গ্ৰন্থ টোকা-বকুল ফুলৰ দৰে




ডঃ মৃণাল কলিতাদেৱৰ 🌼বকুল ফুলৰ দৰে🌼 শীৰ্ষক শিশু উপন্যাস খনি সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে এগছি পোহৰ,অমাৱস্যাৰ গভীৰ নিশাত জ্বলি থকা তৰাটোৰ দৰেই।সৰল আৰু পঠনযোগ্য ভাষিক মাধুৰ্যতাৰে সংপৃক্ত উপন্যাসখনৰ সুগন্ধি আজিও এটি ভাল লগা সুবাসৰ দৰেই মনত ৰৈ গ'ল।জীৱন সংগ্ৰাম,দৰিদ্ৰতা,নিৰ্ভেজাল বন্ধুত্ব,গুৰু শিষ্যৰ সম্বন্ধ,জ্ঞানৰ অন্বেষণ,প্ৰকৃত শিক্ষাৰ এখনি ছবি পাঠকৰ সন্মুখত প্ৰকাশভংগীৰ অভিনৱত্বৰে ব্যতিক্ৰমী ৰূপত লেখকে উপস্থাপন কৰিছে৷অসীম,নিৰ্মল,অনুভৱ,মহেন্দ্ৰ মাষ্টৰ,অসীমৰ মাক-দেউতাক,জিলমিল,আজলী,সীমান্ত প্ৰতিটো চৰিত্ৰই হৃদয়ৰ ফেৰেঙণিত সুকীয়া স্থান দখল কৰিছে৷নিৰ্মলৰ দৰে বন্ধু আৰু অনুভৱ মাষ্টৰৰ দৰে এগৰাকী শিক্ষক আজিৰ সময়ত অতিকৈ বিৰল।অসীম আকাশৰ মুক্ত বুকুত হাজাৰ হাজাৰ শান্তিৰ কপৌ উৰুৱাবলৈ নিৰ্মলৰ দৰে এজন বন্ধুৰ সংগই যথেষ্ট।অনুভৱ মাষ্টৰৰ দৰে এগৰাকী শিক্ষকৰ ছত্ৰছাঁয়াতেই প্ৰখৰ মানৱতাবোধ বিজড়িত এচাম নতুন দিনৰ স্বপ্নসন্ধানী লৰিয়লি চৰাইৰ জন্ম হ'ব, যি এখন সমাজৰ বাবে হৈ উঠিব নতুন দিনৰ ৰেঙণি।শিক্ষানুষ্ঠান সমূহ হৈ উঠিব প্ৰজ্ঞাৰ সাধনাৰ সুবিমল মন্দিৰ,য'ত ছাত্ৰসমাজৰ ময়ূৰপঙ্খী সপোনবোৰত বাস্তৱৰ পৰশ পৰিব।উপন্যাসখনৰ প্ৰতিটো শাৰীয়ে অলিন্দ-নিলয় ভেদি অন্তৰাত্মা জুৰায় ঠিক বকুল ফুলৰ দৰে।


🌼প্রিয় সংলাপ🌼


🌼"দুখ, ধুমুহা থাকিব সেইবোৰৰ মাজতে জীৱন; তাৰ মাজতেই জীয়াই থাকিব লাগিব। সেইবোৰৰ অৱসানৰ বাবে অপেক্ষা কৰি থাকিলে জীয়াই থকা আৰু নহ'ব।"🌼

🌼"দুখৰ মাজতে, সমস্যাৰ মাজতে নিজৰ কামবোৰ কৰি যাব লাগিব। দুখ আছে বাবে, সমস্যা আছে বাবে কামবোৰ বেছি ভালকৈহে কৰিবলৈ চেষ্টা কৰি যাব লাগিব। তেতিয়াও হয়তো কেতিয়াবা বিফল হোৱা যাব পাৰে; কিন্তু এই বিফলতাতো গৰিমা আছে। কেতিয়াবা খুব কষ্ট কৰি খেলাৰ পিছতো ফুটবলত হাৰি যোৱা যায়। হাৰিমেই যেতিয়া খেলপথাৰত নামি কি হ'ব বুলি লোৱা পলায়নৰ পথত কোনো গৰিমা নাই।"🌼

