উচ্চাকাংক্ষা-হোমেন বৰগোহাঞি




ইউকেলিপ্টাছৰ দৰে ওখ হোৱাৰ সেউজীয়া সপোন প্ৰায় সকলোৰে থাকে।কিন্তু সেই অভিপ্সা বহুজনৰ অপূৰ্ণ হৈ ৰয়।সোণালী ৰূপালী মাছবোৰৰ দৰেই আমাৰ মনত অসংখ্য ভাৱনা,অসংখ্য সপোনে খেলা কৰে।সেই সপোন পূৰণ কৰিবলৈ প্ৰয়োজন হয় প্ৰচুৰ একাগ্ৰতা,অধ্যৱসায়,ধৈৰ্য, সাহস আৰু প্ৰচণ্ড বতাহ ধুমুহাতো হালি হালিও উঘালি নপৰা কঁহুৱাৰ দৰে ব্ৰজসম দৃঢ়তা।এই ক্ষেত্ৰত লেখকে টমাছ আলভা এডিছনে বাল্ব নিৰ্মাণৰ কামত এহাজাৰ দুশবাৰ অকৃতকাৰ্য হোৱাৰ পাছতো এদিন সম্ভাৱনাৰ ফিৰিঙতি বোৰ ফুৱাই ফুৱাই কিদৰে কৃতকার্যতাৰ লেলিহান শিখালৈ ৰূপান্তৰিত কৰিছিল সেই কাহিনী সুন্দৰকৈ উপস্থাপন কৰিছে। আমেৰিকাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি জৰ্জ ৱাছিংতনে জীৱনত নিজা ধৰণেৰে উজ্জ্বলি উঠা লোকসকলৰ কথাবাৰ্তা আৰু আচৰণ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি এই কথা প্ৰতীয়মান কৰিছিল যে জীৱনত স্বৰ্ণউজ্জল শিখৰত উপনীত হ'বলৈ হ'লে  এগৰাকী ব্যক্তি বুদ্ধিমান আৰু প্ৰচুৰ অধ্যৱসায়ী হোৱাৰ সমান্তৰালভাৱে সজ চৰিত্ৰ আৰু সজ আচৰণৰ ওপৰতো মনোনিৱেশ কৰিব লাগিব।দয়া,শ্ৰদ্ধা,বিনম্ৰতা,পৰোপকাৰীতা,সততা,সংযমতা,সত্যবাদিতা,সৌন্দৰ্য-প্ৰীতি ইত্যাদি মানৱীয় প্ৰমূল্যবোধৰ  উৎকৰ্ষ সাধন কৰিবলৈ প্ৰতিগৰাকী ব্যক্তিয়ে চেষ্টা কৰিব লাগে। পৃথিৱীখন জয় কৰিবলৈ যোৱাৰ পূৰ্বে নিজকে জয় কৰিব পৰাটো অতিকৈ কঠিন অথচ আটাইতকৈ ভাল লগা।  

এৰিষ্টটলৰ মতে কৃতকাৰ্য হ'বৰ বাবে মানুহে কৰা পৰিশ্ৰমে মানুহৰ জীৱনটোক সুন্দৰ আৰু মহৎ নকৰে । মহৎ কৰে কেৱল আজৰি সময়ত কৰা কামবোৰেহে।জীৱনৰ প্ৰতিটো পল অনুপল খুব ব্যতিক্ৰমী আৰু সৃষ্টিশীল মনোভাৱেৰে পাৰ কৰিব লাগে।প্ৰতিগৰাকী বিদুষী,ব্যতিক্ৰম আৰু বিজয়ী ব্যক্তিৰ মাজত এনেবোৰ বৈশিষ্ট বিদ্যমান।তেওঁলোকৰ উদীপ্ত ব্যক্তিত্ব,কথা-বতৰাৰ মাধ্যমেৰে এই বৈশিষ্ট্য সমূহ প্ৰতিফলিত হয়।লেখকে ৰমণ মহৰ্ষিৰ এটা কাহিনী উল্লেখ কৰিছে । এদিন এগৰাকী মহিলাই ৰমণ মহৰ্ষিৰ ওচৰলৈ আহি ক'লে যে , তেওঁ মহৰ্ষিক ভগৱান বুলি জ্ঞান কৰি তিনিমাহৰ ভিতৰত এক লাখ বেলপাত স্বৰূপে দিম বুলি সংকল্পবদ্ধ হৈছিল। কিন্তু তেওঁ  পঞ্চাশ হাজাৰ বেলপাতহে দিবলৈ সক্ষম হৈছে। বাকিখিনি বেলপাত সংগ্ৰহ কৰিব নোৱাৰি তেও‍ঁ বিব্ৰত হৈ পৰিছে। তেতিয়া মহৰ্ষিয়ে হাঁহি কৈছিল, "তুমি পঞ্চাশ হাজাৰবাৰ বেলপাত মোক দিয়াৰ পৰিৱৰ্তে পঞ্চাশ হাজাৰ বাৰ নিজৰ গাত জোৰেৰে চিকুটিব লাগিব ।"

