কৃতজ্ঞতাৰ ডায়েৰী-১৫

 "THE COTTAGE FAIRY"


জীৱ্নমুখীতাৰ সুগন্ধি বিলোৱা এটা Youtube Channel ৰ কথাৰে:


পাওলা মেৰিল(Paola Merrill)নামৰ এগৰাকী কম বয়সীয়া যুৱতীৰ খুব জনপ্ৰিয় এটা ইউটুব চেনেল(Youtube Channel) "The Cottage Fairy"।

য'ত প্ৰকাশিত হয় যুৱতীগৰাকীৰ সৃষ্টিশীল, অনুভৱী, স্পৰ্শকাতৰ মন,গভীৰ জীৱনবোধ,ঔদাৰ্য আৰু জীৱনক গৰিমা প্ৰদান কৰিব পৰা ঐশ্বৰ্যবোৰৰ।

পাওলাৰ শান্তিপূৰ্ণ আৰু সৰল জীৱনশৈলীয়ে লক্ষ লক্ষ মানুহক এক ইতিবাচক শক্তি প্ৰদান কৰিব পাৰে।কলাত্মক জীৱনৰ সাধনা কৰা পাওলাৰ প্ৰতিটো কাৰ্যই সুন্দৰ শিল্প সৃষ্টি কৰিবলৈ মানুহক অনুপ্ৰাণিত কৰিব পাৰে।শব্দৰ সুষম আৰু মিঠা প্ৰয়োগে প্ৰতিগৰাকী দৰ্শকক চমকিত কৰি তুলিব পাৰে।

বিষন্নতাই যেতিয়া হেঁচা মাৰি ধৰে,যেতিয়া নিজৰ ওপৰত বিশ্বাস হেৰুৱাৰ উপক্ৰম হয়,তেতিয়াই অনুভৱ হয় অশান্ত পৃথিৱীত যেন শান্তিৰ এক দ্বীপ  হৈছে "The Cottage Fairy"।


"The Cottage Fairy" ৰ প্ৰতিটো ভিডিঅ'ৰ পৰা এক আশ্বৰ্যকৰ মন:শক্তি অর্জন কৰিব পাৰি।পাওলাৰ সেই প্ৰসন্ন আৰু মৌ সনা হাঁহিটোৱে মোৰ দৰে আন বহুজনক মন্ত্ৰমুগ্ধ কৰে।এটা পোহৰময় বাটৰ সন্ধান দিয়ে।প্ৰকৃতিৰ সেউজীয়াখিনিৰ সৈতে সুন্দৰ সহৱস্থান কৰা,ৰং তুলিকা আৰু কিতাপৰ পৃথিৱীত মুক্তভাৱে বিচৰণ কৰা,বয়সে চুব নোৱাৰা শিশুৰ দৰে হাঁহি থকা পাওলাৰ পোহৰ বিৰিঙি থকা মুখখনে ঔষধৰ দৰে কাম কৰিব পাৰে।জীৱনৰ সৌন্দয্য বুটলি অনাত সহায়ক হ'ব পাৰে।পাওলাৰ মাজত নিহিত থকা সৰলতা,সৃজনীশীলতাই আমাৰ জীৱনবোৰো অৰ্থপূৰ্ণভাৱে সজাই তুলিব পাৰে।


আনে যোৱা বাটেৰে নোযোৱা  ছোৱালীজনীয়ে নিজাকৈ এটা বাট উলিয়াই লৈছে,সেই বাট পোহৰমুখী বাট,আত্মবিশ্বাসৰ বাট,অদম্য হেঁপাহৰ বাট।যি বাটত শান্তি আছে,জীৱন আছে,লক্ষ জনক বিমুগ্ধ,আহ্লাদিত কৰিব পৰাকৈ শক্তি আছে।পাওলা এই পৃথিৱীৰ বাবে পোহৰ বিয়পোৱা জোনাকী পৰুৱা।কেৱল নিজৰ নহৈ তেওঁ সমূহৰ বাবে হৈ উঠিছে।জীৱন জিনাৰ গান গোৱা পাওলা সকলোৰে বাবে এক ডাঙৰ শক্তি।ভাগৰুৱা মনবোৰক নিজৰ শব্দৰে নিচুকাব পাৰে তেওঁ। জীৱনৰ ওচৰত হাৰ মনা মানুহৰ মনত এটা আলফুলীয়া সপোন গুঁজি দিব পাৰে।বিশ্বাস হেৰুওৱা মানুহৰ মনত কিঞ্চিত বিশ্বাস জন্মাব পাৰে।হাঁহিবলৈ পাহৰা মানুহৰ ওঁঠত এটা মিঠা হাঁহি আঁকি দিব পাৰে।গীত গাবলৈ পাহৰা মানুহৰ মুখত এটা সুৰ আনি দিব পাৰে।এটাই জীৱন,,,তাক গঢ়ি পিটি বিনন্দীয়া কৰি তোলাৰ কলা শিকাব পাৰে।

🍁Paola is such a creative soul. I just love her content, so calming and visually stunning.I adore her peaceful and simplistic way of life, the positive energy that emulates from her videos is always a joy to experience. Her passion inspires me to create more beautiful art and share it with the world.

🍁Her words feel just kind and wise to me and they often come when needed the most. Finding peace in today's world is priceless but I have found it in Paola's series. I see a new light in her face, coming from the inside, like a happier soul, it's nice to see her like that, it inspires me so much.

🍁I love her lovely sense of whimsy in all the little spaces around her home. Enchanting. She is a reliable source of peace, beauty, calm and common sense.

🍁I love listening to her voice the most. The Cottage Fairy is a most precious island of calmness in a turbulent world.

🍁I have learnt from the Cottage fairy is the beauty of every little thing in life bringing compassion to our everyday lives and enjoying art and creating stuff just for the mere pleasure of doing so. This channel helps me understand life so much better.


🍁In a world tugging us in one fairly unnatural direction, it's soothing and peaceful to see someone living a remarkable life more in tune with nature and more human pace. 

🍁She is a ray of sunshine on a rainy day, illuminating light in the darkness, calmness on a stormy sea, her inward beauty comes, more than she knows. 

🍁she is such a blessing. I so appreciate the calm and wisdom she brings, she settles my spirit and her childlikeness helps to validate my own. Her Craft projects inspire my creativity.

🍁Thank you for blessing the world with your videos.Thank you for your gentle music, softly spoken words and a few minutes of heavenly calm for many of us listening. 

Thank You♥️

Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)