Posts

Showing posts from August, 2024

সৃজনীশীলতা:অৰ্থপূৰ্ণ জীৱনৰ মহৌষধ

Image
সৃজনীশীলতা:অৰ্থপূৰ্ণ জীৱনৰ মহৌষধ "ক্ষুধাৰ জ্বালা প্ৰশমিত কৰা যায় অন্নৰে, পিপাসাৰ জ্বালা উপশমিত কৰা যায় সুশীতল জলেৰে, কিন্তু বিৰহৰ জ্বালাৰ নাই একোতে উপশম, নাই একোতে ব্যতিক্ৰম ৷ তাতে হয় মন বিক্ষিপ্ত,হৃদয় উৎক্ষিপ্ত ৷ তাৰ জ্বালা নিবাৰণাৰ্থে যোগীয়ে আশ্ৰয় লয় সাধনাৰ, সাধুৱে লয় ধৰ্মৰ , শিল্পীয়ে শিল্পৰ,ভাৱপ্ৰৱণে সাহিত্যৰ,আৱেগপ্ৰৱণে সঙ্গীতৰ,কৰ্মবীৰে লয় জন-সেৱাৰ আৰু নিতান্ত মূঢ়জনে আশ্ৰয় লয় জুইৰ, পানীৰ,জৰীৰ।"  ~হিতেশ ডেকা সপোন আৰু সৃজনীশীলতাই মানুহক জীৱনমুখী কৰে।জীৱন অৰ্থবহ কৰি তোলে।কৰি ভালপোৱা কামবোৰ দৰাচলতে জীৱনৰ মূলবিন্দুত উপনীত হ'বৰ বাবে আগবঢ়োৱা একো একোটা বিমুক্ত খোজ।এই কৰি ভালপোৱা কামবোৰেই মানুহক প্ৰশান্তি দিয়ে,জীৱন বাটত খোজ দিবলৈ দুগুণে সাহস দিয়ে।প্ৰদান কৰে অমল সুখ।এই সুখৰ তুলনা নাই,এই সুখৰ অনাবিল আনন্দত মানুহে পাহৰি যাব পাৰে নিজৰ সমস্ত যন্ত্ৰণা।সৃজনীশীলতাত এক অনির্বচনীয় শক্তি আছে।ই মানুহৰ আত্মাক সমৃদ্ধ কৰে। সৃষ্টিশীলতা হৈছে সেই স্ফুলিংগ যিয়ে আমাৰ জীৱনত উদ্দেশ্য আৰু পূৰ্ণতাৰ অনুভূতি জগাই তোলে।  যেতিয়া আমি সৃজনাত্মক কাৰ্য্যকলাপৰ সৈতে জড়িত হওঁ,এই প্ৰক্ৰিয়াই আমাৰ জীৱনক গভীৰভাৱে...

মণি ৰত্নম, দিল ছে আৰু অসম

Image
🍂১৯৯৮ চনত নিৰ্মিত মণি ৰত্নমৰ দ্বাৰা পৰিচালিত,ভাৰতীয় ৰোমান্টিক থ্ৰিলাৰ ছবি 'Dil Se' ৰ সৈতে অসমৰ এক উল্লেখনীয় সম্পৰ্ক আছে। 🍂অসমৰ সন্ত্ৰাসবাদৰ পটভূমিত ৰচিত ছবিখনৰ কাহিনীভাগত প্ৰেম, সন্ত্ৰাসবাদ, আৰু জাতীয় পৰিচয় ইত্যাদি বিষয়বস্তুৰ সন্ধান কৰা হৈছে। 🍂অসমৰ মেঘনা (মনিষা কৈৰালাৰ অভিনয়) নামৰ এগৰাকী ৰহস্যময়ী মহিলাৰ প্ৰেমত পৰা ৰেডিঅ’ পৰিচালক অমৰ (শ্বাহৰুখ খানে অভিনয় কৰা)ক লৈ ছবিখনৰ কাহিনীয়ে গতি লয়।  তেওঁলোকৰ সম্পৰ্ক গভীৰ হোৱাৰ লগে লগে অমৰ অসমৰ সন্ত্ৰাসবাদ আৰু ৰাজনৈতিক অস্থিৰতাৰ মেৰপাকত আবদ্ধ হৈ পৰে। 🍂অসমৰ কেইবাটাও স্থানত এই বোলছবিৰ দৃশ্য গ্ৰহণ কৰা হৈছিল। এ আৰ ৰহমানে সংগীত পৰিচালনা কৰা এই  ছবিখনৰ চাউণ্ডট্ৰেকত পৰম্পৰাগত অসমীয়া সংগীতৰ উপাদানসমূহো সন্নিৱিষ্ট কৰা হৈছে। 🍂Background music-Pokhi Pokhi bidexi~জুবিন গাৰ্গ https://youtu.be/h8zAu_GNUqk?si=TyutmtYaj3HFMbEY ☘️Dil Se" is a 1998 Indian romantic thriller film directed by Mani Ratnam, and it has a significant connection to Assam. The movie's plot is set against the backdrop of the Assam insurgency and explores themes of...

