কৃতজ্ঞতাৰ ডায়েৰী-১১


(জীৱনত লগ পোৱা প্ৰতিগৰাকী বন্ধুৰ হাতত...কৃতজ্ঞতাৰে♥️)



🍁তাই ভাৱে, জীৱনে বহুত সুযোগ দিব তেওঁলোকক কথাবোৰ ক'বলৈ,কৃতজ্ঞতাৰ ধাৰ পৰিশোধ কৰিবলৈ।কিন্তু কথাবোৰ তেনেকুৱা নহয়।কিছুমান মানুহৰ কথা তেনেকৈ লিখা নাযায় যদিও সময় থাকোঁতেই  কথাবোৰ কৈ বা লিখি থৈ যাব পাৰিলে ভাল।সমুখত হয়তো সিমানখিনি কথা ক'ব নোৱাৰি,যিমানখিনি কথা কৃতজ্ঞতাৰ চিঠিত ক'ব পাৰি।

🍁বৃন্দাই নাভাৱে যে, জীৱনৰ চৰম লক্ষ্যত উপনীত হোৱাৰ পিছতহে মানুহক কৃতজ্ঞতাৰে সুৱঁৰিব লাগে।তাই ভাৱে, জীৱন অতি ক্ষিপ্ৰতাৰে গতি কৰে,এই ক্ষিপ্ৰতাত যাতে কোনো কথাই মনৰ পৰা আঁতৰি নাযায়,তাৰবাবে সময় থাকোঁতেই মনত গোড়াই থকা কথাবোৰ বাকি থৈ যোৱাটো জৰুৰী।

🍁মানুহৰ জীৱনত যে কিমান হেঁপাহ অথচ প্ৰত্যক্ষ বা পৰোক্ষভাৱে সেই হেঁপাহৰ সৈতেই সংযোজিত হৈ থাকে আন বহু জনৰ আশীৰ্বাদ,শুভবোধ আৰু এখিনি অগাধ আস্থা।এই বিশ্বাসক নেওচা দিব পাৰি জানো?নিশ্চয় নোৱাৰি।এটা সোণৰ টেমাত আলফুলকৈ ভৰাই থোৱা হিৰণময়ী সময়ৰ কথাবোৰ তাই লিখি থৈ যাব।


🍁তাই লিখিব,সেইসকলৰ কথা,যিসকলে তাইৰ জীৱনটোত এখিনি মিঠা সুবাস ছটিয়াই দিলে(দিছে)।তেওঁলোকৰ উপস্থিতি নথকা হ'লে হয়তো আজি তাইৰ জীৱন কিছু বেলেগ হ'ল হয়।তেওঁলোকৰ প্ৰতি উদয় হোৱা কৃতজ্ঞতাত বৃন্দাৰ মূৰ আপোনা-আপুনি দোঁ খাই যায়।সেই কৃতজ্ঞতাৰ গভীৰতা হয়তো বৃন্দাৰ বাদে আন কাৰোৰে বাবেই  সহজে অনুমেয় নহ'ব।

"বৃন্দাৰ বুকুত হেজাৰ নোকোৱা কথাৰ গুঞ্জন।"

🍁আজিকালি বৃন্দাৰ প্ৰায়েই মনলৈ আহে-শৈশৱতেই পঢ়া-শুনা,জীৱনমুখী হোৱাৰ কৌশল শিকোৱা তাইৰ সেই বান্ধৱীজনীৰ কথা,যিয়ে নিচেই কম বয়সৰ পৰাই তাইৰ যাত্ৰা দেখিছে।মনত পৰে,সেই এৰি যাব খুজিও বাৰে বাৰে ৰৈ যোৱা শুভাকাংক্ষীগৰাকীৰ কথা।,যিয়ে তাইক জীৱনটো কিছু সুকীয়াকৈ,অৰ্থপূৰ্ণভাৱে চাবলৈ শিকালে।আত্মবিশ্বাস হেৰুৱাৰ সময়ত বিশ্বাসৰ একোখিনি পালতৰা নাও তৰি দিলে।সেইখিনি সময় আছিল বৃন্দাৰ বাবে আটাইতকৈ স্মৰণীয় সৃষ্টিশীল সময়।



🍁এইখিনি মানুহ তাইৰ আপোনৰো আপোন।সন্মুখত কৃতজ্ঞতাৰ পাঠ আওৰাব নোৱাৰাৰ এঙাৰবৰণীয়া শোক এটাই তাইক অৱশ্যে মাজে-মাজে প্ৰায়েই দহে।

🍁মাতিলেই হেনো জোনাক নামি আহে।বৃন্দাৰ বাবে তাই জোনাকেই।যাক তাই বিচাৰিলেই আকাশৰ পৰা মাটিলৈ মাতি লৈ আনিব পাৰে।কাহিনীৰ আঁৰৰ কাহিনীবোৰ নীৰৱে পৰি ৰয় নোকোৱাকৈ।কিন্তু কৈ থৈ যোৱাটো জৰুৰী।তথাকথিত সফলতাৰ পিছত কাষতে থকা মানুহখিনিক ধন্যবাদ বুলি কোৱাতকৈ, লগত গৈ দিওঁতেই মূল্য দিয়াটো জৰুৰী।বৃন্দাই কথাবোৰ তেনেকৈয়ে ভাৱে।

