গ্ৰন্থ টোকা-কাঞ্চন অনুৰাধা শৰ্মা পূজাৰী
আৰ্থিক অভাৱ অনাটনৰ মাজত ডাঙৰ দীঘল হোৱা কাঞ্চন ওৰফে কাঞ্চনবালা দাস উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ।দেউতাকৰ মৃত্যুৰ পাছত কাঞ্চনৰ পৰিয়াললৈ নামি আহিছিল এচমকা কলীয়া ডাৱৰ।যিয়ে তচ নচ কৰি পেলাইছিল চাৰিটাকৈ জীৱন।কিন্তু ঘোৰ আন্ধাৰ ফালি যেন বেলি ওলাবলৈ উকমুকাইছিল। অভাৱ অনাটনে অথাই সাগৰত পেলোৱা কাঞ্চনে বেমাৰী মাকৰ চিকিৎসাৰ বাবে, ভায়েকৰ পঢ়াৰ খৰছ উলিয়াবৰ বাবে, নিজৰ তিনিজনীয়া পৰিয়ালৰ পেটৰ বাবে যিকোনো পৰ্যায় অতিক্ৰম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল।এনেদৰেই আৰম্ভ হৈছিল কাঞ্চনৰ নৰক সদৃশ জীৱনৰ আৰম্ভণি। চাকৰি লাভৰ আশাত প্ৰথমে ননী আৰু তাৰ পাছত বহু কেইগৰাকী উচ্চ পদস্থ বিষয়াৰ লগত কাঞ্চনৰ স্ব-ইচ্ছাই শাৰীৰিক সম্পৰ্ক হৈছিল।কাঞ্চনৰ চাকৰি জীৱন আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত আকাশ জ্যোতি ফুকন নামৰ এজন বিষয়াৰ লগত কাঞ্চন প্ৰেমৰ সম্পৰ্কত বান্ধ খাই পৰিছিল।কাঞ্চনৰ সমাহিত চকুহাল,দীঘল ঢৌ খেলা চুলি আৰু লাস্যময়ী সৌন্দয্যই সকলোকে তাইৰ প্ৰতি আকৃষ্ট কৰিছিল।একমাত্ৰ নিজৰ নিকৃষ্ট স্বাৰ্থ পূৰণ কৰিবলৈ গৈ আকাশ জ্যোতি ফুকনে কাঞ্চনৰ লগত মলিয়ন ধেমালি খেলিছিল।আন বহুজনৰ সৈতে মিলি তাইৰ শৰীৰ আৰু মন দুয়োটাকেই ধৰ্ষণ কৰিছিল।এনে ঘটনাৰ পৰিশেষত কাঞ্চন প'ষ্ট ট্ৰাউমেটিক ষ্ট্ৰেছত আক্ৰান্ত হৈছিল আৰু 'Psychogenic amensia'ৰ ফলত তাই নিজৰ অতীত পাহৰি পেলাইছিল।বদৰ নামৰ এজন সৎ অন্তৰৰ কৰ্মচাৰী যিয়ে কাঞ্চনৰ সৈতে হাঁহি ধেমালি কৰিছিল,গান গাইছিল তেওঁৰ সংগ আৰু অফিচৰ আন আন কৰ্মচাৰীৰ সহযোগত কাঞ্চন পুনৰ সুস্থ হৈ উঠিছিল।
সঁচাই "কাঞ্চনৰ জীৱন কাহিনীৰ শেষ নাই। কাঞ্চন জীয়াই আছে এতিয়াও এটি অফিচত। কাঞ্চনৰ দৰে সৰু বৰ ঘটনাৰে বহু নাৰী জীয়াই আছে চৰকাৰী, বে-চৰকাৰী অফিচত, ৰেষ্টোৰাঁ-হোটেলত, ফুটপাথত। আধুনিক সভ্যতা আৰু আমোলাতন্ত্ৰত নতুন এক সংযোজন কাঞ্চনহঁত। সময়ৰ বুৰঞ্জীয়ে মানুহৰ সৈতে এইদৰে খেলা কৰি যাব নতুন নতুন পোছাকেৰে, বেশ-ভূষাৰে।"
উপন্যাসখনৰ সন্দৰ্ভত বিভিন্নজনে নিজৰ অভিমত ব্যক্ত কৰিছে-
