গ্ৰন্থ টোকা-মায়াবৃত্ত





শব্দস্নাতা এজাক বৰষুণৰ নাম-ডঃ ৰীতা চৌধুৰী অসমীয়া সাহিত্য জগতৰ বৰঘৰ মুখৰ কৰি ৰখা এক সমুজ্জল ব্যক্তিত্বৰ নাম ডঃ ৰীতা চৌধুৰী।তেখেতৰ দ্বাৰা ৰচিত 'মায়াবৃত্ত' জীৱন উন্মুখতাৰে পৰিপূৰ্ণ এখন জনপ্ৰিয় উপন্যাস।উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে পুতি অৰ্থাৎ নীৰা।পিতৃ-মাতৃৰ পুত্ৰ সন্তান লাভৰ দুৰ্বাৰ আকাংক্ষাক নেওচি পুতি জন্ম হৈছিল এগৰাকী কন্যা সন্তানৰ ৰূপত।সেই নিষ্পাপ,সৰলমনা, আলফুলীয়া কণমানি জনীৰ তথাকথিত বাহ্যিক সৌন্দর্য নথকাৰ হেতু স্বয়ং নিজ পিতৃ মাতৃৰ পৰাই চৰম অৱহেলিত হৈছিল।বন্ধুবোৰ ঘাঁ শুকুৱা একো একোটা মলমৰ দৰেই।বহুসময়ত বন্ধুত্ব হৈ পৰে জী উঠাৰ সহজ আকুলতা।জীৱন অৰ্থহীন যেন লগাৰ সময়তেই পুতিৰ বাবে এখনি আশ্বাসৰ হাত হৈ পৰিছিল সুবৰ্ণ নামৰ সেই বিশেষ চৰিত্ৰটি।একান্ত মৰম,বিশ্বাস আৰু আত্মীয়তাবোধেৰে সুবৰ্ণই পুতিক আৱৰি ৰাখিছিল।সেই শৈশৱৰ পুতিয়েই কৈশোৰত হৈ উঠিছিল নীৰা।প্ৰতিষ্ঠিত হৈছিল এগৰাকী লেখিকা হিচাপে।কিন্তু সেই নীৰাই শৈশৱৰ সেই পুতিৰ অস্তিত্বক অহৰ্নিশে নিজৰ মাজত কঢ়িয়াই ফুৰিছিল।স্বামী ব্ৰজেন আৰু নীৰাৰ পৃথিৱীখন আছিল সম্পূৰ্ণ পৃথক অথচ জিৰিমা আৰু ৰোহিৰ মৰমত নীৰা ব্ৰজেনৰ পৰা আঁতৰি আহিবলৈ অক্ষম হৈছিল।জীৱন বাটত পোৱা তীৰ্যক শেল বোৰ নেওচি নীৰা মাথোঁ নিজৰ ব্ৰজসম দৃঢ়তাৰে নিজৰ শৈশৱৰ সপোন পূৰণৰ দিশত অগ্ৰসৰ হৈছিল।যাত্ৰা আৰম্ভ কৰিছিল গোমুখলৈ।গোমুখ যাত্ৰাত লগ পোৱা ৰাজৰ্ষি ,নন্দিনী,সঞ্জু,নিকিতা,অমৃতা, ৰণবীৰ, নিৰঞ্জন চৌধুৰী,পদ্মজা ,ডাক্তৰ গুপ্তা,চেটাৰ্জী সকলোৱেই নীৰাৰ নিচেই নিকটাত্মীয় হৈ পৰিছিল ।ভাগীৰথীৰ বৰ্ণনা , বলি প্ৰথাৰ বিৰোধিতা, পবিত্ৰ গংগা নদীৰ  সৃষ্টিৰ গৌৰৱাম্বিত পৌৰাণিক আখ্যান,  বনাঞ্চল ৰক্ষাত চিপক' আন্দোলন আৰু মহিলা সকলৰ ভূমিকা,নদীবান্ধৰ দুৰ্যোগময় ভৱিষ্যত, খাপ পঞ্চায়তৰ গোড়ামি  আদি  ঘটনা সম্পৰ্কেও ঔপন্যাসিক গৰাকীয়ে সুন্দৰৰূপত উপস্থাপন কৰিছে।


প্রিয় সংলাপ:

    

