কৃতজ্ঞতাৰ ডায়েৰী-১৭

 #স্মৃতি

#শুভবোধ



🍁ছন্দোময় গতিৰে পাৰ হৈছে সময়।ছটিয়াই গৈছে স্মৃতিৰ এখিনি ৰঙচুৱা ৰং।সময়ে বৃন্দাক গঢ়িছে,শক্তিশালী কৰিছে,আত্মবিশ্বাসী ৰণুৱালৈ উন্নীত কৰিছে।এইযে সময়বোৰ পাৰ হৈ গৈছে,এই কথাই মাজে-মাজে বুকুত বৰকৈ খুন্দিয়ায়।কেনেবাকৈ সময়বোৰ ৰৈ যোৱা হ'লে....।

🍁অনুভূতিৰ বোৱঁতী নৈ এখন তাইৰ মাজত অহৰ্নিশে বৈ থাকে।প্ৰতিদিনাই তাই স্মৃতি বুটলি জোলোঙাত ভৰাই যায়।এই স্মৃতিবোৰেই বৃন্দাৰ বাবে মাণিক,অমূল্য ধন।বৈ যোৱা সময়ৰ সোঁতত ৰৈ যায় কেৱল আৰু কেৱল স্মৃতি।স্মৃতি বুটলি ৰখা মানুহবোৰলৈ সেয়েহে তাইৰ বৰ মায়া জাগে।

🍁মানুহৰ শুভবোধে মানুহক বহুদূৰ লৈ যায়।এইকথা বৃন্দাই বৰ সততা আৰু নিষ্ঠাৰে বিশ্বাস কৰে।মানুহে দেখুওৱা আকুলতাই তাইক জীপাল কৰে,সমৃদ্ধ কৰে,জীয়ন দিয়ে।


কৃতজ্ঞতাৰে

উজ্জ্বয়িনী🌻

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)