অশান্ত প্ৰহৰ

🍁Assamese Film song of Bhupen Hazarika, Samar Hazarika, Madhumoti Goswami and Others. 🍁Lyrics, Melody and Music by Bhupen Hazarika 🍁Film: Asanta Prohor (অশান্ত প্ৰহৰ)  🍁কাঞ্চন বৰুৱাৰ উপন্যাস 'অশান্ত প্ৰহৰ' ক শিৱপ্ৰসাদ ঠাকুৰে চিত্ৰনাট্যৰ ৰূপ দিছিল। 🍁Lyrics of the song: নামি আহা সুন্দৰৰে সেনা শিল্পী দল  এৰা সপোন ধেমালি..  বাধা যদি নিদিয়া পিশাচী এন্ধাৰক  ধৰা হ'ব ৰণেৰে ৰাঙলী। বাটে-পথে যায় চোৱা  সৌৱা পালে পাল  মুমূর্ষু জীৱিত নৰকঙ্কাল  সিহঁতৰ কাৰণে আশাৰ গীত গোৱা  জীৱনত সিহঁতৰ ৰহণ বোলোৱা  আজি মৰণক মষিমূৰি  জীৱনৰ জেউতিৰে জ্বলোৱা দীপাৱলী  বাধা যদি নিদিয়া পিশাচী এন্ধাৰক ধৰা হ'ব ৰণেৰে ৰাঙলী। অ'..অ'..অ'..অ'.. শঙ্কৰে যুঁজিলে সুৰৰে বৈৰী  নিশাচৰ যতমান পলালে লৱৰি  আজি জীৱনৰ নাটকৰ দৃশ্য দেখুওৱা  আজি ৰণৰ অগনিক সুৰৰে নুমোৱা  নহ'লে তীক্ষ্ণ নখেৰে সিহঁতে  শিশুৰ কলিজা খাব ফালি  সমাজৰ নাটঘৰ সজোৱা-পৰোৱা  সাম্যৰ ৰহণ ঢালি শান্তিৰ ৰহণ ঢালি  বাধা যদি নিদিয়া পিশাচী এন্ধাৰক ধৰা হ'ব ৰণেৰে ৰাঙলী।

২০০৯ চনৰ গণেশ গগৈ স্মৃতি সন্মান গ্রহণ কৰি

Image
২০০৯ চনৰ গণেশ গগৈ স্মৃতি সন্মান গ্রহণ কৰি সন্মানীয় সভাপতি আৰু সমবেত দর্শকসকল, মানুহ কবিতাৰ প্ৰেৰণা। কবিতাৰেই কবি জীয়াই থাকে। কবিতা কবিৰ চিৰ- জাগৰূক কণ্ঠ। এজন কবি এটা জাতিৰ আলোকিত অর্জন। কবি গণেশ গগৈ অসমীয়া সাহিত্যৰ এটি জীৱন-মুগ্ধ প্রতিভা। অকাল প্রয়াত এই কবিগৰাকীয়ে কবিতা নাটক গানেৰে আমাৰ সাহিত্য সমৃদ্ধ কৰি গৈছে। 'পাপৰি' তেখেতৰ বেদনা-ভৰা সৌন্দৰ্যৰ বাণী বন্দনা; প্রেম-ভৰা চকুলোৰ আকুলতা। এইজনা সতেজ-সঁজাল কবিৰ কবিতাৰ উৎসই হৈছে জীৱন। জীৱন ভালপোৱাৰ বিপুল চানেকী সূচীত তেখেতৰ দ্বিধাহীন সৃজন; পাৰ-ভঙা সোঁতৰ খলকনি। এই গৰাকী কবিৰ প্ৰতি আজিৰ শ্ৰদ্ধাঞ্জলি আমাৰ আদর্শিক চেতনাৰে সার্থক হওঁক। আজি সাম্প্রদায়িকতা আৰু ধর্মান্ধতাই আবৰি ধৰিছে দেশৰ চৌপাশ। বাৰুদে-বিস্ফোৰণে সন্ত্ৰাসৰ বিশ্বায়ন ঘটিছে। হেৰাই গৈছে মানৱতা। চৰম সংকটৰ মুখামুখি মানুহ; মানুহৰ সংস্কৃতি, মানুহৰ শুভবোধ। আশাৰ কথা, এই বৈৰী পৰিৱেশ নেওচি দেশ নির্বিশেষে মানুহৰ চেতনাৰ গণতান্ত্রিক ভূমিকাই আমাৰ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। মানুহ অমানবিকতাৰ চিৰ প্ৰতিবাদী। আজি কবি গণেশ গগৈৰ সোঁৱৰণত অসম চৰকাৰে আমালৈ যচা এই সাহিত্য সম্মান মই অতি শ্ৰদ্ধাৰে গ্ৰহণ কৰিল...

