গ্ৰন্থ টোকা:অন্তৰতম
জীৱনমুখীতাৰে জলমলাই থকা গীতালি বৰা বাইদেউৰ প্ৰতিটো লেখনি মোৰ অতিকৈ প্রিয়।তেখেতৰ প্ৰতিখন গ্ৰন্থত উজ্জ্বলি উঠে ইতিবাচক চিন্তাৰ শক্তিশালী পোহৰকণাবোৰ।শেহতীয়াকৈ পঢ়ি শেষ কৰিছিলোঁ 'অন্তৰতম' নামৰ উপন্যাস খনি।যিখন গ্ৰন্থক ঔপন্যাসিক গৰাকীয়ে 'Semi auto biographical novel' আখ্যা দিছে।তেওঁৰ ভাষাত-"অন্তৰতম এখন উপন্যাস নহয়,অন্তৰতম মোৰ বাবে এক মিশ্যন।"বিশেষভাৱে সক্ষম শিশুসকল আৰু তেওঁলোকৰ পৰিয়ালৰ নিজস্ব জগতখনক প্ৰধান কেন্দ্ৰবিন্দু হিচাপে লৈ গ্ৰন্থখনি খুব মন পৰশাকৈ ঔপন্যাসিকগৰাকীয়ে লিখি উলিয়াইছে।এক কথাত ক'বলৈ গলে অন্তৰতমে পাঠকসমাজৰ 'অন্তৰত' ঠাই লৈছে।
" সকলো শিশু ভগৱানৰ সন্তান । বিশেষভাৱে সক্ষম শিশুসকল ভগৱানৰ বিশেষভাৱে প্ৰিয় সন্তান । তেওঁ এনে শিশুক সেইবোৰ মানুহৰ জীৱনলৈহে পঠিয়ায়, যি 'বিশেষ' - যি এনে এটি শিশুক মৰম, যত্ন আৰু ভালপোৱাৰে সামৰি ৰাখি ডাঙৰ কৰিব পাৰে । You are a God Chosen Woman."
প্ৰিয়া, গাৰ্গী, ঝুম্পা, আদিত্য,সৈকত, নীলম আদি চৰিত্ৰক লৈ উপন্যাসখনৰ কাহিনীয়ে গতি লৈছে।লেখিকাই অন্তৰতম প্ৰতিটো ক্ষোভ,যাতনা,জেদ,ভালপোৱা,প্ৰাৰ্থনা, হুমুনিয়াহ প্ৰকাশ কৰিছে গ্ৰন্থখনিৰ মাধ্যমেৰে।বিশেষ ভাৱে সক্ষম শিশুসকলক লগত লৈ কিদৰে প্ৰিয়া, গাৰ্গী হঁতে নিজৰ নিজৰ ক্ষেত্ৰখনত জোনাকী বাটৰ সন্ধান কৰিছে তাৰ বৰ্ণনাই সঁচাকৈয়ে মন চুইছে।এনেদৰেই মূল কাহিনীৰ সৈতে বিভিন্ন উপকাহিনীয়ে উপন্যাসখনক অনন্য মাত্ৰা প্ৰদান কৰিছে।জীৱনৰ বিচিত্ৰ সোৱাদৰ অন্বেষণ গ্ৰন্থখনত বিচাৰি পোৱা যায়।জীৱনৰ বাটত প্ৰিয়াই উপলব্ধি কৰিছে যে মানুহৰ মাজতেই ঈশ্বৰে বাস কৰে।শেষত ঔপন্যাসিক গৰাকীয়ে অন্তৰতম সত্যৰ উদ্ঘাটন কৰিছে-"ৱিথ অল ইটছ্ ৱৰিজ, লাইফ ইজ বিউটিফুল ।'...বিপুল যাতনাই মানুহৰ আত্মাক উত্তৰিত কৰে ।... সকলো যাতনা আৰু শংকাৰ মাজতো জীৱন অনন্য । পৃথিৱী ধুনীয়া ।"
সংলাপ:
1."অন্তৰতম কথাবোৰ কোৱাটো সহজ নহয় । অন্তৰতম যাতনা, ক্ষোভ, ভালপোৱা, জেদ; অন্তৰতম প্ৰাৰ্থনা আৰু হুমুনিয়াহ প্ৰকাশ কৰাটো সহজ নহয় ।"
2."মৰম আৰু যত্নৰ মাজত বাঢ়ি অহা এটা জীৱন যেতিয়া পৃথিৱীৰ এক কঠিনতম সত্যৰ সন্মুখীন হয় -- সন্মুখত আন্ধাৰৰ বাদে একোৱে নাথাকে, আন্ধাৰৰ শিল কাটি কাটি পোহৰৰ বাট উলিয়াই খোজ দিয়াটো সহজ নহয় । কিন্তু যদিহে সেই কঠিনতম সত্যই পোহৰৰ শিখা হৈ উঠে, অথবা জোনাকী পৰুৱা ?"
3."জীৱন আমৃত্যু এক সংগ্ৰামৰে নাম । যাৰ শক্তি থাকে তেওঁকে অদৃষ্টই নিৰন্তৰ যুঁজিবলৈ আৰু জয়ী হ'বলৈ দিয়ে ।
আশাবোৰ ইমান ধুনীয়া ।
ইমান কোমল ।
পখিলাৰ দৰে ।
ফুলৰ দৰে ।
ৰঙা-জিঞা অথবা শিমলু তুলাৰ দৰে ।"
পাপৰি বৰা
ধুনীয়া তোমাৰ শব্দৰাজি
ReplyDelete