1."দুখন নৈ যেতিয়া লগ হয়, তাৰ পিচত কোনোবাই যদি কয় পানীখিনি ভাগ কৰো, বেলেগ বেলেগ কৰোঁ,কৰিব জানো পাৰে? আমিও ঠিক তেনেকুৱাই পুতি।"


2."আটাইতকৈ কঠিন বিদ্ৰোহীজনেও ভাবে মোক কোনোবাই বুজক। সকলোৱেই জীৱনৰ কোনোবা নহয় কোনোবা সময়ত ভাবে- মোক কোনেও নুবুজিলে।ক'ৰবাত আমি সকলোৱেই একে নিকিতা ক'ৰবাত আমি সকলোৱেই অকলশৰীয়া।"


3."মানুহ সদায় নাৰিকলৰ দৰে হ'ব লাগে। নাৰিকলৰ ভিতৰৰ পানীখিনিক কাকো চুবলৈ দিব নালাগে। চুবলৈ দিলে নাৰিকলটো ফালি পেলাব লাগিব। ফালি পেলালে সেই নাৰিকলৰ পৰা আৰু কেতিয়াও গছ নগজে।"


4."মৰা মানে মানুহ যে মৰি যায়, জ্বলাই যে দিয়ে, তেনেকুৱা নহয়। আমাক বহুতে বহুত ধৰণে মাৰিব খুজিব পাৰে। কিন্তু আমি জীয়াই থাকিম বুলি ঠিক কৰিব লাগিব। তেতিয়া আমাক কোনেও মাৰিব নোৱাৰে।"


5."ডাঙৰ কথা ভাবিবি। ডাঙৰ কাম কৰিবি। ডাঙৰকৈ জীয়াই থাকিবি। পোক-পৰুৱাৰ দৰে জন্ম হৈ পোক-পৰুৱাৰ দৰে কোটি কোটি মানুহ মৰি যায়। আমি চবেই মৰিম। কিন্তু ভালকৈ জীয়াই থাকি মৰিব লাগে।"


6."নাৰী-পুৰুষৰ ভালপোৱাৰ মাজেৰে, বন্ধুত্বৰ মাজেৰে যি ঘৰ গঢ়ি উঠে তাতকৈ ডাঙৰ স্বৰ্গ আৰু একো নাই। সেই স্বৰ্গ আমি গঢ়িব নাজানো বা আমাক গঢ়িবলৈ বাধা দিয়ে কাৰণেই ঘৰ নামৰ স্বৰ্গ এখন নাই বুলি আমি কোনেও কৈ দিব নোৱাৰো। দিনৰ শেষত উভতি আহিবলৈ যাৰ ঘৰ নাই, মনৰ ভাৰ নমাই থ'বলৈ যাৰ লগৰীয়া নাই, সি বুজে ঘৰ কাক কয়।''


7."তেজীমলাক মাকে ঢেঁকীত খুন্দি মাৰিলে, তেজীমলা লাউগছ হৈ গজিল। লাউগছ কাটি পেলালে জৰাগছ হৈ গজিল। জৰাগছ কাটি পেলালে, পদুম হৈ গজিল, তাৰ পিছত পদুমৰ পৰা আকৌ তেজীমলা হ'ল। তেজীমলাক মাৰিব নোৱাৰিলে কাৰণ তেজীমলাই জীয়াই থাকিব খুজিছিল। জীয়াই থাকিম বুলি ঠিক কৰা মানুহক কোনেও মাৰিব নোৱাৰে।" 


8."ওখ গছে জানো ছাঁ পায়? ডাৱৰৰ বাহিৰে ওখ গছক আৰু কোনেও ছাঁ দিব নোৱাৰে। ওখ গছে জানো ছাঁ দিব নোৱাৰিলে বুলি আন গছক খং কৰে? বেয়া পায়? অভিমান কৰে? তুমিও ওখ গছ পুতি। আনক ছাঁ দিবৰ কাৰণেই তোমাৰ জন্ম।"


9."আৱেগে বিপৰ্যস্ত কৰাৰ পৰত, সমস্যাই দিশহীন কৰি তোলাৰ পৰত, কলম থমকি ৰ'ব খোজাৰ পৰত নীৰাৰ ওচৰলৈ দৌৰি আহে মিনাক্ষীহঁত। তেওঁলোকে নীৰাৰ সবল উপস্থিতিলৈ বিশ্বাস আৰু আস্থাৰে মূৰ তুলি চায়। নীৰাৰ পৰা তুলি ল'ব খোজে যুঁজাৰ শক্তি। সৃষ্টিৰ উদ্যম।"