১.প্ৰতিভাশালী লেখিকা শ্ৰী অনুৰাধা শৰ্মা পূজাৰীৰ "কাঞ্চন" এখনি অতি সুখপাঠ্য উপন্যাস।। লেখিকাই সংবেদনশীল ভাষাৰে মানৱীয় প্ৰমূল্যৰ স্খলন আৰু সামাজিক মূল্যবোধৰ অৱক্ষয়ক দাঙি ধৰাৰ লগতে আমাৰ সমাজৰ দুৰ্নীতিগ্ৰস্ত ৰূপটো প্ৰশস্ত দৃষ্টিভংগীৰে কাটি-ছিঙি চাইছে। এগৰাকী নাৰীৰ আত্মিক বেদনাৰ গভীৰ উপলদ্ধিৰে লেখিকাই গভীৰ অন্তৰ্দৃষ্টিৰে চাবলৈ সক্ষম হৈছে।। মানৱীয় চৰিত্ৰৰ গোপন দিশটোক উন্মোচিত কৰাত শ্ৰীশৰ্মা পূজাৰী সফল হৈছে।। "কাঞ্চন" শীৰ্ষক উপন্যাসখনে আধুনিক জীৱন-যন্ত্ৰণাৰ বাৰ্তা দাঙি ধৰিছে।-ৰবীন্দ্ৰ বৰা।
২.'কাঞ্চন' কিতাপখন সুলিখিত আৰু কম বয়সীয়া লেখিকাৰ পৰিপক্ক সৃষ্টি বুলি ক'ব পাৰি। কিন্তু 'কাঞ্চন'ৰ চৰিত্ৰ চিত্ৰণৰ ক্ষেত্ৰত সংহতিৰ অভাৱ প্ৰত্যক্ষ কৰিছোঁ। লেখিকাই কাঞ্চনক ভাল ছোৱালী নে পথভ্ৰষ্টা পতিতা আৰু দুৰ্বল মনৰ ছোৱালী ৰূপে দেখুৱাব খুজিছে -- মোৰ বাবে সেয়া পৰিষ্কাৰ হোৱা নাই। -নিৰুপমা বৰগোহাঞি।
৩.মই ভাবো অনুৰাধাই নাৰীৰ এক জ্বলন্ত সমস্যা এই গ্ৰন্থৰ মাজেৰে একেবাৰে নগ্ন কৰিয়েই আঁকি দেখুৱাইছে। সংবেদনশীল পাঠক আৰু লেখকৰ হৃদয়ৰ যন্ত্রনা যেন এই গ্ৰন্থত এক হৈ পৰিছে। কাঞ্চনক সেয়ে পাঠকে কিতাপ নহয় ৰক্ত-মাংসৰ মানুহ বুলিয়েই ধৰি লৈছে-- এইবাবেই এই গ্ৰন্থই বিপুল জনপ্রিয়তা লাভ কৰিছে। মই আশা কৰো প্ৰত্যেকগৰাকী চিন্তাশীল পাঠকে এই গ্ৰন্থ পঢ়িব আৰু কাঞ্চনৰ মৰ্ম-বেদনা বুজি পাব। -ড৹ মামণি ৰয়ছম গোস্বামী।
প্রিয় সংলাপ:
1) মানুহে কয়, মই নিলাজী । আচলতে সমাজখন আৰু মানুহবোৰক মই ইমান নাঙঠভাবে দেখিছোঁ যে মই কোৱা কথাবোৰ সভ্যতাৰ পোছাক পিন্ধা মানুহে শুনিবলৈ বেয়া পায় ।
2) ইমান সুন্দৰ বেলিটো, আৰু সৌ দূৰৈৰ পাহাৰবোৰ,, জানানে নদী মই বৰ ভাল পাওঁ, নদীখন ব্ৰহ্মপুত্ৰই হব লাগিব তেনে কোনো কথা নাই, এটা জুৰি হলেও হব,,, কিন্তু ৰৈ থকা পানী মোৰ ভাল নালাগে,,, ।।
3) পেটৰ ভোক যেতিয়া বাঢ়ি আহে, বুকুত এচপৰা শিলে হেঁচা মাৰি ধৰে। ক্ষোভ , অপমানত মানুহ হৈ জন্মাৰ বাবে ধিক্কাৰ ওপজে।। খাবলৈ পোৱা মানুহবোৰৰ ওপৰত প্ৰচণ্ড খং উঠে, ঈৰ্ষা হয়। বাকী দোকানীয়ে যেতিয়া অৱজ্ঞা কৰে, তিৰস্কাৰ কৰে, তেতিয়া মনে মনে তাক হত্যা কৰিবলৈ মন যায়। তেতিয়া মানুহ হৈ থাকিবলৈ মন নাযায়।
পাপৰি বৰা
ডিব্ৰুগড় বিশ্ববিদ্যালয়
Comments
Post a Comment