ভগৱানৰ বিশেষভাৱে প্ৰিয় সন্তান । তেওঁ এনে শিশুক সেইবোৰ মানুহৰ জীৱনলৈহে পঠিয়ায়, যি 'বিশেষ' - যি এনে এটি শিশুক মৰম, যত্ন আৰু ভালপোৱাৰে সামৰি ৰাখি ডাঙৰ কৰিব পাৰে । You are a God Chosen Woman." প্ৰিয়া, গাৰ্গী, ঝুম্পা, আদিত্য,সৈকত, নীলম আদি চৰিত্ৰক লৈ উপন্যাসখনৰ কাহিনীয়ে গতি লৈছে।লেখিকাই অন্তৰতম প্ৰতিটো ক্ষোভ,যাতনা,জেদ,ভালপোৱা,প্ৰাৰ্থনা, হুমুনিয়াহ প্ৰকাশ...