১৯৯২ চনৰ সাহিত্য অকাডেমিৰ পুৰস্কাৰ গ্ৰহণ

Image
১৯৯২ চনৰ সাহিত্য অকাডেমিৰ পুৰস্কাৰ গ্ৰহণ সভাপতি ডাঙৰীয়া, সাহিত্য অকাডেমিৰ উপস্থিত সদস্যবৃন্দ আৰু সমজুৱাসকল, মই মাতৃভাষাৰ কবি। আইৰ ভাষা ঠাইৰো ভাষা। মোৰ চিৰ চেনেহী ভাষাৰে মই সমুখৰ এই মানুহ নিসৰ্গৰ হাত ধৰি পৃথিৱীৰ বাটলৈ ওলাই আহিছোঁ। লেখক সদায় পাঠক অভিমুখী। পাঠকৰ মনৰ ঘৰৰ আলহী হোৱাৰ হেঁপাহ সকলো লেখকৰেই আছে। পাঠক একাধাৰে সাহিত্যৰ ধাৰক আৰু সংগঠক। পাঠতেই সাহিত্যৰ জীৱন। সৃজনশীল পাঠে মুকলি কৰে সাহিত্যৰ নতুন বাট। পাঠকেই প্ৰকৃততে লেখকৰ সকলো কৃতিৰ উত্তৰাধিকাৰী। জীৱন লৈয়েই কবিতা। সমাজেই হৈছে জীৱনৰ বাস্তৱ পটভূমি। কবিৰ জীৱনৰ আশা-নিৰাশা লৈয়েই কবিতাৰ জীৱন। কবিৰ জীৱন-চেতনাৰ উজ্জ্বলতাই হৈছে কবিতাৰ শাণিত সময়। লেখক সততে সমাজৰ সপক্ষে। সমাজৰ প্ৰতি লেখকৰ দায়-দায়িত্ব আছে। মই লেখকৰ এই দায়বদ্ধতাৰ প্রতি শ্রদ্ধাশীল। আজি সাহিত্য অকাডেমিয়ে যচা এই সন্মানীয় পুৰস্কাৰ গ্ৰহণ কৰাৰ পৰত মই মোৰ সকলো পাঠকলৈ হিয়া-ভৰা সম্ভাষণ জনোৱাৰ লগতে আপোনালোকলৈ আন্তৰিক কৃতজ্ঞতা জনালোঁ। হীৰেন ভট্টাচার্য

