গ্ৰন্থটোকা-বৰদোৱানী

 গ্ৰন্থটোকা- বৰদোৱানী




নাৰীয়ে সকলো বস্তুৱেই ভগাই ল'ব পাৰে।কিন্তু শিৰত জিলিকি থকা নিজৰ দগমগীয়া সেন্দুৰ কণ।পাৰি জানো আনৰ সৈতে ভাগ বাটোৱাৰা কৰিব।হয়তো কেতিয়াও নোৱাৰি। ধূলিৰে লেটি লোৱা শৈশৱতে নিজৰ প্রিয় কলমটো,নিজৰ প্রিয় পোছাকযোৰ, নিজৰ প্রিয় চাইকেলখন আৰু কিছু ডাঙৰ হৈ অহাৰ লগে লগে নিজৰ প্রিয় মানুহবোৰ আমি ভগাই ল'বলৈ বেয়া পোৱা হওঁ।এক প্ৰচণ্ড অভিমানে ঘেৰি ধৰে নিজৰ সমগ্ৰ সত্বা।মণিকুন্তলা ভট্টাচাৰ্যৰ 'বৰদোৱানী' শীৰ্ষক উপন্যাসত ফুটি উঠিছে এখন গাঁৱলীয়া সমাজব্যৱস্থাৰ সেউজ পৰিৱেশ।য'ত এজোপা বটবৃক্ষ হৈ ৰৈ গৈছে বৰদোৱানী নামৰ সেই কেন্দ্ৰীয় চৰিত্ৰটি।বংশ ৰক্ষা কৰিব নোৱাৰি বৰদোৱানীয়ে নিজৰ সেন্দুৰকণ ৰেণুমাইৰ হাতত অৰ্পণ কৰে।নিজৰ প্রিয় মানুহজনক আনৰ হাতত গতাই ভঙা সপোনৰ বোকোচাত বাস্তৱৰ দুৰন্ত প্ৰত্যাহ্বান লৈ কাৰো সৈতে ভগাই ল'ব নোৱাৰা চকুপানীখিনি নিজক উপহাৰ দি পাৰ কৰে লেখ নোহোৱা কত বিনিদ্ৰ ৰজনী।শেষত নিজৰ প্ৰিয়জন আৰু বুকুৰ আমঠুক হেৰুৱাই দিকভ্ৰান্ত হৈ পৰা ৰেণুমাই আৰু তেওঁলোকৰ দ্বিতীয় সন্তান কান্তাৰ বাবে বৰদোৱানী কিদৰে  প্ৰচণ্ড ধুমুহাত হালি হালিও উঘালি নপৰা গছ হৈ উঠিছিল তাৰ অন্তৰস্পৰ্শী বৰ্ণনাই পাঠকক ভবাই তুলিছে।পুণ্যধৰ,বৰদোৱানী,ৰেণুমাই,বকুল উপন্যাসখনৰ কেতবোৰ চৰিত্ৰ,যিয়ে উপন্যাসখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে।

প্ৰান্তত ঔপন্যাসিকগৰাকীয়ে লিখিছে-
"সকলো ঘূৰি থাকে।
নিজ নিজ কক্ষপথত সকলো ঘূৰি থাকে।
এই পৃথিৱীৰ মেৰুদণ্ডী হৈ বৰদোৱানী ঘূৰি থাকে। কাৰণ তাই বুজিছে এতিয়া, পৃথিৱীখন তাই ভবাৰ দৰে চেপেটা নহয় ...। কোনো কাৰো বাবে নৰয় ইয়াত। ডিঙিত ফাঁচি লগাই ক'ৰবাত কোনোবা এজন ওলমি কাৰোবালৈ ৰৈ থকাটোতো দূৰৈৰে কথা, নিজৰ ভিতৰৰ মানুহজনীকে এই হেন পৃথিৱীখনে ৰৈ থাকিবলৈ নিদিয়ে, ঘূৰাই ঘূৰাই ঘূৰণীয়াকৈ লৈ গৈ থাকে সময়ে। বহলাই মেলি দিয়া দীঘল দলিচাৰে।"

পাপৰি বৰা
ডিব্ৰুগড় বিশ্ববিদ্যালয়

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)