ব'ৰাগী নদীৰ ঘাট
ব'ৰাগী নদীৰ ঘাট
অনুৰাধা শৰ্মা পূজাৰী
নিজে এখন দোকান দি আত্মনিৰ্ভৰশীল হোৱা, মাক কনকা আৰু বিধবা ভনী মাকনৰ দায়িত্ব সুচাৰুভাৱে পালন কৰা তাৰ সমান্তৰালভাৱে চুবুৰীটোৰ প্ৰতি থকা সকলো দায়িত্ব নিষ্ঠা আৰু সততাৰ সৈতে সম্পাদন কৰি যোৱা ধৰণী দলে নামৰ চৰিত্ৰটি উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ।ধৰণী, নয়নতৰা,মিছেছ খান্না,মহেশ দাস, বসন্ত, নকুল,চিত্ৰা, ছিম্পল,গৰ্ডন চাহাব, জগত সিঙ,ধনঞ্জয়,চন্দ্ৰ,দিপু, শৈবাল,বাহাদুৰ, ফুলমনি,নন্দ, মহচিন ইত্যাদি বিভিন্ন চৰিত্ৰৰ সমাৱেশে উপন্যাসখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।চিৰজীৱন ব'ৰাগী হৈ থকাৰ পণ লোৱা ধৰণীয়ে শেষত মিছেছ খান্নাক বিয়া পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও এই বিয়াখন বাস্তৱত হৈ উঠা নাছিল।প্ৰেম-বিষাদ,হাঁহি-অশ্ৰুৰে ভৰা নয়নতৰাৰ জীৱন ৰণাংগন, মিচেছ জে খান্না আৰু ধৰণীৰ সম্পৰ্কই উপন্যাসখনৰ জনপ্ৰিয়তাত সেউজী ৰহণ সানিছে।
প্রিয় সংলাপ:
☘️"নদীক কোনেও বাধা দিব নোৱাৰে , নদী ব'ৰাগী।"
☘️"নদীয়ে যদি ঘাট ভাল পাই ৰৈ যায় , তেন্তে নদীৰ ধৰ্মই সলনি হৈ যাব।"
☘️"নদীৰ ঠিকনা নাথাকে।"
☘️ বিশ্বাস শব্দটোৱেই বৰ বিশ্বাসঘাটক।
☘️"কিছুমান কথা সংক্ষেপেই সাগৰ।"
☘️ "আপোন শব্দটো নজনাৰ বাবেই আমি বাৰে বাৰে দুখ পাওঁ।"
☘️"ভাল পোৱা জীয়াই ৰাখিবলৈ কাষ চপাই আনিব নালাগে। ভাল পোৱা বস্তু স্বাধীন ভাৱে থাকিবলৈ দিব লাগে। শান্তি আৰু সুখ বিচনালৈ নানিলেও হয়, মনত থাকিলেই হ'ল।"
☘️''ফল নিদিয়া গছে ছাঁ দিয়ে ,বাটৰুৱাৰ ভাগৰ খেদায় , সেই গছৰ ডালত চৰায়ে বাহ সাজে , পোৱালি জগাই । চৰাইৰ বিষ্ঠাৰে গছজোপা লেতেৰা হয় , সেইবুলি গছে জানো চৰাই খেদে ? প্ৰকৃতিয়ে অপ্ৰয়োজনত একো সৃষ্টি নকৰে ।''
☘️"দুৰ্বল মানুহক হে দল বা স্তাৱকৰ দৰকাৰ হয়। নিজ চিত্ত, বিচাৰ - বুদ্ধিত যাৰ ভৰসা বেছি, তেওঁ অকলশৰে থাকে।"
☘️"সৌন্দৰ্য দেখিবলৈ প্ৰথমে তুমি ভাল পোৱা শিকিব লাগিব। ভাল পোৱাৰ চকু সদায় সুন্দৰ।"
☘️"দয়াতকৈ বিশ্বাসৰ মূল্য বহুত বেছি।"
☘️"স্থায়ী শব্দটোৱেই অস্থায়ী।"
☘️"শিক্ষাইহে মনুষ্যতত্বৰ সংস্কাৰ সাধন কৰে।"
"এগৰাকী নাৰীয়ে পুৰুষক এক মুহুৰ্তৰ বাবেও যেতিয়া বিশ্বাস কৰে, সেই ক্ষণটোৱেই পুৰুষত্বৰ গৌৰৱ।"
☘️"সপোনৰ খটখটী বৰ ঠুনুকা, অথচ এই সপোনৰ খটখটীৰে আমি গৈ শিলৰ দৰে ৰাস্তা তৈয়াৰ কৰিব লাগিব।"
☘️"পদুম বোকাত ফুলে, কিন্তু বোকাই পদুমৰ ৰং সলাব নোৱাৰে।"
☘️"পৃথিৱীখনে মানুহৰ সকলো প্ৰয়োজন পূৰাব পাৰে, কিন্তু লোভ - লালসা পূৰণ কৰিব নোৱাৰে।"
☘️If winter comes,can spring be far behind? সদায় শীত নাথাকে, শীত কালৰ পৰা বসন্ত দূৰত নাথাকে। আমি বসন্তৰ প্ৰতিক্ষাত থাকিহে কাম কৰি যোৱা উচিত।
Comments
Post a Comment