অপেক্ষাৰ মোহনীয়তা

Image
অপেক্ষা মানেই সম্ভাৱনা: আজিৰ দ্ৰুতগতিত চলি থকা পৃথিৱীখনত অপেক্ষা কৰাটো সময়ৰ অপচয়ৰ দৰেই অনুভৱ হয়।কিন্তু অপেক্ষা মানেই এক পৰম শক্তি।অপেক্ষা মানেই সম্ভাৱনা।অপেক্ষা মানেই পোহৰমুখী একোটা ধুনীয়া বাট।এই শক্তিক আমি ইচ্ছা কৰিলেই অফুৰন্ত সম্ভাৱনালৈ উন্নীত কৰিব পাৰোঁ।বৰ্তমানৰ পৃথিৱীখনত,য’ত আমি কেৱল তাৎক্ষণিক সন্তুষ্টি আৰু দ্ৰুত সমাধানৰ পিছত অহৰহ দৌৰি ফুৰোঁ,তেনে এক সন্ধিক্ষণত অপেক্ষা কৰাটো এক অসহনীয় মানসিক অৱস্থালৈ  পৰিণত হৈছে।এই পৃথিৱীত আমি কেৱল বিচাৰিয়েই আছোঁ,যেতিয়াই বিচৰা কিবা এটা পোৱাৰ ক্ষেত্ৰত কিছু পলম হয়,আমাৰ  ধৈৰ্যৰ সকলো সীমা শেষ হৈ যোৱা যেন উপক্ৰম হয়।আমি ভাঙি পৰোঁ।কিন্তু প্ৰকৃতিয়ে যেন নীৰৱে আমাক কৈ যায়-অপেক্ষাৰ সৌন্দৰ্যতাৰ বিষয়ে।এটা বীজৰ পৰা বৃক্ষলৈ,বসন্তৰ পৰা শীতলৈ যোৱাৰ এই যাত্ৰাই আমাক শিকায় যায়-অপেক্ষা কৰাটো কেৱল এটা নিষ্ক্ৰিয় কাৰ্য্য নহয়, বৰঞ্চ অপৰিসীম শক্তি ধাৰণ কৰা এক সক্ৰিয় প্ৰক্ৰিয়া।কিবা এটা পাবলৈ অপেক্ষা কৰিছোঁ মানেই আমি আত্মনিয়ন্ত্ৰণ আৰু আৱেগিক নিয়ন্ত্ৰণৰ সদ প্ৰয়োগ কৰাৰ কলা আহৰণ কৰিছোঁ, সন্তুষ্টিৰ মূল্য শিকিছোঁ যিটো দীৰ্ঘম্যাদী সফলতাৰ বাবে অতিকৈ প্ৰয়োজনীয়। যেতি...

নিয়ৰৰে ফুল শীৰ্ষক গীতৰ আঁৰৰ কথা

Image
নিয়ৰৰে ফুল এপাহ ফুলিল, এপাহ সৰিল কেনি? কথা:নৱকান্ত বৰুৱা কণ্ঠ:ড° ভূপেন হাজৰিকা সংগীত:ড° ভূপেন হাজৰিকা "অলপ পাচতে এগৰাকী ছোৱালীয়ে মোক ভৰিত ধৰিবলৈ যাওঁতেই মই বাধা দি ক'লোঁ- কোন তুমি? দাদা, মই আইনু। গা-মন শিয়ৰি গ'ল। নৱকান্ত বৰুৱাদেৱৰ কন্যা আইনু - দেখিলোঁ আইনু এতিয়া সেই আইনু নহয়। - এতিয়া ভদ্রমহিলা। তেতিয়া? মধুচয়নিকা যুগৰ কথা- যেতিয়া নৱকান্ত বৰৱাৰ সৈতে আমি প্রায়েই আড্ডা মাৰিছিলোঁ। এদিন বৰুৱাদেৱৰ ঘৰত তেওঁৰ সহধৰ্ম্মিণী বীণাই কোলাত লৈ আহিছিল এজনী অকণমাণি ছোৱালী। নাম? আইনু। বৰুৱাদেৱে ক'লে, 'হাজৰিকা, এটি গীত লিখিছোঁ।' -মোৰ এই চিন্তা ভাগি গ'ল। 'বিবেকানন্দ কেন্দ্র'ত মই বহি আছোঁ- নৱকান্ত বৰুৱাৰ সৈতে। হঠাৎ মোৰ সহকাৰী কমল কটকীক ক'লোঁ, নিয়ৰৰে ফুল'টো গোৱাঁচোন। কমল গীটাৰিষ্টহে। তথাপি মাজে মাজে গীত গায়। মই ক'লোঁ গোৱাঁ। কমলে গালে। সভাগৃহ নিস্তব্ধ হ'ল। বাৰে বাৰে মোক আঘাত কৰিছিল- এশাৰী কথাই আইনুজনীৰ চকুৰ মণি-নিয়ৰৰে ফুল/এপাহ ফুলিল/এপাহ সৰিল কেনি? ওচৰতে বহি থকা কবি নৱকান্ত নহয়, পিতৃ নৱকান্ত। কিয় জানো- তেওঁ লিখিছিল- নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল কেনি? বহুত...