আমি বহুসময়ত গছ-গছনিৰো যে জীৱ আছে,সজীৱতা আছে,আত্মা আছে বহুসময়ত পাহৰি যাওঁ।গ্ৰন্থখনত লেখকে গুৰু নানকৰ এটি কাহিনী উল্লেখ কৰিছে । এদিন নানকে পুতেকক কৈছিল "আজি গোহালিটো তুমি চাফা কৰিবা, ম‌ই পাহৰিলোঁ ।" পুতেকে গা-পা ধুই প্ৰাৰ্থনা কৰিবলৈ যাবলৈ লোৱাৰ বাবে কৈছিল যে গোহালি চাফা কৰি লেতেৰা কাপোৰেৰে মন্দিৰলৈ যাব নোৱাৰে। নানকে তেওঁৰ শিষ‍্য অংগদক চাফা কৰিবলৈ আদেশ দিলে। অংগদে গুৰু বাক‍্য মানি গোহালিটো চাফা কৰি গা-পা ধুই প্ৰাৰ্থনা গৃহলৈ গ'ল । নানকে মৃত‍্যুৰ পাছত তেওঁৰ উত্তৰাধিকাৰী পুত্ৰক নাপাতি সেই অংগদকে পাতিলে।বিভিন্নজনে এইবিষয়ে প্ৰশ্ন কৰাত উত্তৰত নানকে কৈছিল যে যি মানুহে নিজৰ গোহালিটো চাফা কৰিবলৈ ইচ্ছা নকৰে তেওঁ সমাজখন চাফা কৰিব কেনেকৈ।

      

গ্ৰন্থখন ছাত্র সমাজৰ বাবে যেন সোণালী সপোন পূৰণৰ জোৎস্নাধাৰ। ব্যক্তিগতভাৱে মনৰ মাজত অনেক আশাৰ গজালি মেলাত শৈশৱতে 'উচ্চাকাংক্ষা' শীৰ্ষক গ্ৰন্থখনে যথেষ্ট সহায় কৰিলে।


প্রিয় সংলাপ:

1."পৰিশ্ৰমৰ প্ৰতি গভীৰ আৰু আন্তৰিক অনুৰাগ নাথাকিলে কোনো মানুহেই এই সংসাৰত উন্নতি কৰিব নোৱাৰে ।"

2."যেতিয়াই দুখত বা বিপদত পৰ, তেতিয়া এটা কথা মনত পেলাবি যে দুখ বা বিপদ কেৱল তোলৈকে অহা নাই । তোতকৈ বহুত বেছি দুৰ্ভগীয়া কোটি কোটি মানুহ আছে - যিবোৰে দুখৰ সাগৰত ককবকাই পাৰ পোৱা নাই । সিহঁতৰ দুখৰ লগত নিজৰ দুখ ৰিজাই চালেই তই নিজকে খুব ভাগ্যৱান বুলি ভাবিব পাৰিবি আৰু মনত শান্তি পাবি । কেৱল নিজৰ দুখৰ কথাকে চিন্তা কৰি থকাটো পাপ । লোকৰ দুখ - কষ্ট দেখিও তাক দূৰ কৰিবলৈ চেষ্টা  নকৰাটো আৰু বেছি ডাঙৰ পাপ ।"


3."শিষ্টাচাৰৰ আচল পৰিচয় ফুটি উঠে উচ্চ স্থানত থকা মানুহে তেওঁতকৈ তলৰ স্থানত থকা মানুহৰ প্ৰতি দেখুওৱা আচৰণৰ যোগেদি ।"


4. "গভীৰ জ্ঞানৰ কথা কেৱল মানুহৰ মগজুৰ পৰা নোলায়, হৃদয়ৰ পৰাও জ্ঞানৰ কথা ওলাব পাৰে । হৃদয়ৰ জ্ঞানৰ তুলনাত আন সকলো জ্ঞানকে তুচ্ছ বুলি ভাবিবলৈ নিশিকিলে আমি জীৱনৰ আচল অৰ্থ কেতিয়াও বুজিব নোৱাৰিম ।"


5. "মানুহৰ জীৱনৰ লক্ষ্য যিমানেই ডাঙৰ হয়, সিমানেই কঠোৰ আৰু দীঘলীয়া হয় তেওঁৰ পৰিশ্ৰম । ঘাঁহ যিমান সোনকালে বাঢ়ে সিমান সোনকালে মৰে ।  এজোপা বৰগছ বা আঁহত গছৰ চৰম বৃদ্ধি হ'বলৈ বহুবছৰ লাগে ; কিন্তু সি জীয়াইয়ো থাকে বহুবছৰ ।"


6. "মানুহে যদি কাকো ভাল পাব নোৱাৰে বা কাকো ঘৃণা কৰিব নোৱাৰে, কাকো শ্ৰদ্ধা কৰিব নোৱাৰে বা কাকো নিন্দা কৰিব নোৱাৰে, তেন্তে মানুহৰ হৃদয় বোলা বস্তুটোৰ গঠন আৰু বিকাশ হ'ব নোৱাৰে ।"


7. "প্ৰত্যেক মানুহৰ জীৱনৰ লক্ষ্য হোৱা উচিত এটা নহয় - দুটা । প্ৰথমটো লক্ষ্য হ'ল নিজৰ সহজাত প্ৰতিভা আৰু অভিৰুচিৰ লগত সংগতি ৰাখি এখন কৰ্মক্ষেত্ৰ বাছি লৈ তাত কৃতকাৰ্য হ'বলৈ চেষ্টা কৰা । দ্বিতীয়টো লক্ষ্য হ'ল নিজৰ সুকুমাৰ হৃদয় - বৃত্তি আৰু নৈতিক চৰিত্ৰৰ উৎকৰ্ষ সাধন কৰি জীৱনত সুখ, শান্তি আৰু আনন্দ পাবলৈ চেষ্টা কৰা ।"


8."যি মানুহক এবাৰ কিতাপৰ নিচাই পাইছে তেওঁক আন একো নিচাই টলাব নোৱাৰে ।"


পাপৰি বৰা

ডিব্ৰুগড় বিশ্ববিদ্যালয়।


Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)