🍁য'ত মৰম থাকে,তাতেই জীৱন থাকে।জীৱন কি,বন্ধুত্ব কি নুবুজাৰ পৰাই বৃন্দাৰ লগত তাইৰ বন্ধুত্ব।কিমান আহিলে, কিমান গ'ল,পুৰণি বোৰ লগতে ৰ'ল।বৃন্দাই কয়-"আমি আমাৰ যাত্ৰা দেখিছোঁ,আৰু যে কিমান দেখিবলৈ বাকী।

আমাৰ ভাল হ'ব,আমি ভৱাতকৈও।আমাৰ সপোনবোৰ পূৰণ হ'ব।"

🍁সকলো আঁতৰি যোৱাৰ পিছতো, তাইক তুলি ধৰিবলৈ এখিনি মানুহ আজিও আছে।"মই জানো তুমি কৰিবা আৰু পাৰিবাও।তুমি নিজৰ কষ্টৰে সমাজত এটা স্থান কেতিয়াবাই বনালা তুমি গম নোপোৱাকৈয়ে সেইয়াও এদিনৰ কষ্ট নাছিল।তুমি গঢ়িছা নিজকে।মই নিজেও তোমাৰ পৰা বহুত শিকিছোঁ। I feel lucky to be a part of your journey."

ইমান বিশ্বাসভৰা কথাখিনি।কোনোবাই কাৰোবাৰ ওপৰত ইমানখিনি বিশ্বাস ৰাখিব পাৰে?এই বিশ্বাস ভাগে বুলি তাইৰ কিমান যে ভয় লাগে।নাই,বৃন্দাই তেওঁলোকৰ বিশ্বাস ভংগ কৰিব নোৱাৰে।এনেধৰনৰ আশাব্যঞ্জক বাণীত তাইৰ বাবে অমোঘ শক্তি আছে।

🍁এনে বন্ধুত্বক তাই শ্ৰদ্ধা কৰে।ইমান গভীৰ কথাবোৰ তেওঁ ইমান সৰলকৈ বুজাই দিব পাৰে....।


🍁পুৰণি বন্ধুবোৰ তাইৰ বাবে সোণৰ টুকুৰা।যিমানে পুৰণি হৈছে,সিমানেই উজ্জ্বলি উঠিছে।

🍁বিশ্বাস-এই এটা মাত্ৰ শব্দই তাইক কিমানবাৰ যে ভাঙিছে,বিশ্বাস,অবিশ্বাসৰ মাজৰ বিন্দুত কিমানবোৰ সম্পৰ্ক যে ওলমি ৰৈছে অথচ কিমানবাৰ যে তাইক তুলি ধৰিছে তাৰ লেখ নাই।এছোৱা পথৰ সন্ধান দিবলৈ আজিও তাই বহুজনক লগ পায়।সকলোৱেই কিবা নহয় কিবা শিকাই থৈ যায়।এনে বহু আত্মিক সম্পৰ্কৰে চহকী তাই।সময়ৰ লগে লগে কোনোবাজন ৰৈ গ'ল,কোনোবাজন  কিছু নিলগত ৰ'ল।তথাপি তাই অনুভৱ কৰে,তেওঁলোক যেন তাইৰ নিচেই কাষৰতে আছে।আত্মিক সম্পৰ্কবোৰ যেন তেনেকুৱাই।তেওঁলোকে নজনাকৈয়ে তাই তেওঁলোকক অহৰহ নিজৰ মাজত কঢ়িয়াই ফুৰে।হৃদয়ত কঁপনি তুলিব পৰাকৈ বন্ধুত্বৰ সেই মিঠা সুহুৰি আজিও বাজে,তাই আজিও ৰ' লাগি শুনে।

🍁সপোনলৈ আৰু বহুযোজন বাট,দেৰি হ'ব বুলি জানিও,জানো হেঁপাহখিনি হেৰায়?অথচ এখিনি আশাফুল সদায় ফুলি থাকে,জকমকায়।

"ভাগৰুৱা সময় উৰে তোমাৰ বুকুৰে, জিৰণিয়ে হেঁপাহ পলুৱাই আবেলিৰ হেঙুল বাটেৰে,তুমি মোৰ,মই আমিতেই,সপোনো আমাৰেই, ডেউকা আমিয়েই।"

-তৰালী শৰ্মা।

(বৃন্দাৰ  বাবে জীৱনত লগ পোৱা প্ৰতিজনেই জোনাকৰ জোনাকী।তাইৰ ডেউকা মজবুত কৰা একো একোটা শক্তি।)

মৰম আৰু কৃতজ্ঞতাৰে

উজ্জ্বয়িনী🌻



Comments

Post a Comment

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)