অসম সাহিত্য সভাৰ ৫২তম অধিবেশনৰ কবি সম্মিলনৰ সভাপতিৰ অভিভাষণ

Image
অসম সাহিত্য সভাৰ ৫২তম অধিবেশনৰ কবি সম্মিলনৰ সভাপতিৰ অভিভাষণ শ্রদ্ধেয় ৰাইজ, "অসম সাহিত্য সভাৰ ৫২তম অধিৱেশন উপলক্ষে আয়োজিত আজিৰ এই কবি সম্মিলনৰ সন্মানিত আসনখন মোলৈ আগবঢ়োৱা বাবে অসম সাহিত্য সভাৰ সভাপতি প্রমুখ্যে সকলোকে মই মোৰ শ্রদ্ধা আৰু কৃতজ্ঞতা জনালোঁ। মই সাধাৰণ কবি। মোৰ পৰা আপোনালোকে অধ্যয়নপুষ্ট বুদ্ধিদীপ্ত অভিভাষণ আশা নকৰিব। মই মাথোন আপোনালোকৰ সঙ্গ বিচাৰিয়েই এই সভালৈ আহিছোঁ, আৰু সঙ্গ-সাহসতেই দু-আষাৰ ক'বলৈ আগবাঢ়িছোঁ। কবিতা এক বাক্ বিশেষ। কবিৰ অনুভূতি আৰু অভিজ্ঞতাজাত স্মৃতিৰ শিল্পীত ৰূপ। যিদৰে ৰং-ৰেখাৰ অবিহনে চিত্ৰৰ কথা বা তাল-মান-লয় অবিহনে সংগীতৰ কথা ভাবিব নোৱাৰি, সিদৰে শব্দৰ অবিহনে কবিতাৰ কথাও মনলৈ নাহে। কবি-দেশ কাল মানুহৰ ইতিহাস চেতনাই সৃষ্টি কৰা এক বিশিষ্ট কণ্ঠ। সমাজ আশ্ৰয় কৰিয়েই গঢ়ি উঠে শিল্প-সাহিত্য। সমাজ কবিৰ পাঠশালা, জীৱন যাৰ প্ৰধান শিক্ষক। ভাষা সমাজৰ দান। শব্দ ভাষাৰ উপাদান। শব্দ-ছন্দ-উপমা-বাক-প্রতিমা লৈয়েই কবিৰ ভাষা। কবিতাৰ ভাষা। এই ভাষা কবিৰ বৰ্তমান আৰু অতীতৰ দানেৰে সক্রিয় আৰু সমৃদ্ধ। গ্রহণে-বর্জনে বহু শ্রম আৰু সাধনাৰে কবিয়ে আয়ত্ত কৰে এই ভাষা। কবিতা শব্দেৰে নিৰ্মিত ভা...

এৰি অহা দিনবোৰ

Image
দেৱী,নলিনীবালা(১৯৯৪)।এৰি অহা দিনবোৰ।লয়াৰ্ছ বুক ষ্টল,পৃষ্ঠা ১.আকাশে-বতাহে উপচি পৰা মৰমৰ সোঁতত উটি বুৰি মৰমৰ গধুৰ বোজা দাঙিব নোৱাৰা হলোঁ। আচৰিত হৈ ভাবোঁ, এই অশান্ত, অযোগ্য, ভাগ্যহীন জীৱনলৈ ধাৰাসাৰে বৈ অহা সর্বভাৰতৰ আদৰৰ চেনেহৰ ধাৰ এই ক্ষুদ্রতম জীৱনে কেনেকৈ পৰিশোধ কৰিব? মোৰ মাটিৰ মাতৃৰ চেনেহৰ ধৰুৱা হৈয়ে এই পৃথিৱী এৰি যাব লাগিব। তথাপি জানো এই সীমাহীন মানৱ সত্তাৰ শান্তি আছে? জিৰণি আছে? নাই! নাই! সীমাহীন মানৱ সত্তাৰ, বিশ্ব-কর্মস্রোতৰ পৰিসমাপ্তি নাই। কোনোবা অনাদি কালৰে পৰা কর্মসোঁতত উটি-বুৰি বিৰাম নোলোৱা এই মানৱ সত্তাৰ জিৰণি নাই।  ২.কৰমৰ ধৰুৱা অশান্ত জীৱন পুনৰ ঘূৰি আহিব লাগিব মাটিৰ পৃথিৱীলৈ। পৃথিৱীৰ আধৰুৱা কৰমৰ ভাৰ বান্ধি লৈ প্ৰেমৰ অৱদানৰ সম্বল বোকোচাত লৈ হৃদয়ত কর্মসেৱাৰ পৰম আত্ম- প্রশান্তিৰ প্রসাদৰ তৃপ্তি বুকুত বান্ধি এই যুগমীয়া অশান্ত আত্মাই বিশ্ব পৰিক্ৰমাৰ আৱৰ্তনৰ মহাযাত্রীৰূপে আগবাঢ়ি গৈ থাকিব লাগিব সীমাহীন অনন্তলৈ। এয়ে হ'ব পৰিসমাপ্তি, এয়ে হ'ব অশান্ত জীৱনৰ পৰম শান্তি, জীৱনৰ পৰম প্রশান্তি।মনলৈ অহা কথাবোৰ, কৰমপথৰ সোঁৱৰণবোৰ, চিত্ৰবোৰ আঁকি যাবলৈ কৰা যত্নত অভিজ্ঞতাবিহীন লিখনিৰ হেজাৰ ত্র...

