কৃতজ্ঞতাৰ ডায়েৰী-১৪
Image credit-Sky best click
লাহে লাহে নিজকে আৱিষ্কাৰ কৰে বৃন্দাই।তাইৰ দৰে যেন এই পৃথিৱীত কোনো নাই,কোনো নাই।এই পৃথিৱীত সকলো নিজৰ দৰেই।কোনো কাৰো সৈতে তুলনা নহয়।শব্দৰ মাজেদিয়েই তাই এটা বাট বিচাৰি পাইছে,নিজক বুজাৰ,নিজক বিচাৰি চোৱাৰ,কাহানিও ভাগৰি নপৰা আত্মবিশ্বাসৰ নিছিগাজৰীৰে নিজক আলফুলে সামৰি ৰখাৰ।
"প্ৰেৰণাৰ ফুল নিজেই সিঁচিবা,
মন হ'লে ভীৰু, ক্লান্ত।
শীতৰ ৰিক্ত ডালতে গোপনে থাকে
বসন্তৰ মন্ত্ৰ...।"
-ড° নিৰ্মলপ্ৰভা বৰদলৈ।
মৰমেৰে
উজ্জ্বয়িনী🌻
Comments
Post a Comment