Posts

উচ্চাকাংক্ষা-হোমেন বৰগোহাঞি

Image
ইউকেলিপ্টাছৰ দৰে ওখ হোৱাৰ সেউজীয়া সপোন প্ৰায় সকলোৰে থাকে।কিন্তু সেই অভিপ্সা বহুজনৰ অপূৰ্ণ হৈ ৰয়।সোণালী ৰূপালী মাছবোৰৰ দৰেই আমাৰ মনত অসংখ্য ভাৱনা,অসংখ্য সপোনে খেলা কৰে।সেই সপোন পূৰণ কৰিবলৈ প্ৰয়োজন হয় প্ৰচুৰ একাগ্ৰতা,অধ্যৱসায়,ধৈৰ্য, সাহস আৰু প্ৰচণ্ড বতাহ ধুমুহাতো হালি হালিও উঘালি নপৰা কঁহুৱাৰ দৰে ব্ৰজসম দৃঢ়তা।এই ক্ষেত্ৰত লেখকে টমাছ আলভা এডিছনে বাল্ব নিৰ্মাণৰ কামত এহাজাৰ দুশবাৰ অকৃতকাৰ্য হোৱাৰ পাছতো এদিন সম্ভাৱনাৰ ফিৰিঙতি বোৰ ফুৱাই ফুৱাই কিদৰে কৃতকার্যতাৰ লেলিহান শিখালৈ ৰূপান্তৰিত কৰিছিল সেই কাহিনী সুন্দৰকৈ উপস্থাপন কৰিছে। আমেৰিকাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি জৰ্জ ৱাছিংতনে জীৱনত নিজা ধৰণেৰে উজ্জ্বলি উঠা লোকসকলৰ কথাবাৰ্তা আৰু আচৰণ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি এই কথা প্ৰতীয়মান কৰিছিল যে জীৱনত স্বৰ্ণউজ্জল শিখৰত উপনীত হ'বলৈ হ'লে  এগৰাকী ব্যক্তি বুদ্ধিমান আৰু প্ৰচুৰ অধ্যৱসায়ী হোৱাৰ সমান্তৰালভাৱে সজ চৰিত্ৰ আৰু সজ আচৰণৰ ওপৰতো মনোনিৱেশ কৰিব লাগিব।দয়া,শ্ৰদ্ধা,বিনম্ৰতা,পৰোপকাৰীতা,সততা,সংযমতা,সত্যবাদিতা,সৌন্দৰ্য-প্ৰীতি ইত্যাদি মানৱীয় প্ৰমূল্যবোধৰ  উৎকৰ্ষ সাধন কৰিবলৈ প্ৰতিগৰাকী ব্যক্তিয়ে চেষ্টা কৰিব...

ব'ৰাগী নদীৰ ঘাট

Image
 ব'ৰাগী নদীৰ ঘাট অনুৰাধা শৰ্মা পূজাৰী নিজে এখন দোকান দি আত্মনিৰ্ভৰশীল হোৱা, মাক কনকা আৰু বিধবা ভনী মাকনৰ দায়িত্ব সুচাৰুভাৱে পালন কৰা তাৰ সমান্তৰালভাৱে চুবুৰীটোৰ প্ৰতি থকা সকলো দায়িত্ব নিষ্ঠা আৰু সততাৰ সৈতে সম্পাদন কৰি যোৱা ধৰণী দলে নামৰ চৰিত্ৰটি উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ।ধৰণী, নয়নতৰা,মিছেছ খান্না,মহেশ দাস, বসন্ত, নকুল,চিত্ৰা, ছিম্পল,গৰ্ডন চাহাব, জগত সিঙ,ধনঞ্জয়,চন্দ্ৰ,দিপু, শৈবাল,বাহাদুৰ, ফুলমনি,নন্দ,  মহচিন ইত্যাদি বিভিন্ন চৰিত্ৰৰ সমাৱেশে উপন্যাসখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।চিৰজীৱন ব'ৰাগী হৈ থকাৰ পণ লোৱা ধৰণীয়ে  শেষত মিছেছ খান্নাক বিয়া পতাৰ সিদ্ধান্ত  গ্ৰহণ কৰিছিল যদিও এই বিয়াখন বাস্তৱত হৈ উঠা নাছিল।প্ৰেম-বিষাদ,হাঁহি-অশ্ৰুৰে ভৰা নয়নতৰাৰ জীৱন ৰণাংগন, মিচেছ জে খান্না আৰু ধৰণীৰ সম্পৰ্কই উপন্যাসখনৰ জনপ্ৰিয়তাত সেউজী ৰহণ সানিছে।  প্রিয় সংলাপ: ☘️"নদীক কোনেও বাধা দিব নোৱাৰে , নদী ব'ৰাগী।" ☘️"নদীয়ে যদি ঘাট ভাল পাই ৰৈ যায় , তেন্তে নদীৰ ধৰ্মই সলনি হৈ যাব।" ☘️"নদীৰ ঠিকনা নাথাকে।" ☘️ বিশ্বাস শব্দটোৱেই বৰ বিশ্বাসঘাটক। ☘️"কিছুমান কথা সংক্ষেপেই ...