এৰা বাটৰ সুৰ

Image
The iconic Assamese film 'Era Bator Xur' was a groundbreaking moment in music history, as it united  three legendary voices - Lata Mangeshkar and Dr. Bhupen Hazarika and Hemanta Mukharjee- for the very first time. This pioneering collaboration sparked a lasting legacy, as the song went on to joyfully celebrate the diverse and vibrant folk culture of Assam, forever etching its mark on the musical landscape. "শুৱনিকৈ অসমীৰে একতাৰে সূতাবোৰে মহুৰাতে ল'লেহি পাক" 'এৰাবাটৰ সুৰ খনত মোৰ জীৱন-চিত্রখিনিকে দাঙি ধৰিব খুজিছিলোঁ। নিশা ফুকন নামৰ এজনী ছোৱালীক জয়ন্ত দুৱৰাই বিয়া কৰাম বুলি ক'লে। নিশা ফুকনৰ লগত সি নিমিলিলে। গতিকে, এৰাবাটৰ সুৰ বিচাৰিয়েই 'অসমৰ মাটিয়ে মোক ভুল নুবুজেতো'- এইবুলি কৈ সি গুচি গ'ল। এইখন মোৰ সম্পূৰ্ণ আত্ম-জীৱনীমূলক ছবি। আজি মই সেই কাহিনীকে লৈ উপন্যাস লিখিব পাৰিলোঁহেঁতেন, নিলিখিলোঁ। মই কিতাপ লিখিবলৈ ল'লোঁ মোশ্বন পিকচাৰ কেমেৰাৰে। 'এৰাবাটৰ সুৰ'ত ঠিক কৰিলোঁ যে মই মিনিৰ মুখত লতা মঙ্গেশকাৰৰ গান দিম। তেতিয়ালৈকে লতাক মই চিনিও নাপাওঁ। মই ...

জীৱন বৃত্ত

Image
জীৱন বৃত্ত ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ আত্মজীৱনীমূলক গ্ৰন্থ।কিতাপখনত সন্নিৱিষ্ট কথাখিনি 'প্ৰান্তিক' আলোচনীৰ চৌচল্লিছটা সংখ্যাত ধাৰাবাহিকভাবে ছপা হৈছিল।আত্মজীৱনী খনৰ প্ৰথম প্ৰকাশ কৰিছিল লয়াৰ্চ বুক ষ্টলে আৰু পৰৱৰ্তী সময়ত দ্বিতীয় প্ৰকাশৰ দায়িত্ব অসম বুক হাইভৰ ধীৰাজ গোস্বামীক প্ৰদান কৰা হৈছিল। 🍁"বৃত্ত এটা আঁকিলে যেতিয়া বৃত্তটো সম্পূর্ণ হ'বৰ হয়, তেতিয়া ৰেখাডালৰ ভ্ৰমণ কৰি থকা মূৰটো এৰি থৈ অহা মূৰটোৰ ওচৰ চাপি আহে। এনেকুৱা লাগে যেন ভ্রমণ শেষ হৈ অহাৰ লগে-লগে ৰেখাডালৰ শেষ মূৰটোৱে প্রথম মূৰটো দেখিবলৈ আৰম্ভ কৰিছে! মানুহৰ জীৱন-বৃত্তৰ বেলিকাও কথাটো এনেকুৱাই হয় যেন লাগে। এটা বয়সত নিজৰ কথা ভাবিবলৈ ল'লেই প্রথমতে সৰুকালৰ কথা মনলৈ আহে। যেন এডাল ৰেখাৰ শেষ মূৰটোৰ, সেই তাহানিয়েই এৰি থৈ অহা প্রথম মূৰটোৰ ওচৰ চাপি যোৱাৰ বাহিৰে গত্যন্তৰ নাই; যদিহে নক্সাটো বৃত্ত হয়।" 🍁কিছুমান মানুহ, প্রকৃতিয়ে দিয়া কিছুমান উপাদান, কিছুমান জড় পদার্থ, এই সকলোৱে মিলিহে একোখন ঠাইৰ পৰিচয় সম্পূৰ্ণ কৰে। আমাৰ চুবুৰিটোৰ কিছুমান মানুহ মোৰ কাৰণে যিমান আপোন আৰু আমোদজনক, কিছুমান অন্যান্য বস্তুও সিমানেই আপোন আৰু আমোদজনক...

