নাহৰৰ নিৰিবিলি ছাঁ
নাহৰৰ নিৰিবিলি ছাঁ
অনুৰাধা শৰ্মা পূজাৰী
প্রিয় সংলাপ:
1.শত্ৰুৰ চুমা মোক নালাগে,বন্ধুৰ ভুকু এটাহে বিচাৰোঁ।
2.মোৰ জগতখন ক্ষুদ্ৰ সেইবাবেই মই সন্তুষ্ট।
3.দৰিদ্ৰতা বৰ ভয়ানক বস্তু নন্দিতা।ই নিগনিৰ দৰে,কেতিয়া সংগোপনে বাহলৈ তোমাৰ মূল্যৱান সকলো নি কুটি চাৰ-খাৰ কৰি নিঃস্ব কৰিব গমেই নোপোৱা।
4.কৃত্ৰিমতা থাকিলে সম্পৰ্ক নকল হৈ যায়।
5.যি সম্পৰ্কত হেৰুৱাৰ ভয় নাই,বিচ্ছেদৰ ভয় নাই,সন্দেহৰ স্থান নাই -সেয়াইতো প্ৰেম।
6.অবিশ্বাসী অসৎ স্বাৰ্থপৰ মানুহ পোৱা সহজ,কিন্তু বিশ্বাস আৰু নিঃস্বাৰ্থ মানুহ জীৱনৰ সম্পদ।
7.বুজিছ তই মই আচলতে প্ৰথমে বন্ধু। পাৰ্টি বন্ধুতকৈ ডাঙৰ হ'ব নোৱাৰে ।মই মোৰ আদৰ্শ ৰক্ষা কৰিও তোৰ সৈতে বন্ধুত্ব ৰাখিব পাৰোঁ।
8.মই কেৱল মোক বিশ্বাস কৰোঁ।মই মোৰ দেশ,মোৰ জাতি,নৈ-পাহাৰ,জান-জুৰি,বতাহ পখিলা,আনকি শিয়াল টেঙৰ বুদ্ধিজীৱী,পেট কপটীয়া প্ৰতিবেশী,ঈৰ্ষাকাতৰ বন্ধু,বিশ্বাসঘাটক প্ৰেমিকা,ভোদা-অঁকৰা খেতিয়ক এই সকলোবোৰ একেলগে ভাল পাওঁ।একমাত্ৰ কাৰন এওঁলোক অসমীয়া।এইবোৰ অসমীয়া চৰিত্ৰ বেয়া পালেওঁ ভাল পাওঁ।
9.যোগ্যতা ভিক্ষা কৰিব নোৱাৰো। আমাৰ আত্মসন্মানত লাগে।
10.নিজৰ কামত সৎ হৈ থকাটোও জানো দেশসেৱা নহয়।
11.ৰঙচুৱা বাটেৰে ধূলিত পোত যোৱা পথিক।
12.আচলতে তুমি পৰিষ্কাৰ হ'বলৈ প্ৰথমে তুমি থকা ঘৰটো পৰিষ্কাৰ হ'ব লাগিব।ডাষ্টবিনৰ পোকে চৰাই হৈ আকাশত উৰাৰ স্বপ্ন দেখাৰ জানো কিবা লাভ আছে।
13.পুৰুষৰ চৰিত্ৰ কচুপাতৰ দৰে,সদায় নিকা,ছোৱালীবোৰ যিদিনাৰ পৰাই কচুপাত হ'ব,সেইদিনাৰ পৰাই এইদৰে চৰিত্ৰক লৈ নিন্দা-ভৰ্ৎসনা শুনিব নালাগে।
14.জীৱনটো এডাল এফুটীয়া স্কেল জানো-সৰলৰেখা কেৱল আঁকি যাব পাৰি।
15.হোষ্টেলৰ ৰখীয়া তিৰোতা মানুহবোৰৰ ভিতৰত একোখন মৰুভূমি থাকে।
16.তেজ-মঙহৰ সম্পৰ্ক আপোন নহ'বও পাৰে ।তোমাৰ বাবে যাৰ অন্তৰৰ পৰা আপোনা-আপুনি সোঁত চকুৰে বৈ আহে তেওঁতকৈ পৃথিৱীত কোনো আপোন নাই।
17.বিশ্বাস কৰাজনক ফাকি দিলে বিবেক নামৰ দেহৰ ভিতৰত অদৃশ্য,শুই থকা শিশুটোৱে চিৎকাৰ কৰি উঠে।
18.আনৰ ধৰ্মক শ্ৰদ্ধা কৰিব জনা জনেইতো পৰম ধাৰ্মিক।
19.ইউনিভাৰ্চিটিয়ে কি শিক্ষা দিলে সেয়া ডাঙৰ কথা নহয়,আমি এদিন সকলো একেটা নামৰ তলত একলগ হৈ সপোন ৰচিছিলো,বন্ধুত্ব গঢ়িছিলো,এখন সমাজ পাতিছিলো এয়াহে ডাঙৰ কথা।
20.হৃদয়ত প্ৰশান্তিৰ প্ৰতীক হৈ জীয়াই থাকিব নাহৰ গছবোৰ-নাহৰৰ নিৰিবিলি সন্ধিয়াৰ ছাঁবোৰ।
21.কাৰোবাক লগ পাওঁ,কাৰোবাক কোনো দিনেই লগ পোৱা নাই।হৃদয়ত কিন্তু সদায় এই মুখবোৰৰ সৈতে লাগি ৰ'ল নাহৰ ফুলৰ গোন্ধ আৰু কুঁহিপাতৰ ৰং।
22.আঠত্ৰিশটা বসন্ত পাৰ কৰা ভাস্বতীয়ে জানে, বসন্তৰ বয়স নাই, যি দৰে নাই সোঁৱৰণীৰ বয়স।
23. স্মৃতি এনে এক প্ৰেম, যি বিচ্ছেদ ৰ পিছতো লগ এৰা নিদিয়ে ।
24.জীৱনৰ জাগতিক সত্য উপলব্ধি কৰিবলৈ, প্ৰকৃতিক উপলব্ধি কৰাৰ ক্ষমতা আহৰণ কৰাতো জৰুৰী।
25.আজিৰ পৰা তুমি গালি পাৰিবা, মই শুনিম, তুমি অভিমান কৰিবা মই ভাঙিম, তুমি চিনেমা চাম বুলিলে মই য'ৰে কাম ত'তে পেলাই তোমাক টিকট কৰি দিম, তুমি যদি চাউমিন খাওঁ বুলি কোৱা, মই চাউমিন বেয়া পালেও, তোমাৰ সৈতে খাম ; আনন্দৰে, তুমি যদি কোৱা আজিৰে পৰা মোৰ প্রিয় বাদামৰ সংগ ত্যাগ কৰা, মই তোমাৰ আদেশ মানিম — এটা— এটা নতুন সম্পর্ক । বন্ধুত্বত যি স্বাধীনতা আমি দুয়ো উপভোগ কৰিছিলোঁ, সেয়া তোমাৰ বাবে মই বিসৰ্জন দিম । এতিয়াৰে পৰা তুমি যি ভালপোৱা সেয়াই মোৰো ভালপোৱা, মোৰো ইচ্ছা । — তুমি বুজিছানে ভাস্বতী।
26.আকাশত উৰা চিলাখন দেখাত কিমান স্বাধীন মুক্ত, কিন্তু চিলাখন নিয়ন্ত্ৰণ কৰা সূতাডাল অদৃশ্য - নাহৰৰ নিৰিবিলি ছাঁ।
Comments
Post a Comment