সুমনাৰ কথাৰে-

স্মৃতিৰ সুগন্ধি আটাইতকৈ তীব্ৰ।সোঁৱৰণিৰ মৃদু স্পৰ্শই থনথনকৈ ভাঙি পেলাব পাৰে মৌনতাৰ আইনাখন।এৰি থৈ অহা প্ৰতিটো দিনে সুমনাক গঢ়িছে।প্ৰতিটো দিন,প্ৰতিটো পল-অনুপলৰ ওচৰত তাই কৃতজ্ঞ। হেঙুলীয়া প্রতি পুৱাই তাইক সপোন দেখায়।নিজতকৈ ডাঙৰ হোৱাৰ সপোন।জীৱনৰ ফুলনিত সুমনাৰ বহু ফুল ফুলাবলৈ বাকী আছে।মনৰ মাজত গোপনে তিলতিলকৈ অংকিত কৰা নিজৰেই প্ৰতিচ্ছবিখন চাবলৈ বাকী আছে।বিদ্যা বিশাৰদা আৰু বৰ্ণাঢ্য প্ৰতিভাৰে উজ্জ্বলিবলৈ বাকী আছে।জ্ঞান তপস্বীনি হৈ প্ৰজ্ঞাৰ জেউতি বিলাবলৈ তাইৰ বাকী আছে। সোণবৰণীয়া আশা,কল্পনাবোৰ এদিন বাস্তৱ হ'ব।অৰ্থময় হ'ব এধানি জীৱন।মনৰ মাজত হেঁপাহৰ চটিয়না বাঢ়িছে।সপোনে সেউজীয়া কৰি তুলিছে সুমনাক।সপোনবোৰৰ কথা পাতিলেই, ভাৱিলেই অথবা সপোনবোৰৰ কথা লিখিলেই এটা মিঠা হাঁহি তাইৰ ওঁঠেৰে আপোনা-আপুনি বাগৰি যায়।মায়াময়ী সপোনৰাণী তাই।সন্ধ্যাদীপৰ দৰে তাই অহৰহ মানুহৰ মাজত জ্বলি থাকিব বিচাৰে,অসীম দৃঢ়তাৰে তাই আকাশৰ শেষ সীমা চুই চাব বিচাৰে,মহাজীৱনৰ সাধক হ'ব বিচাৰে,জিজ্ঞাসাৰ গাঢ়তা উপলব্ধি কৰি নিজক আলফুলে লৈ গৈ থাকিব বিচাৰে,পূবাকাশৰ সদ্যোদিত অৰুণৰ দৰে সুমনা জিলিকি ৰ'ব বিচাৰে। মেধা,বিচক্ষণতা,তীক্ষ্ণতা আৰু গম...