গ্ৰন্থ টোকা-হৃদয় এক বিজ্ঞাপন





উপন্যাসখনিত ঔপন্যাসিক গৰাকীয়ে এক ব্যতিক্ৰমী বিষয়বস্তুক শব্দৰ জালেৰে নিৰহ নিপালীকৈ সজাই তুলিছে।উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ ভাস্বতী ' এডকন ক্ৰিয়েটিভ' নামৰ এক বিজ্ঞাপন কোম্পানীত কৰ্মৰত আছিল।বিজ্ঞাপন কোম্পানীত কাম কৰাৰ সময়ত ভাস্বতীয়ে লগ পাইছিল বিচিত্ৰধৰ্মী বিভিন্ন চৰিত্ৰক।যিসমূহ চৰিত্ৰই ভাস্বতীক লানি নিছিগাকৈ শিকাই গৈছে যান্ত্ৰিক জগতখনৰ চূড়ান্ত অৱক্ষয়ৰ কথা,মুখাৰ আঁৰৰ মুখবোৰৰ কথা।টকা কাগজ হ'ব পাৰে কিন্তু কেনভাছ হ'ব নোৱাৰে।টকা জীৱন হ'ব নোৱাৰে,অথবা জীৱনৰ অৰ্থ।কিন্তু কেৱল টকাৰ বাবেই মানুহে নিজক কিমান তুচ্ছ কৰিব পাৰে,কিদৰে হৃদয়ক,নিজৰ বিবেকক বিক্ৰী কৰিব পাৰে,কিদৰে হৃদয় এখন উকা কাগজ হৈ পৰি ৰয় য'ত যিয়ে যেনেকৈ বিচাৰে ৰং বুলাই যাব পাৰে , কিদৰে মানৱীয় প্ৰমূল্যবোধৰ দৰ দাম,কিনা-বেচা চলে সেইকথা কাহিনীৰ মাজেৰে ঔপন্যাসিকগৰাকীয়ে উপস্থাপন কৰিছে।উপন্যাসখনত নায়িকাৰ ক্ষোভ,যাতনা,মানসিক অন্তৰ্দ্বন্দ আৰু আপোচবিহীন ব্যক্তিত্ব সুন্দৰ ৰূপত পৰিস্ফুট হৈছে।আনহাতে তথা কথিত সমাজব্যৱস্থাই 'বেয়া ছোৱালী'ৰ ফলক পিন্ধোৱা মহুৱা ৰয় নামৰ বিশেষ চৰিত্ৰটিয়ে সকলোৰে মন জয় কৰিছে।


সংলাপ:
১.মোক সত্য দিয়া,বঞ্চনা নকৰা সত্য।
২.মৃত্যু সহজ ,সহজ প্ৰেমো।সহজ কাম মোৰ প্ৰিয় নহয়,মোক এটুকুৰা হৃদয় দিয়া ধাৰলৈ হ'লেও,কিস্তি কিস্তিকৈ শোধ কৰিম ঋণ জীৱনেৰে।জীৱন মোৰ বাবে আটাইতকৈ কঠিন,জীয়াই থকাটো তাতকৈও।
৩.সকলো কৰিব পাৰি,হৃদয়ক বিজ্ঞাপন কৰিব নোৱাৰি,পাৰি জানো?
৪.জীৱন মানে এক অন্তহীন সন্ধান,এক বিশৃংখল শব্দৰ অভিধানৰ পৰা তুমি কেৱল বিচাৰিয়ে আছা তোমাৰ ইপ্সিত শব্দটো,তাৰ নামেই জীৱন।
৫.য'ত বিশ্বাসৰ অভাৱ থাকে তাতহে চুক্তি হয়,সাক্ষীৰ দৰকাৰ হয়।
৬."...... শুনা স্বাতী, কামবোৰ বৰ সাৱধানে কৰিবা.... এই জগতখনত জিভাৰে পিছলা কথাতো   লাভ লোকচানৰ অংক  হয়। তুমি এবষ্ট্ৰেক পেইণ্টিং বুজিব পাৰা, এবষ্ট্ৰেক  কবিতা ভাল বুজা---- কিন্তু মানুহৰ এবষ্ট্ৰেক ব্যৱহাৰৰ সৈতে পৰিচিত নহয়...."

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)