নাহৰৰ নিৰিবিলি ছাঁ

Image
 নাহৰৰ নিৰিবিলি ছাঁ অনুৰাধা শৰ্মা পূজাৰী প্রিয় সংলাপ:  1.শত্ৰুৰ চুমা মোক নালাগে,বন্ধুৰ ভুকু এটাহে বিচাৰোঁ।  2.মোৰ জগতখন ক্ষুদ্ৰ সেইবাবেই মই সন্তুষ্ট।  3.দৰিদ্ৰতা বৰ ভয়ানক বস্তু নন্দিতা।ই নিগনিৰ দৰে,কেতিয়া সংগোপনে বাহলৈ তোমাৰ মূল্যৱান সকলো নি কুটি চাৰ-খাৰ কৰি নিঃস্ব কৰিব গমেই নোপোৱা। 4.কৃত্ৰিমতা থাকিলে সম্পৰ্ক নকল হৈ যায়। 5.যি সম্পৰ্কত হেৰুৱাৰ ভয় নাই,বিচ্ছেদৰ ভয় নাই,সন্দেহৰ  স্থান নাই -সেয়াইতো প্ৰেম।  6.অবিশ্বাসী অসৎ স্বাৰ্থপৰ মানুহ পোৱা সহজ,কিন্তু বিশ্বাস আৰু নিঃস্বাৰ্থ মানুহ জীৱনৰ সম্পদ। 7.বুজিছ তই মই আচলতে প্ৰথমে বন্ধু। পাৰ্টি বন্ধুতকৈ ডাঙৰ হ'ব নোৱাৰে ।মই মোৰ আদৰ্শ ৰক্ষা কৰিও তোৰ সৈতে বন্ধুত্ব ৰাখিব পাৰোঁ। 8.মই কেৱল মোক বিশ্বাস কৰোঁ।মই মোৰ দেশ,মোৰ জাতি,নৈ-পাহাৰ,জান-জুৰি,বতাহ পখিলা,আনকি শিয়াল টেঙৰ বুদ্ধিজীৱী,পেট কপটীয়া প্ৰতিবেশী,ঈৰ্ষাকাতৰ বন্ধু,বিশ্বাসঘাটক প্ৰেমিকা,ভোদা-অঁকৰা খেতিয়ক এই সকলোবোৰ একেলগে ভাল পাওঁ।একমাত্ৰ কাৰন এওঁলোক অসমীয়া।এইবোৰ অসমীয়া চৰিত্ৰ বেয়া পালেওঁ ভাল পাওঁ। 9.যোগ্যতা ভিক্ষা কৰিব নোৱাৰো। আমাৰ আত্মসন্মানত লাগে। 10.নিজৰ কামত সৎ হৈ থকাটোও জ...

গ্ৰন্থ টোকা-কাঞ্চন অনুৰাধা শৰ্মা পূজাৰী

Image
  আৰ্থিক অভাৱ অনাটনৰ মাজত ডাঙৰ দীঘল হোৱা কাঞ্চন ওৰফে কাঞ্চনবালা দাস উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ।দেউতাকৰ মৃত্যুৰ পাছত  কাঞ্চনৰ পৰিয়াললৈ নামি আহিছিল এচমকা কলীয়া ডাৱৰ।যিয়ে তচ নচ কৰি পেলাইছিল চাৰিটাকৈ জীৱন।কিন্তু ঘোৰ আন্ধাৰ ফালি যেন বেলি ওলাবলৈ উকমুকাইছিল। অভাৱ অনাটনে অথাই সাগৰত পেলোৱা কাঞ্চনে বেমাৰী মাকৰ চিকিৎসাৰ বাবে, ভায়েকৰ পঢ়াৰ খৰছ উলিয়াবৰ বাবে, নিজৰ তিনিজনীয়া পৰিয়ালৰ পেটৰ বাবে যিকোনো পৰ্যায় অতিক্ৰম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল।এনেদৰেই আৰম্ভ হৈছিল কাঞ্চনৰ নৰক সদৃশ জীৱনৰ আৰম্ভণি। চাকৰি লাভৰ আশাত প্ৰথমে ননী আৰু তাৰ পাছত বহু কেইগৰাকী উচ্চ পদস্থ বিষয়াৰ লগত কাঞ্চনৰ স্ব-ইচ্ছাই শাৰীৰিক সম্পৰ্ক হৈছিল।কাঞ্চনৰ চাকৰি জীৱন আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত আকাশ জ্যোতি ফুকন নামৰ এজন বিষয়াৰ লগত কাঞ্চন প্ৰেমৰ সম্পৰ্কত বান্ধ খাই পৰিছিল।কাঞ্চনৰ সমাহিত চকুহাল,দীঘল ঢৌ খেলা চুলি আৰু লাস্যময়ী সৌন্দয্যই সকলোকে তাইৰ প্ৰতি আকৃষ্ট কৰিছিল।একমাত্ৰ নিজৰ নিকৃষ্ট স্বাৰ্থ পূৰণ কৰিবলৈ গৈ আকাশ জ্যোতি ফুকনে কাঞ্চনৰ লগত মলিয়ন ধেমালি খেলিছিল।আন বহুজনৰ সৈতে মিলি তাইৰ শৰীৰ আৰু মন দুয়োটাকেই ধৰ্ষণ কৰিছিল।এনে ঘটনাৰ পৰিশেষত ...

