গ্ৰন্থ টোকা-ৰূপতীৰ্থৰ যাত্ৰী

প্ৰতিভা যদি বিৰল হয়,ব্যক্তিত্ব যদি সৰল হয় তেনে ব্যক্তিয়ে পলকতে জয় কৰিব পাৰে সহস্ৰজনৰ মন।এনে এগৰাকী ব্যক্তি আছিল নিজস্ব সৃজনীশীলতাৰে অসমীয়া সাহিত্য জগতৰ শোভাবৰ্ধন কৰা বৰেণ্য লেখক চৈয়দ আব্দুল মালিক।অসমীয়া সাহিত্য-শিল্প জগতৰ আন এগৰাকী কাণ্ডাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক প্ৰধান আলম হিচাপে লৈ লেখকে অনুপম শব্দমালাৰে ৰূপতীৰ্থৰ যাত্ৰী শীৰ্ষক উপন্যাস খন ৰচনা কৰে।উপন্যাসখনত প্ৰধানতঃ তিনিটা খণ্ড ক্ৰমে 'যাত্ৰী','পথ' আৰু 'তীৰ্থ' উপলব্ধ হয়।ৰূপতীৰ্থৰ যাত্ৰীয়ে অসমীয়া সাহিত্য জগতত জীৱনীমূলক উপন্যাসৰ এক নতুন ধাৰাৰ সূচনা কৰিলে।প্ৰথম খণ্ড যাত্ৰীত আগৰৱালা দেৱৰ সোণসেৰীয়া জীৱনৰ প্ৰথম কুৰিটা বৰ্ষ উল্লেখ কৰা হৈছে।য'ত উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ জ্যোতিৰ্ময় বিদেশত অধ্যয়নৰ বাবে যোৱা,মিৰাণ্ডা নামৰ এগৰাকী ৰাছিয়ান যুৱতীৰ সান্নিধ্য লাভ কৰা,পৰৱৰ্তীসময়ত সাৱিত্ৰীৰ সৈতে বিবাহ তাৰ সমান্তৰালভাৱে অসমৰ চিত্ৰ নাট্য জগতক কিদৰে এক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ আগৰৱালাদেৱে অহোপুৰুষাৰ্থ কৰিছিল তাৰ বিস্তৃত বৰ্ণনা লাভ কৰা যায়।দ্বিতীয় খণ্ড পথত মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা স্বাধীনতা আন্দোলনত এগৰাকী মুক্তিযোদ্ধা হিচাপে জ্যোতিৰ্ময়ৰ অংশগ্ৰহণ, হিৰণ্য আৰু ফুলমাই নামৰ অন্য দুটি কাল্পনিক চৰিত্ৰক লেখকে কাহিনীৰ সৈতে সংলগ্ন কৰিছে।তৃতীয় খণ্ডত আগৰৱালাদেৱৰ জীৱনৰ অন্তিম সময়খিনিক অফুৰন্ত সৃষ্টিশীলতাৰে উল্লেখ কৰিছে।




Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)