সোণৰ খাৰু নেলাগে মোক....

Image
"একোজন কবিয়ে সকলোৰে মনৰ কথা 'মই' 'মোৰ' বুলিয়েই কয়। তৰপে- তৰপে থকা ব্যঞ্জনা ধৰিব নোৱাৰিলে গীত বা কবিতাৰ সৌন্দৰ্য আৰু অৰ্থ বুজিব নোৱাৰি। গীত একোটা কালজয়ী এনেয়ে নহয়। 'সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই' গীতটোত মই এজনী ছোৱালীৰ মনৰ কথাই কৈছোঁনে? গহনা আৰু দামী কাপোৰকে বিয়াৰ মূল কথা, মূল সম্পদ ভবা প্রতিজনী ছোৱালীয়ে ভাবিব পাৰিব লাগিব এইবোৰৰ তুচ্ছ প্রয়োজনীয়তা। নতুন ঘৰ এখনক চেনেহৰ জৰীৰে বান্ধিব পৰা মন এটা, আনৰ সেৱাত উচৰ্গিব পৰা সংকল্প এটাহে বিয়াৰ দিনাৰ আচল সাজ। পিতৃ-মাতৃয়ে সোণৰ গহনাৰে ছোৱালীজনী নসজাই, হীৰা-মুকুতাৰ দৰে বাখৰ পতোৱা শুভ-চেতনাৰেহে ছোৱালীজনীৰ মূল্য বঢ়াব লাগে। মাতৃৰ সৎ আদৰ্শৰ ছবিখনেই ছোৱালীজনীৰ সাতসৰী হৈ জিলিকি থাকিব। সততা, শুচিতা, পবিত্ৰতাইহে বিয়াৰ কইনাৰ আচল সাজ। এনেকৈয়ে হিন্দু বিয়া একোখনৰ উদ্দেশ্যপূর্ণ, মহত্ত্বপূৰ্ণ ৰূপটো মই তুলি ধৰিছিলো। গানটো যিজনী ছোৱালীয়েই গাব সেইজনী ছোৱালীৰে মনৰ কথা হৈ পৰিব। এনেকৈয়ে সমাজ একোখন উচ্চ আদর্শমুখী হ'ব- এইবোৰেই অন্তৰালৰ কথা।" ~ড° নিৰ্মলপ্ৰভা বৰদলৈ উৎস:জীৱন জীৱন বৰ অনুপম🌷

