উপন্যাস:জিগলো
উপন্যাস খনৰ বেছি ভাগ বাক্যই মন চুই গল।তাৰে ভাল লগা বাক্য কিছুমান তুলি ধৰাৰ প্ৰয়াস কৰিলোঁ....
1.যদি সলাব পৰিলোহেঁতেন হে আকাশ মই সলাই দিলোঁহেঁতেন পপীয়া তৰাৰ জীৱন কাহিনী।
2.যত আমি থমকি ৰওঁ তাৰ পৰাই আৰম্ভ হয় এখন নতুন পৃথিৱী।
3.মোৰ বাবে জীৱনটো এটা চিগাৰেট, যিটো চিগাৰেট সময়ৰ হাতত জ্বলে।
4.হৃদয়ে চিনি পাই হৃদয়ৰ সুৰ।দুখন হৃদয়ত বাজি থাকে একেটাই সুৰ।প্ৰেমৰ সুৰ,মৰমৰ সুৰ,বিশ্বাসৰ সুৰ।
5.দুখৰ পাহাৰটোৱে হেঁচা মাৰি ধৰিছে মোৰ উশাহৰ সৰল পথ বুকুখনৰ লাহী সিৰ ডালত যে এতিয়া বিহ মেটেকাৰ নাচোন।
6.সেউজিয়াই জীৱনৰ ৰং নহয়,যেনেদৰে ভাল লগা মানেই প্ৰেম নহয়।
7.আকাশ যত হেজাৰ সপোনে জাকি মাৰি উৰে।যাৰ পৰা পথভ্ৰষ্ট পথিকে সাহস পায়।হেজাৰজন হতাশাগ্ৰস্ত মানুহৰ মনত আশাৰ জন্ম দিয়া আকাশ।
8.হৃদয়খন তোমাক দিলোঁ।ৰামধেনুৰ ৰঙেৰে তুমি লিখিলা প্ৰেমৰ কবিতা ভালপোৱা, ভালপোৱা।
9.কবিতা লিখাৰ দৰে প্ৰিয়জনৰ ঠিকনা কাগজত লিখিব নোৱাৰি।প্রিয় জনৰ ঠিকনা হৃদয়ত লিখা থাকে আৰু চিতাৰ লেলিহান জুয়ে হৃদয়খন সাৱটি লোৱাৰ সময়তেই সেই ঠিকনা ই বতাহৰ বোকোচাত উঠি আকাশ স্পৰ্শ কৰাৰ দিশে ধাৱমান হয়।
10.সময়ে লিখে জীৱন নামৰ উপন্যাস।অনিশ্চয়তাত ডুবি থাকি খোজ দিওঁ অচিন পথেৰে,সময়ৰ সৈতে।
11.খোজবোৰ আগুৱাই দিলোঁ,সন্মুখত অচিন বাট কোনে জানে যাত্ৰাৰ শেষত মই কি পাওঁ ফুল নে কাঁইট।।
12.কাজল আৰু ৰঙেৰে হেনো ঢাকিব পাৰি দুচকুৰ বিষণ্ণতা, নিজৰ গোপন কাহিনী।মৰহা ওঁঠত ফুলাই জবাফুলীয়া হাঁহি।দুহাতৰ জাপ জাপ কাচৰ চুৰী ৰ শব্দত পাহৰি থাকিব খোজে বুকুৰ আর্তনাদ।পায়েলৰ শব্দৰে মুখৰ কৰিব খোজে হৃদয়ৰ নীৰৱতা।
13.কাষত পোৱাৰ অযুত হেঁপাহৰ পিছতো তুমি মোৰ জীৱনে স্পৰ্শ কৰিব নোৱাৰা এটি পবিত্ৰ প্ৰাৰ্থনা।।
14.কথাৰো ৰং থাকে,সেই ৰঙে আমাৰ জীৱনটো ৰং সনাৰ যোজা কৰে।
15.জীৱন ৰহস্যময়,তাতোতকৈও ৰহস্যময় সেই সময়,যি জীৱনটোকে সলনি কৰি দিয়ে।
16.ভবাটো নাছিলোঁ জীৱন এদিন মইও লিখিম নিজৰ অকথিত কাহিনী।হেঙুলীয়া ৰঙেৰে সজাম চকুলোৰ দিনলিপি।
17.জীৱন ৰহস্যময় তাতোকৈও ৰহস্যময় সেই সময় যি জীৱনটোকে সলনি কৰি দিব পাৰে।
18.হয়,নাৰীয়ে সা-সম্পত্তি, বেংক বেলেঞ্চ, বিলাসী জীৱন বিচাৰে। সেইটোও সঁচা। নিজৰ ভৱিষ্যত সন্দৰ্ভত দূৰদৰ্শী নাৰীয়ে সদায় নিজৰ ভৱিষ্যতটো সুৰক্ষিত হোৱাটো বিচাৰে। সেইটো তেওঁলোকৰ দূৰদৰ্শিতা। কিন্তু সেই সত্যটোতকৈ ডাঙৰ সত্যটো হ'ল, নাৰীয়ে প্ৰেম বিচাৰে।
19.প্ৰেম মানুহৰ জীৱনৰ সঞ্জীৱনী স্বৰূপ। কিন্তু সেই প্ৰেম যেতিয়াই নিচালৈ পৰিৱৰ্তন হয়, তেতিয়াই সি ধ্বংসাত্মক ৰূপ ধাৰণ কৰে। প্ৰেমৰ এই ধ্বংসাত্মক ৰূপটোৰ কাৰণেই বহু যুৱক - যুৱতীয়ে নিজকে ধ্বংসৰ মুখলৈ লৈ যায়।
20.হয়তো মানুহৰ জীৱনটোৱেই তেনেকুৱা। য'ত সকলো শেষ হৈ যায় তাৰ পৰাই আৰম্ভ হয় এক নতুন যাত্ৰাৰ।
21.এন্ধাৰৰ সৈতে মিতিৰালি কৰা বহু বছৰেই হ'ল অথচ আজিও জীৱনে পোহৰৰ সন্ধান কৰে মৃত্যুৰ দুৱাৰডলিত ৰৈ ভৱিষ্যতৰ কাৰণে প্ৰাৰ্থনা কৰে।'
উপন্যাস খন পঢ়ি সঁচাই ভাল লাগিল।
Comments
Post a Comment