🌼"চূড়ান্ত বিপৰ্যয়ৰ মাজতো মানুহে যুঁজাৰ বাবে ৰচদ-পাতি যোগাৰ কৰি থাকিব লাগে। জীৱনটোক সঠিক পথত গতি দিবৰ বাবে নিৰন্তৰ উন্মুখ হৈ থাকিব লাগে।"🌼

🌼"ভৱিষ্যতে তুমি য'তেই নাথাকা, যিয়েই নকৰা- তুমি তোমাৰ ভাগৰ কামবোৰ কিমান সততা আৰু গভীৰতাৰে কৰিবা, সেয়া ঠিক কৰিব তোমাৰ ভিতৰৰ মনটোৱে।"🌼

🌼"তোমাৰ মনটো এখন মোনাৰ দৰে - সেই মোনাখন পেলনীয়া আৱৰ্জনাৰে ভৰ্তি কৰিবানে ধুনীয়া ধুনীয়া সম্পদেৰে ভৰ্তি কৰিবা সেয়া নিৰ্ভৰ কৰিব তোমাৰ ওপৰত।"🌼

🌼"দুখ-সমস্যাৰ মাজত কক্-বকাই তুমি হাৰি দিলে নহ'ব। ফুটবল খেলাত গ'ল খাই হাৰি থকা দলৰ খেলুৱৈৰ দৰে তুমি জিকিবৰ বাবে যুঁজি যাব লাগিব আৰু যুঁজিব লাগিব নিয়মৰ মাজতে। জীৱনৰ এই ফুটবল খেলখনত তুমি নিজেই নিজৰ ৰেফাৰী হ'ব লাগিব।''🌼

🌼"ষ্টিফেন হকিঙৰ কথাতো তুমি জানা! হকিঙক যেতিয়া ডাক্তৰে কৈছিল যে তেওঁ আৰু মাথোঁ কেইবছৰমানহে জীয়াই থাকিব, তেতিয়াই হকিঙৰ বাবে জীৱনটোৰ অৰ্থ শূন্য হৈ যাব লাগিছিল। কিন্তু গৈছিল জানো? স্বয়ং হকিঙেই লিখিছিল যে তেতিয়াৰ পৰাহে তেওঁ জীৱনটোৰ মূল্য বুজি পোৱা হ'ল আৰু জীৱনটো উপভোগ কৰিবলৈ ল'লে।"🌼

🌼" অসীমৰ মনটো দুখেৰে ভৰি পৰিল। সি স্কুলৰ গেটৰ কাষৰ বকুল জোপাৰ তলত বহি আছে অকলে। তাৰ কাষেৰেই  লগৰ ল'ৰা-ছোৱালীবোৰ অহা যোৱা কৰি  আছে, কোনেওঁ তাক মাত লগোৱাৰ প্ৰয়োজন বোধ কৰা নাই। সিওঁ  কাকো মাতিবলৈ  উৎসাহ অনুভব কৰা নাই। অকলে থাকিয়ে তাৰ ভাল লাগে আজিকালি। কোনোবাই তাৰ লগত কথা পাতিব বিচাৰিলে সি বৰ অস্বস্তি অনুভৱ কৰে যেন এডাল কেৰেলুৱা  হে চুই দিলেই কোচঁ খাই পৰি থাকিব নিশ্চল হৈ। "🌼

🌼"আচলতে চৰকাৰে মানুহবোৰক কাম কৰি উপাৰ্জন কৰিব পৰাৰ ব্যৱস্থা কৰি দিব লাগিছিল । তেতিয়া মানুহবোৰৰো লাভ হয়, দেশখনৰো অৰ্থনীতি মজবুত হয় । সেই যে এটা চীনা প্ৰবচন আছে- আপুনি মানুহ এজনক মাছ এটা দিয়ক, তেওঁ এদিন মাছ খাব; মানুহজনক মাছ মাৰিবলৈ শিকাওক, তেওঁ গোটেই জীৱন মাছ মাৰি খাব ।"🌼

