কৃতজ্ঞতাৰ ডায়েৰী-০৫
"আলোকিত হৈ উঠিছোঁ আমি, উদ্ভাসিত হৈ উঠিছোঁ মহত্বৰ জীৱনৰ বিমল স্পৰ্শত।নিজক পাৰ হৈ সপোন দেখা প্ৰতিজন মানুহ হৈ পৰিছে একো একোজন অভিযাত্ৰী।হৈ পৰিছে বিশুদ্ধ জীৱনৰ বিনম্ৰ পুৰোহিত।এতিয়া সপোন আছে।আৰু আছে আশা।এতিয়া আছে দ্ব্যৰ্থহীন আত্মীয়তা।প্ৰাণৰ মাটিত আমি ৰুম পোহৰ দিয়া গছ।"
- মাকাম
জীৱনলৈ কিছুমান সময় আহে,য'ত শব্দই সকাহ হয়।বৃন্দাও ঠিক এনেকুৱা এটা অৱস্থাতেই আছে।এনেকুৱাও নহয় যে আগতে তাইৰ এনে সময় কাহানিও অহা নাছিল।পার্থক্য মাথোঁ ইমানেই ,আগতে বন্ধু বান্ধৱীৰে ভৰা এখিনি মানুহ তাইৰ নিচেই কাষত আছিল।এতিয়া কোনো নাই।তাই এই সত্যক মানি লৈছে বৰ সৰলতাৰে।"একেবাৰে কাষত থাকিও মানুহ অলপ নিজৰ হৈ থকাৰ প্ৰয়োজন"-ক'ৰবাত তাই পঢ়িছিল।এতিয়া অনুভৱ কৰে।আজিকালি তাই কৃতজ্ঞতাৰ মহত্ত্ব অনুধাৱন কৰিবলৈ শিকিছে, আগতকৈ অলপ বেছিকৈ।
(বৃন্দাৰ এদিন ভাল হব,তাই নিজে ভৱাতকৈও।আকাশজোৰা সৎ উদ্দেশ্যখিনি তাইৰ অথলৈ নাযায়।)
"Everything you lost will be replaced by something better.We don't meet people by accident.Everyone is meant to cross our path for a reason."
"Don't be afraid of the change.You may lose something good,but you may gain something better.Slowly accepting the fact that life doesn't always go the way we want."
মৰমেৰে
উজ্জ্বয়িনী🌻
Comments
Post a Comment