উপন্যাস:জিগলো

Image
  মোৰ মন মগজুত ক্ৰিয়া কৰা এখনি জনপ্ৰিয় গ্ৰন্থ... প্ৰথিতযশা সাহিত্যিক ৰশ্মিৰেখা ভূঞা বাইদেউৰ 'জিগলো'। নামটো শুনিয়েই প্ৰথমে ই অচিনাকি অনুভৱ কৰিছিলোঁ।হাবিয়াস জাগিছিল কিতাপখন পঢ়াৰ।ষাণ্মাসিক পৰীক্ষাৰ মাজতেই পঢ়ি গৈছিলোঁ এটি দুটিকৈ 'জিগলো' নামৰ উপন্যাস খনৰ প্ৰতিটো পৃষ্ঠা।ইমান সাৱলীল প্ৰকাশভংগী।শব্দবোৰ ইমান মসৃণ।আকৌ এবাৰ শব্দৰ প্ৰেমত পৰিবলৈ শিকালে গ্ৰন্থ খনে। উপন্যাস খনৰ বেছি ভাগ বাক্যই মন চুই গল।তাৰে ভাল লগা বাক্য কিছুমান তুলি ধৰাৰ প্ৰয়াস কৰিলোঁ.... 1.যদি সলাব পৰিলোহেঁতেন হে আকাশ মই সলাই দিলোঁহেঁতেন পপীয়া তৰাৰ জীৱন কাহিনী। 2.যত আমি থমকি ৰওঁ তাৰ পৰাই আৰম্ভ হয় এখন নতুন পৃথিৱী। 3.মোৰ বাবে জীৱনটো এটা চিগাৰেট, যিটো চিগাৰেট সময়ৰ হাতত জ্বলে। 4.হৃদয়ে চিনি পাই হৃদয়ৰ সুৰ।দুখন হৃদয়ত বাজি থাকে একেটাই সুৰ।প্ৰেমৰ সুৰ,মৰমৰ সুৰ,বিশ্বাসৰ সুৰ। 5.দুখৰ পাহাৰটোৱে হেঁচা মাৰি ধৰিছে মোৰ উশাহৰ সৰল পথ বুকুখনৰ লাহী সিৰ ডালত যে এতিয়া বিহ মেটেকাৰ নাচোন। 6.সেউজিয়াই জীৱনৰ ৰং নহয়,যেনেদৰে ভাল লগা মানেই প্ৰেম নহয়। 7.আকাশ যত হেজাৰ সপোনে জাকি মাৰি উৰে।যাৰ পৰা পথভ্ৰষ্ট পথিকে সাহস পায়।হেজাৰজন হতাশাগ্ৰস্ত মানুহৰ মন...