🌼"মন এটা আছে যেতিয়া কেতিয়াবাতো বেয়া লাগিবই ! মাত্ৰ দুখবোৰ ভিতৰত সাঁচি থ'ব নালাগে । তোমাৰ মনৰ লগত মিলা, তোমাক বুজি পোৱা, তোমাৰ আবেগ-অনুভূতিক বুজি পোৱা কাৰোবাৰ সৈতে কথাবোৰ পাতিবা ।"🌼

🌼"সকলো গাঁৱত দুটা তিনিটা ভৱন, নামঘৰ, মঠ মন্দিৰ, গীৰ্জা, মছজিদ আদি নিৰ্মাণ থাকে কিন্তু গাওঁখনত বা বৃহত্তৰ অঞ্চলত এটাও লাইব্ৰেৰী থাকেনে ? "🌼

🌼"আমি ধৰ্মৰ নামত যিমান দান বৰঙণি আগবঢ়াও ঠিক সেইধৰণে আন আন ক্ষেত্ৰত গুৰত্ব সহকাৰে দান বৰঙণি আগবঢ়াও নে ? '🌼

🌼"সাংস্কৃতিক ক্ষেত্ৰত আমি কিমান সজাগ ? 

অকল সাংস্কৃতিক সন্ধ্যা পাতি জানোঁ সংস্কৃতি ৰক্ষা হ'বনে ?বছৰি লাখ টকা খৰছ কৰি নানান সাংস্কৃতিক অনুষ্ঠান পৰিবেশন নকৰি এখন লাইব্ৰেৰী স্থাপন কৰিব নোঁৱাৰিনে ? "🌼

🌼“দুখৰ সাগৰত বুৰি যাব খুজিলেও,আন্ধাৰত হেৰাই যাব খুজিলেও কেতিয়াবা বুৰি যাব নোৱাৰি,হেৰাই যাব নোৱাৰি”..🌼

 🌼"হাতুৰি দাঙি একেৰাহে কেইবাঘণ্টাজুৰি শিল ভঙা কামটো সুখৰ মুঠেই নহয়। কেতিয়াবা ভাগৰত সি ফোঁপাই থাকে। কান্ধ বিষাই যায়। গালে-মুখে-চকুৰে শিলৰ গুৰি জোৰেৰে ছিটিকি পৰে। বুকুৰ বিষত ৰাতি তাৰ টোপনি ভালকৈ নাহে। কষ্ট হয়। বৰ কষ্ট হয়..."🌼

          

 🌼" কাইলৈ স্কুলত মই তোৰ বাবে ৰৈ থাকিম। তই যাবি। তোক ক্লাছত নেদেখিলে মোৰ বৰ বেয়া লাগে অ' অসীম। বৰকৈ মনত পৰে তোলৈ।"

অসীমে একো কোৱা নাই।

অসীমে কান্দিছে। নির্মলে দেখা নাপালে। আন্ধাৰ।"🌼

               

🌼 "নিৰ্মল পঢ়াত ভাল। কিন্তু সি কিছুমান ছাত্রৰ দৰে স্বাৰ্থপৰ নহয়। অসীমক অনুভৱে এতিয়াহে সহায় কৰিছে। অনুভৱে স্কুলখনত যোগদান কৰাৰ আগৰ পৰাই নির্মলে অসীমক স্কুললৈ ঘূৰাই আনিবলৈ চেষ্টা কৰি আছিল। ইমান ডাঙৰ অসুখ এটা গাত লৈ নিৰ্মলে যিধৰণে জীৱনটো গ্ৰহণ কৰিছে, তাকে ভাবি অনুভৱ বিস্ময় বিমুগ্ধ হৈ গ'ল। নির্মলে নিজৰ দুৰ্ভাগ্যৰ ওচৰত আত্মসমৰ্পণ কৰা নাই আৰু অসীমকো তাৰ দুৰ্ভাগ্যৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ নিদিয়ে...."।🌼

🌼" অসীমৰ ৰিজাল্টৰ স্ফূৰ্তিত মানুহজনে সোঁহাতেৰে মদৰ বটলটো শূন্যলৈ তুলি ৰৈ গ'ল....মানুহজনে শূন্যত ওলমি থকা বটলটো জোৰেৰে তললৈ নমাই আনি ঘোষণা কৰিলে -

