কৃতজ্ঞতাৰ ডায়েৰী-০৬
🌻সৰু সৰু কামৰ মাজতেই বৃন্দাই সুখী হোৱাৰ কৌশল শিকি লৈছে।বুজি উঠিছে-জীৱনত অস্থিৰ হ'লে নহ'ব।তাই এমুঠি জোনাক তুলি আনি বাকচত আলফুলে ভৰাই ৰাখিছে...এন্ধাৰে ঘেৰি ধৰা দিনবোৰত তাই সাঁচি ৰখা এমুঠি জোনাকে তাইক বাট দেখুৱায়-পোহৰময় বাট।
🌻হাজাৰ প্ৰাৰ্থনাৰ অন্তত এই জীৱন।অথলৈ আজিলৈকে একো যোৱা নাই,একো নাযায়।তাইৰ নীলৰঙী আকাশত ফুলি ৰৈছে ডাৱৰৰ ফুল।তাইৰ সপোনৰ ফুল।
🌻সপোন দেখাত ৰাগি আছে,সপোন দেখাত এক অনন্য বিলাসিতা আছে,সপোন দেখাত মাদকতা আছে।
🌻সপোনৰ সৰু ডাঙৰ নাই।সপোন সপোনেই।অথচ নিচেই কণমানি সপোন এটাৰ পম খেদি গৈ থকা বৃন্দাক এটা মহৎ সপোন জীৱনেই তাইৰ মাজত ৰোপণ কৰিলে,যি হৈ নাযাওঁক, আত্মাৰে সংযোজিত হৈ ৰোৱা সেই সপোনৰ পৰা বৃন্দা কেতিয়াও পলাব নোৱাৰে।তাই পলৰীয়া হ'ব নোৱাৰে।
I am learning to do monotasks as well.I am also learning to enjoy my own company as well as being with friends.Recently,I have discovered that some of my friendships are really not serving me.Moving away from these friendships has not been easy but I am excited to see what the future holds to me.A few friends are gems that I will always cherish.I find monotasking so therapeutic and relaxing.As a lifting introvert,mono-tasking is a blessing.
Mono-tasking lets us take a deep breath from the chaotic world we have all grown used to dealing with.
মৰমেৰে
উজ্জ্বয়িনী🌻
Comments
Post a Comment