জীৱন জীৱন বৰ অনুপম

Image
"চাবলৈ গ'লে সৃষ্টিধর্মী সাহিত্যত, উদাহৰণস্বৰূপে গীত আৰু কবিতাৰ কথাই কৈছোঁ, নিজৰ চেতন-অৱচেতন, মগ্নচেতনৰ তৰপবোৰেই জলছবিৰ দৰে উঠি আহে। দেখিলে, শুনিলে, পালে যিবোৰ অভিজ্ঞতা হয় আৰু সেই অভিজ্ঞতাই যি উপলব্ধি দিয়ে সেয়ে জীৱন, সেয়ে সাহিত্য। জীয়াই থকাৰ নামেইতো জীৱন নহয়- যদিহে উপলব্ধি নাথাকে। জীয়াই থকাৰ আনন্দ উপলব্ধিতহে। মানুহ আহাৰেৰে জীয়াই নাথাকে, কাপোৰেৰে জীয়াই নাথাকে, প্রাচুর্যৰেও জীয়াই নাথাকে- যদিহে নাথাকে উপলব্ধি। সামাজিক বৈষম্য, মানুহে মানুহক কৰা উৎপীড়ন, নিষ্ঠুৰতা দেখি, অদৃষ্টৰ পৰিহাস দেখি, যদি নাকান্দিলো, আর্ত মানৱাত্মাৰ হাহাকাৰেই যদি শুনিবলৈ নিশিকিলো, মোৰ অন্তৰ যদি শোকত তিতি নাথাকিল, মোৰ কিবা উপলব্ধি হ'লনে? মই কেউকাষৰ সকলো তৰপৰ দুখত কান্দিব পাৰিব লাগিব, সহস্ৰজনৰ আনন্দত অন্তৰ উজাৰি হাঁহিব পাৰিব লাগিব, মোৰ দেহটো সত্য নহয়। আত্মা আৰু মনটোহে সত্য। মোৰ আত্মাৰ সামান্য পোহৰ যদি অনন্ত পোহৰৰ প্ৰতি উদ্বাউল হৈছে, মোৰ মন যদি মানৱাত্মাৰ মুক্তিৰ (বিবিধ যন্ত্ৰণাৰপৰা) কাৰণে উধাও হৈছে তাতেই মোৰ জীৱনৰ সাৰ্থকতা। মোৰ একোটা গীতৰ কলিয়ে যদি উচ্চস্তৰৰ অকণ পোহৰৰ বতৰা দিব পাৰে মাদকতাময় অকণ সুবাস বিলাব পা...

অপেক্ষা মানেই সম্ভাৱনা:

Image
  Photo credit:Photo_Store অপেক্ষা মানেই সম্ভাৱনা: আজিৰ দ্ৰুতগতিত চলি থকা পৃথিৱীখনত অপেক্ষা কৰাটো সময়ৰ অপচয়ৰ দৰেই অনুভৱ হয়।কিন্তু অপেক্ষা মানেই এক পৰম শক্তি।অপেক্ষা মানেই সম্ভাৱনা।অপেক্ষা মানেই পোহৰমুখী একোটা ধুনীয়া বাট।এই শক্তিক আমি ইচ্ছা কৰিলেই অফুৰন্ত সম্ভাৱনালৈ উন্নীত কৰিব পাৰোঁ।বৰ্তমানৰ পৃথিৱীখনত,য’ত আমি কেৱল তাৎক্ষণিক সন্তুষ্টি আৰু দ্ৰুত সমাধানৰ পিছত অহৰহ দৌৰি ফুৰোঁ,তেনে এক সন্ধিক্ষণত অপেক্ষা কৰাটো এক অসহনীয় মানসিক অৱস্থালৈ  পৰিণত হৈছে।এই পৃথিৱীত আমি কেৱল বিচাৰিয়েই আছোঁ,যেতিয়াই বিচৰা কিবা এটা পোৱাৰ ক্ষেত্ৰত কিছু পলম হয়,আমাৰ  ধৈৰ্যৰ সকলো সীমা শেষ হৈ যোৱা যেন উপক্ৰম হয়।আমি ভাঙি পৰোঁ।কিন্তু প্ৰকৃতিয়ে যেন নীৰৱে আমাক কৈ যায়-অপেক্ষাৰ সৌন্দৰ্যতাৰ বিষয়ে।এটা বীজৰ পৰা বৃক্ষলৈ,বসন্তৰ পৰা শীতলৈ যোৱাৰ এই যাত্ৰাই আমাক শিকায় যায়-অপেক্ষা কৰাটো কেৱল এটা নিষ্ক্ৰিয় কাৰ্য্য নহয়, বৰঞ্চ অপৰিসীম শক্তি ধাৰণ কৰা এক সক্ৰিয় প্ৰক্ৰিয়া।কিবা এটা পাবলৈ অপেক্ষা কৰিছোঁ মানেই আমি আত্মনিয়ন্ত্ৰণ আৰু আৱেগিক নিয়ন্ত্ৰণৰ সদ প্ৰয়োগ কৰাৰ কলা আহৰণ কৰিছোঁ, সন্তুষ্টিৰ মূল্য শিকিছোঁ যিটো দীৰ্ঘম্যাদী সফল...