গ্ৰন্থ টোকা-বকুল ফুলৰ দৰে

Image
ডঃ মৃণাল কলিতাদেৱৰ 🌼বকুল ফুলৰ দৰে🌼 শীৰ্ষক শিশু উপন্যাস খনি সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে এগছি পোহৰ,অমাৱস্যাৰ গভীৰ নিশাত জ্বলি থকা তৰাটোৰ দৰেই।সৰল আৰু পঠনযোগ্য ভাষিক মাধুৰ্যতাৰে সংপৃক্ত উপন্যাসখনৰ সুগন্ধি আজিও এটি ভাল লগা সুবাসৰ দৰেই মনত ৰৈ গ'ল।জীৱন সংগ্ৰাম,দৰিদ্ৰতা,নিৰ্ভেজাল বন্ধুত্ব,গুৰু শিষ্যৰ সম্বন্ধ,জ্ঞানৰ অন্বেষণ,প্ৰকৃত শিক্ষাৰ এখনি ছবি পাঠকৰ সন্মুখত প্ৰকাশভংগীৰ অভিনৱত্বৰে ব্যতিক্ৰমী ৰূপত লেখকে উপস্থাপন কৰিছে৷অসীম,নিৰ্মল,অনুভৱ,মহেন্দ্ৰ মাষ্টৰ,অসীমৰ মাক-দেউতাক,জিলমিল,আজলী,সীমান্ত প্ৰতিটো চৰিত্ৰই হৃদয়ৰ ফেৰেঙণিত সুকীয়া স্থান দখল কৰিছে৷নিৰ্মলৰ দৰে বন্ধু আৰু অনুভৱ মাষ্টৰৰ দৰে এগৰাকী শিক্ষক আজিৰ সময়ত অতিকৈ বিৰল।অসীম আকাশৰ মুক্ত বুকুত হাজাৰ হাজাৰ শান্তিৰ কপৌ উৰুৱাবলৈ নিৰ্মলৰ দৰে এজন বন্ধুৰ সংগই যথেষ্ট।অনুভৱ মাষ্টৰৰ দৰে এগৰাকী শিক্ষকৰ ছত্ৰছাঁয়াতেই প্ৰখৰ মানৱতাবোধ বিজড়িত এচাম নতুন দিনৰ স্বপ্নসন্ধানী লৰিয়লি চৰাইৰ জন্ম হ'ব, যি এখন সমাজৰ বাবে হৈ উঠিব নতুন দিনৰ ৰেঙণি।শিক্ষানুষ্ঠান সমূহ হৈ উঠিব প্ৰজ্ঞাৰ সাধনাৰ সুবিমল মন্দিৰ,য'ত ছাত্ৰসমাজৰ ময়ূৰপঙ্খী সপোনবোৰত বাস্তৱৰ পৰশ পৰিব।উপন্যাসখনৰ প...

গ্ৰন্থ টোকা-মায়াবৃত্ত

Image
শব্দস্নাতা এজাক বৰষুণৰ নাম-ডঃ ৰীতা চৌধুৰী অসমীয়া সাহিত্য জগতৰ বৰঘৰ মুখৰ কৰি ৰখা এক সমুজ্জল ব্যক্তিত্বৰ নাম ডঃ ৰীতা চৌধুৰী।তেখেতৰ দ্বাৰা ৰচিত 'মায়াবৃত্ত' জীৱন উন্মুখতাৰে পৰিপূৰ্ণ এখন জনপ্ৰিয় উপন্যাস।উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে পুতি অৰ্থাৎ নীৰা।পিতৃ-মাতৃৰ পুত্ৰ সন্তান লাভৰ দুৰ্বাৰ আকাংক্ষাক নেওচি পুতি জন্ম হৈছিল এগৰাকী কন্যা সন্তানৰ ৰূপত।সেই নিষ্পাপ,সৰলমনা, আলফুলীয়া কণমানি জনীৰ তথাকথিত বাহ্যিক সৌন্দর্য নথকাৰ হেতু স্বয়ং নিজ পিতৃ মাতৃৰ পৰাই চৰম অৱহেলিত হৈছিল।বন্ধুবোৰ ঘাঁ শুকুৱা একো একোটা মলমৰ দৰেই।বহুসময়ত বন্ধুত্ব হৈ পৰে জী উঠাৰ সহজ আকুলতা।জীৱন অৰ্থহীন যেন লগাৰ সময়তেই পুতিৰ বাবে এখনি আশ্বাসৰ হাত হৈ পৰিছিল সুবৰ্ণ নামৰ সেই বিশেষ চৰিত্ৰটি।একান্ত মৰম,বিশ্বাস আৰু আত্মীয়তাবোধেৰে সুবৰ্ণই পুতিক আৱৰি ৰাখিছিল।সেই শৈশৱৰ পুতিয়েই কৈশোৰত হৈ উঠিছিল নীৰা।প্ৰতিষ্ঠিত হৈছিল এগৰাকী লেখিকা হিচাপে।কিন্তু সেই নীৰাই শৈশৱৰ সেই পুতিৰ অস্তিত্বক অহৰ্নিশে নিজৰ মাজত কঢ়িয়াই ফুৰিছিল।স্বামী ব্ৰজেন আৰু নীৰাৰ পৃথিৱীখন আছিল সম্পূৰ্ণ পৃথক অথচ জিৰিমা আৰু ৰোহিৰ মৰমত নীৰা ব্ৰজেনৰ পৰা আঁতৰি আহিবলৈ অক্ষম হৈছিল।জীৱন বা...