কৃতজ্ঞতাৰ ডায়েৰী-09


হাঁহিবলৈ শিকা,😊

যদি আজি তুমি ক'ৰবাত বিফল হৈ উলটি আহিছা,তেন্তে ভাৱিবা, কাৰোবাৰ বাবে হয়তো সেই সফলতাৰ তোমাতকৈ বেছি প্ৰয়োজন আছিল।

হাঁহিবলৈ শিকা,😊

যদি কিবা তোমাৰ পৰা হেৰাই গৈছে বা আঁতৰি গৈছে,তেন্তে ভাৱিবা, যাৰ ভাগ্যত আছিল তেৱেঁই সেইয়া লাভ কৰিছে।

হাঁহিবলৈ শিকা,😊

যদি তোমাৰ হৃদয় ভাঙি চুৰমাৰ হৈছে,

তেন্তে ভাৱিবা, কিবা এটা জোৰা লাগিবলৈ,কিবা এটা ভাঙিব লাগেই চাগে।

আৰু যদি হৃদয়ত এপিয়লা দুখ থাকি গৈছে,তেতিয়া সেই দুখ ভাগ-বাটোৱাৰা কৰি মাত্ৰ হাঁহিবলৈ শিকা। যদি হৃদয় সন্তুষ্টিৰে ভৰি থাকে, তেতিয়াও একেটাই কৰা।


যেতিয়া এই কথা ভাৱি হতাশ হোৱা যে,

এইটো হোৱাহ'লে এনেকুৱা হ'লহেঁতেন,সেইটো হোৱাহ'লে তেনেকুৱা হ'লহেঁতেন,তেতিয়া এইটো ভাৱি হাঁহিবা যে,ইয়াতকৈ বেয়া হোৱাহ'লে কি হ'লহেঁতেন?

হাঁহিবলৈ শিকা,😊

যদি তোমাৰ এখন ঘৰ আছে,

এখিনি আদৰৰ মানুহ আছে ,

পিন্ধিবলৈ কাপোৰ,

আৰু পেটৰ ভোক মাৰিবলৈ এখিনি খাদ্য আছে।

আৰু যদি বেছিকৈ আছে, তেনেহ'লে আনৰ সৈতে বিলাই দিবা।


যেতিয়াই কোনোবাই সুধিব,জীৱনত সুখী হোৱাৰ মন্ত্ৰ কি,তেতিয়া সোণাৰুবুলীয়া হাঁহি এটি মাৰি ক'বা,

আপোনাৰ ওঁঠত লাগি থকা এই হাঁহিটো।


ধন্যবাদ।

(অনুবাদ-উজ্জ্বয়িনী🌻

মূল-Nayab Midha♥️



Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)