কৃতজ্ঞতাৰ ডায়েৰী-১৩
Photo credit-Sky best click
আবেলিৰ সুমথিৰা বৰণীয়া ৰ'দজাক আহি তাইৰ ঠিক কাষতেই বহিছেহি।তাৰপিছতনো কি....সদায়ৰ দৰে অন্তহীন বার্তালাপ।এই বার্তালাপত কি নাই...? যেন শেষ আবেলিৰ ৰ'দজাকেই তাইৰ বাবে লৈ আনে এমুঠি জোনাক।This too shall pass...গায়ত্ৰী মন্ত্ৰৰ দৰেই তাই মনতে বাৰে-বাৰে আওৰাইছে।নিজক নিজৰ আৰু অধিক কাষ চপাবলৈ এইখিনি সময়ৰ প্ৰয়োজনো তাই বুজি উঠিছে।পাৰাপাৰহীন ভৱিষ্যতৰ চিন্তাত স্তব্ধ কৰিব নোৱাৰে তাইৰ এই খৰস্ৰোতা সময়।হৃদয়ৰ সমস্ত আকুলতাৰে দেখা প্ৰতিটো সপোন মুঠতে বৃন্দাই পূৰণ কৰিব।বাৰে বাৰে বিফল হ'লেও তাই যুঁজিব,সময়লৈ অপেক্ষা কৰিব,তথাপি তাই হাৰ মানিব নোখোজে।নিৰন্তৰ বিফলতাৰ যাযাবৰী বতাহজাকে নিজাকৈ এটা বাট উলিয়াই ল'ব।জীৱন বাটত পৰি ৰোৱা অনেকবিধ কাঁইট, জেং,হুল আঁতৰাই তাই নিজেই এটা স্বৰ্ণিল বাট নিৰ্মাণ কৰিব।
কাৰণ তাই বিশ্বাস কৰে-
"সাধনাৰ সুৰভিৰে জগত জিনিব পাৰি,পদে-পদে ৰাখিবা মনত।"
~নগেন বৰুৱা।
লগতে তাই ভাৱে-(ভৱাতকৈও বহু কিবা কিবিৰে সমৃদ্ধ কৰিছা সময়,মোৰ বিশ্বাস তোমাৰ পৰিকল্পনাৰ প্ৰসাৰতা মই ভৱাতকৈ বহুযোজন ওপৰত।তুমি দিয়া স্বৰ্ণময় অতীতক বৰ কৃতজ্ঞতাৰে সোঁৱৰো আৰু আহিবলগীয়া ভৱিষ্যতক প্রত্যয়েৰে আদৰো।তাতেই প্ৰশান্তিৰ প্ৰাচুৰ্য।)
মৰমেৰে
উজ্জ্বয়িনী🌻
(বৃন্দাৰ আকাশ চুব খোজা সূৰ্যমুখী যাত্ৰাৰ শেষ ক'ত, এই কৃতজ্ঞতাৰ ডায়েৰীৰ মাজেৰেই জনাবলৈ চেষ্টা কৰিম।)
Comments
Post a Comment