10."শৰীৰেই সকলো নহয়। সংগী হ'বলৈ আত্মাৰ বন্ধুত্বৰ প্ৰয়োজন। শৰীৰ ক্ষয় হৈ গ'লেও আত্মাৰ বন্ধুত্বৰে প্ৰেম জীয়াই থাকে। মানুহে ভাবে সংসাৰৰ বাবে প্রেমৰ প্ৰয়োজন। মোৰ মতে বন্ধুত্বহে প্ৰাথমিক। প্ৰেম বন্ধুত্বনিৰ্ভৰ। বন্ধুত্বহীন প্ৰেম এটা হৰম'নেল ইল্যুজন মাত্ৰ। এটা শৰীৰনিৰ্ভৰ অনুভৱ। অস্থায়ী। হৰম'নৰ নিঃসৰণৰ লগত জড়িত তাৰ জন্ম-মৃত্যু। আৰু একো নহয়।"


11."শৰীৰৰ মৃত্যু হয়, কিন্তু আত্মা নামৰ সত্তাটোৰ জানো মৃত্যু হ'ব পাৰে? শৰীৰৰ মৃত্যু হোৱাৰ পিচত আকৌ সেই একেই আত্মায়েই এক নতুন ৰূপত ক'ৰবাত এক নতুন জীৱন পায়।"


12."আজিৰ পৰা মই নিজৰ অধিনায়ক। দ্ৰষ্টা। স্ৰষ্টা। বিচাৰক। স্বতন্ত্ৰ। আজিৰ পৰা মই মোৰ ৰথৰ সাৰথি। মই মোৰ প্ৰহৰী। মই মোৰ বন্ধু, নির্দেশক। মই যোদ্ধা।"


13. "প্ৰশংসাৰ ঢৌৰ সন্মুখত ৰৈ থকাটো কঠিন। কিন্তু নীৰাই জানে কিমানখিনিলৈ প্ৰশংসা প্ৰয়োজনীয়। জানে কিমানখিনিৰ পিচত প্ৰশংসাই লেখকক সৰগলৈ তোলে, অহংকাৰত মত্ত কৰে,নতুন জ্ঞানৰ বাট বন্ধ কৰে। জানে কিমানখিনি প্ৰশংসাক ভিতৰলৈ সোমাবলৈ দিলে অসহ্য লাগিবলৈ আৰম্ভ কৰে, ৰুদ্ধ কৰে পৰিশুদ্ধি আৰু উত্তৰণৰ বাট।"


14."নিজৰ কথা নীৰাই কাকো নকয়। অতীতৰ কোনোবা এদিন জাপ খাবলৈ আৰম্ভ কৰা অন্তৰৰ দুৱাৰখন অৱশেষত বন্ধ হৈ গৈছিল।নিজ হাতে গোটাই আনি বন্ধ দুৱাৰখনৰ সিপাৰে দলিয়াই দিছিল জীৱনৰ চৌপাশে সিঁচৰিত হৈ থকা বিষয়বোৰ, স্মৃতিবোৰ।"

     

15.পাঠকৰ হাততেই আছে এজন লেখকৰ মৃত্যু আৰু জীৱনৰ চাবিকাঠী। মহাজীৱনক স্পৰ্শ কৰিবলৈ নীৰাৰ নিৰলস সাধনাক পাঠকেই দিছে ক্লান্তিৰ পৰৰ প্ৰাণশক্তি।"

   

16."বহু বছৰৰ পিচত বিৰতিহীন কামেৰে গঢ়া তীব্ৰ

গতিশীলতাৰ পৰা ওলাই যেন শান্ত নদীৰ তীৰত অকলে বহিছেহি নীৰা। সমুখৰ নদীয়েদি যেন  উটি যাব ধৰিছে এখনৰ পিচত আন এখন স্মৃতি কঢ়িওৱা নাওঁ। চমকি উঠিছে নিগাজী আসনত বহি থকা বিচিত্ৰ মুহূৰ্তবোৰ। ক'ৰবাত যেন লাহে লাহে লেটা এটাৰ মুখ মুকলি হৈছে। ওলাই আহিব খুজিছে ৰঙীণ পাখি জোঁকাৰি উৰি যাব খোজা পখিলা এটা। এঙামুৰি দি উঠি বহিব খুজিছে বেহিচাপী অভিযাত্ৰী এজন।"

     