     "আজিৰ পৰা মই মদ এৰিলো।"🌼


🌼''কি কৰিবা !গণিত বেচেৰাটো এনেকোৱাই ।তাক যিমানেই বেয়া পাবা সি সিমানেই ভয়ংকৰ দুৰ্দান্ত অবাধ্য বদমাচ হৈ পৰিব ।আৰু যিমানেই তাক মৰম কৰিবা সি সিমানেই বাধ্য ছাত্ৰৰ দৰে হৈ পৰিব ।''🌼

🌼"তোমাৰ মনটো এখন মোনাৰ দৰে- সেই মোনাখন পেলনীয়া আৱৰ্জনাৰে ভৰ্তি কৰিবানে ধুনীয়া ধুনীয়া সম্পদেৰে ভৰ্তি কৰিবা সেয়া নিৰ্ভৰ কৰিব তোমাৰ ওপৰত । তুমি খেলিবা ,স্ফূৰ্তি কৰিবা বাৰীয়ে বাৰীয়ে গৈ আমো ফৰ্মুটিয়াই ফুৰিবা ; কিন্তু সততে মনত ৰাখিব লাগিব যে তুমি এজন ভাল মানুহ হ'ব লাগিব ,সমাজৰ কামত অহা গুণী মানুহ হ'ব লাগিব ।দুখ-সমস্যাৰ মাজত ককবকাই তুমি হাৰি দিলে নহ'ব ।ফুটবল খেলাত গ'ল খাই হাৰি থকা দলৰ খেলুৱৈৰ দৰে তুমি জিকিবৰ বাবে যুঁ‌জি যাব লাগিব ;আৰু যুঁ‌জিব লাগিব নিয়মৰ মাজতে ।জীৱনৰ এই ফুটবল খেলখনত তুমি নিজেই নিজৰ ৰেফাৰী হ'ব লাগিব।জীয়াই থাকিবলৈ মানুহ খেলুৱৈৰ দৰে হ'ব লাগে ।একে সময়তে শিশুৰ দৰেও হ'ব লাগে।''🌼

🌼" পৃথিৱীখন বহুত ধুনীয়া ছাৰ।আপুনি আছে,অসীম আছে,মোৰ মা দেউতা আছে।মই ৰোৱা বকুল জোপা আছে।বাঢ়ি আহি আহি এসময়ত বকুল জোপাই ডাল পাত মেলি এজোপা ডাঙৰ গছ হৈ পৰিব। তাত ফুল ফুলিব! মোৰ চাবলৈ বৰ মন যায় ছাৰ।"🌼

🌼“ তুমি কি গীত শুনা, কি কিতাপ পঢ়া― সেইবোৰে তুমি ক'ব নোৱাৰাকৈয়ে তোমাৰ ভিতৰৰ মানুহটোক গঢ় দিয়ে ।”🌼

🌼" মই ভাবো আমাৰ শিক্ষা ব্যৱস্থাত সৃষ্টিশীলতাক গুৰুত্ব দিয়া নহয়।ছাত্ৰ ছাত্ৰী ক মৌলিক চিন্তা - চৰ্চাৰ বাবে উৎসাহিত কৰা নহয়। এনে ব্যৱস্থাৰে প্ৰতিপালিত ছাত্ৰৰ মেধাৰ বিকাশ আশানুৰূপ নহয়; বৰং ব্যতিক্ৰমী মেধাও এসময়ত মূজুৰা পৰি আহিবলৈ বাধ্য হয়।সেইবাবেই চাগৈ বিভিন্ন ক্ষেত্ৰত পৃথিৱীৰ আগশাৰীৰ প্রতিভাধৰ ব্যক্তিৰ তালিকাত আমাৰ মানুহৰ নাম পাবলৈ নাই।"🌼

🌼"....অসীমৰ চকু দুটা পানীৰে উপচি পৰিছে। আজি আৰু অসীমে আগৰ দৰে মুখখন লুকুৱাবলৈ আনফালে ঘূৰাই নিদিলে। নিৰ্মলে আচৰিত হৈ অসীমক ক'লে- 'তই কান্দিছ অসীম?'

 'তয়োতো কান্দিছ নিৰ্মল!' - অসীমে নিৰ্মলক ক'লে।"🌼


পাপৰি বৰা

ডিব্ৰুগড় বিশ্ববিদ্যালয়




  

       


      


 













Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)