উচ্চাকাংক্ষা-হোমেন বৰগোহাঞি
ইউকেলিপ্টাছৰ দৰে ওখ হোৱাৰ সেউজীয়া সপোন প্ৰায় সকলোৰে থাকে।কিন্তু সেই অভিপ্সা বহুজনৰ অপূৰ্ণ হৈ ৰয়।সোণালী ৰূপালী মাছবোৰৰ দৰেই আমাৰ মনত অসংখ্য ভাৱনা,অসংখ্য সপোনে খেলা কৰে।সেই সপোন পূৰণ কৰিবলৈ প্ৰয়োজন হয় প্ৰচুৰ একাগ্ৰতা,অধ্যৱসায়,ধৈৰ্য, সাহস আৰু প্ৰচণ্ড বতাহ ধুমুহাতো হালি হালিও উঘালি নপৰা কঁহুৱাৰ দৰে ব্ৰজসম দৃঢ়তা।এই ক্ষেত্ৰত লেখকে টমাছ আলভা এডিছনে বাল্ব নিৰ্মাণৰ কামত এহাজাৰ দুশবাৰ অকৃতকাৰ্য হোৱাৰ পাছতো এদিন সম্ভাৱনাৰ ফিৰিঙতি বোৰ ফুৱাই ফুৱাই কিদৰে কৃতকার্যতাৰ লেলিহান শিখালৈ ৰূপান্তৰিত কৰিছিল সেই কাহিনী সুন্দৰকৈ উপস্থাপন কৰিছে। আমেৰিকাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি জৰ্জ ৱাছিংতনে জীৱনত নিজা ধৰণেৰে উজ্জ্বলি উঠা লোকসকলৰ কথাবাৰ্তা আৰু আচৰণ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি এই কথা প্ৰতীয়মান কৰিছিল যে জীৱনত স্বৰ্ণউজ্জল শিখৰত উপনীত হ'বলৈ হ'লে এগৰাকী ব্যক্তি বুদ্ধিমান আৰু প্ৰচুৰ অধ্যৱসায়ী হোৱাৰ সমান্তৰালভাৱে সজ চৰিত্ৰ আৰু সজ আচৰণৰ ওপৰতো মনোনিৱেশ কৰিব লাগিব।দয়া,শ্ৰদ্ধা,বিনম্ৰতা,পৰোপকাৰীতা,সততা,সংযমতা,সত্যবাদিতা,সৌন্দৰ্য-প্ৰীতি ইত্যাদি মানৱীয় প্ৰমূল্যবোধৰ উৎকৰ্ষ সাধন কৰিবলৈ প্ৰতিগৰাকী ব্যক্তিয়ে চেষ্টা কৰিব...