কৃতজ্ঞতাৰ ডায়েৰী-07
ক'ৰবাত পঢ়া মনত পৰে-
"সোণৰ পাহাৰ হেৰাই গ'লেও বিতত নহ'বা।গৈ থাকিবা,এদিন হীৰাৰ পাহাৰ পাবাগৈ।"
আচলতে জীৱনৰ নোপোৱাবোৰক লৈ বৰ বিশেষ বিতত হোৱাৰ প্ৰয়োজন নাই।সময়ে দি যোৱা উপহাৰবোৰ গ্ৰহণ কৰি,সমস্যাবোৰক সময়ৰ নৈত উটাই দিয়া,সময়ৰ নৈয়ে উটুৱাই লৈ যাব।
প্ৰত্যাহ্বান আহিছে,আহিবলৈ দিয়া।প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিত কৰাৰ দায়িত্ব আমাৰ।বিফলতাৰ পিছতো স্থিৰ হৈ থকাটো বৰ সহজ নহয়,তাতোকৈও সহজ নহয় অকলে বাট বোলা।তথাপি এই যাত্ৰাৰ গোন্ধ মিঠা।বৃন্দাৰ বাবে অপ্ৰাপ্তিৰো এক অনন্য মাদকতা আছে,প্ৰাপ্তিৰ পোহৰে স্পর্শ কৰিব নোৱাৰা এক সুকীয়া মাদকতা....।
"हौसले बूलोंद हो तो समंदर में भी राह बन जाती हैं।"
A line that always gives her hope:
EVERYTHING HAPPENS FOR A REASON.
মৰমেৰে
উজ্জ্বয়িনী🌻
Comments
Post a Comment