কৃতজ্ঞতাৰ ডায়েৰী-২৬

(বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে হোষ্টেলৰ সন্মুখত এই ফটোকেইখন তুলিছিলোঁ।)
আকাশ,এখন হেঁপাহৰ নীলাকাশ, য'ত তাইৰ সপোনবোৰ চৰাই হৈ ডেউকা মেলি উৰিছে,
আলফুলকৈ বুকুত গুঁজি লোৱা সপোনটোৰে সৈতে তাই লৰিয়লি চৰাই হৈ আকাশৰ শেষ সীমা চুই চোৱাৰ অভিপ্সা ৰাখিছে।
আকাশৰ বিশাল কেনভাচত তাই সপোনৰ এখিনি আৱিৰ ছটিয়াই দিছে,
গুণগুণাইছে এটি আকাশৰঙী গান।
সপোনৰ পৰিধি নাই,
আকাশৰ দৰেই,
তাই বুজিলে...।
মৰমেৰে
উজ্জ্বয়িনী🌻
Comments
Post a Comment