17."সেই বিপৰীত জলবায়ুত পুতিৰ কাৰণে নাছিল বিকাশৰ বতাহ আৰু উত্তাপ,সেই নিৰ্মম মাটিত নাছিল সুজলা ভূমিৰ সজীৱতা। লহপহাই বাঢ়ি আহিব খুজি লাহে লাহে তাই মৰহি গৈছিল। তাইৰ ক'লা মুকুতাৰ দৰে তিৰবিৰাই থকা,সপোন ওপঙি থকা চকুযোৰ নিষ্প্ৰভ হৈ পৰিল। বন্ধ হৈ পৰিল হাঁহিৰ সঁফুৰাটো। বন্ধ হৈ পৰিল অবিৰত কলকলনি।শৈশৱ নামৰ নিঃসংগতা,প্ৰবল স্নেহহীনতা,এক অভিমান আৰু অপ্ৰকাশৰ যন্ত্ৰণা লগত লৈ পুতি কিশোৰী হ'ল।পুতি নীৰা হ'ল।"

     

18."নীৰাৰ ভিতৰৰ আলোড়ন তীব্ৰতৰ হৈ পৰিছে।

চকুযোৰ বাৰে বাৰে সৰোবৰ হৈ পৰিব খুজিছে।

তাই খুলি দিব খুজিছে অনুভৱৰ উৎসমুখ। গুচি

যাব খুজিছে বেগৱতী নৈৰ সৈতে প্ৰকাশৰ 

সমতললৈ।"

     

19."নীৰাই নিজেই নিজৰ কাৰণে বাছি উলিয়াইছিল এটা জীৱন-দৰ্শন। বুটলি লৈছিল নিজৰ বাবে, নজহা-নপমা এমুঠি মূল্যবোধ।এটা বাট বাছি উলিয়াইছিল কিন্তু আগবঢ়া সহজ নাছিল। সমুখত আছিল আত্মবিশ্বাসহীনতা আৰু নীচাত্মিকাবোধে গঢ়ি তোলা সুউচ্চ দেৱাল। আছিল আনুগত্যত অভ্যস্ত সমাজৰ নিয়মবোৰ, শৃংখলবোৰ।আছিল প্ৰচণ্ড অপমান আৰু তীৰ্যক ব্যংগৰ শেলবোৰ।"


20."পাখি জানো মাত্ৰ চৰাইৰ থাকে?মানুহৰ কিমান বুদ্ধি!পাখি লগা ঘৰ সাজি মানুহে ভিতৰত বহি উৰি যায়।আমি দেখোন মনৰো পাখি গঢ়ি ল'ব পাৰো।যেনি মন যায় তেনি উৰি যাব পাৰোঁ।ব'লা এবাৰ চেষ্টা কৰোঁ পুতি-ব'লা এটা বাট সাজোঁ, কোনেও বন্ধ কৰি দিব নোৱাৰা এটা বাট।"

21."বেছি ভাল লাগিলে চকুপানী ওলায়।চবৰে ওলায়।কিমান ভাল লাগিছে আনক বুজাই ক'ব নাজানি যে।সেই কাৰণেও।"


22.হাৰি যোৱা সহজ,দুখৰ ওচৰত আত্মসমৰ্পণ কৰি জীৱনটো খৰছ কৰি দিয়া সহজ,মৰি যোৱাও সহজ।মৃত্যুতো হাতৰ ওচৰতে আছে।যেতিয়াই মন যায় তেতিয়াই মৰি যাব পাৰি।কিন্তু মৰিম কিয়?এঘড়ী যুঁজত আপত্তি কি?"


23. "সকলো মানুহেই বেলেগ-বেলেগ কষ্ট কঢ়িয়াই লৈ ফুৰে।কষ্টৰ পৰা মুক্ত কোনো নহয়।যি কষ্ট আপুনি পাইছে,আপুনি যি অনুভৱ কৰে,আমি তাৰ সমভাগী হ'ব পাৰো।কিন্তু কষ্টখিনি লৈ আহিব নোৱাৰোঁ।কিন্তু মই জীৱনেৰে বুজিছোঁ,কষ্টক শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰি।কষ্টৰ পৰা অন্য আনন্দলৈ বাট মুকলি কৰিব পাৰি।ইচ্ছা কৰিলেই পাৰি।ইচ্ছা কৰক।"


পাপৰি বৰা

ডিব্ৰুগড় বিশ্ববিদ্যালয়


     



Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)