Posts

Showing posts from 2020

গ্ৰন্থ(০৩):পপীয়া তৰাৰ সাধু🍂🍂🍂

Image
  গ্ৰন্থ:০৩----পপীয়া তৰাৰ সাধু(ড° ৰীতা চৌধুৰী) ☘️বুকুৰ মাজত মনৰ হাতনি পেৰাত আলফুলে সাঁচি ৰখা এখন উপন্যাস, যিখন উপন্যাসে লানি নিচিগাকৈ কৈ গৈছে প্ৰেম- অপ্ৰেমৰ কথা,প্ৰাপ্তি -অপ্ৰাপ্তিৰ কথা,জীৱনৰ বৰ্ণময়তাৰ কথা,বিবৰ্ণতাৰ কথা অথবা বাস্তৱৰ আঁৰৰ নিৰ্মম বাস্তৱৰ কথা।মই লিখিবলৈ লোৱা গ্ৰন্থখন হৈছে-অসমীয়া সাহিত্যৰ পথাৰখন অধিক বৰ্ণময় কৰি তোলা ড° ৰীতা চৌধুৰী বাইদেউৰ জনপ্ৰিয় উপন্যাস-পপীয়া তৰাৰ সাধু। ☘️উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ এগৰাকী দক্ষ সাংবাদিক হোৱাৰ অভিকাংক্ষাৰে গুৱাহাটী মহানগৰীলৈ সাংবাদিকতা পঢ়িবলৈ অহা বৰ্ণাঢ্য প্ৰতিভা আৰু সাৰল্যতাৰে অলংকৃতা,শব্দৰ সৈতে খেলি ভাল পোৱা জেউতি নামৰ এজনী সপোনপিয়াসী ছোৱালীৰ।ময়ূৰপঙ্খী সপোনবোৰে পূৰ্ণতা নাপাওঁতেই কিদৰে মূধা-ফুটা বাতৰি কাকতৰ সম্পাদক,কোমল হাতৰ তলুৱাত দীঘল নখ কঢ়িয়াই লৈ ফুৰা আন এচাম ব্যক্তিৰ ষৰযন্ত্রৰ বলি হৈ সপোনৰ বীণাত সুৰ বান্ধোতেই এটি নক্ষত্ৰ পপীয়া তৰা হৈ আকাশৰ পৰা সৰি পৰিল তাকেই সাহিত্যিক গৰাকীয়ে তেখেতৰ কলমৰ তীক্ষ্ণতাৰে বলিষ্ঠৰূপত উপস্থাপন কৰিছে। ☘️সাহিত্যৰ পথাৰখনত জেউতিয়ে অপৰ্ণা বাইদেউক এক জ্যোতিৰ্ময় সত্বা ৰূপে গণ্য কৰিছিল।গুৱাহাটীলৈ আহি জেউতিয়ে...

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ(প্রিয় সংলাপ)

Image
গ্ৰন্থ:চাহেবপুৰাৰ বৰষুণ(০২) অনুৰাধা শৰ্মা পূজাৰী। প্রিয় সংলাপ: ১.বৰষুণৰ বৰণ নাই,আকাৰ নাই,নদীত পৰিলে নদী,সাগৰত পৰিলে সাগৰ।বৰষুণ ভালপোৱা মানুহে মলিনতা ভাল পাব নোৱাৰে। ২.জীৱনটোৱেই এটা ৰে'ল লাইন।জীৱনৰ ঘটনা-উপঘটনাবোৰ একো একোটা ডবা,হাঁহি-কান্দোন,দুখ-সুখৰ অনুভূতিৰে কঢ়িওৱা এই ডবাবোৰ অনিশ্চিত কিন্তু বৰ আপোন। ৩.মানুহে বৰ ভুল কৰে প্ৰেমক হাতৰ মুঠিত ৰাখিবলৈ যত্ন কৰি,পানীক হাতৰ মুঠিত বন্দী কৰিব পাৰি জানো? ৪.একো নজনাকৈ,অবিশ্বাস্যভাৱে প্ৰেম আহে।প্ৰেমে সদায় অংক ভুল কৰে কিন্তু কবিতা ভাল লিখে।জ্যামিতিৰ বাহু নিমিলে কিন্তু তাৰ ওপৰতে এটা ঘৰ সাজে।এই একো নজনাকৈ ভুল কৰি,অনিয়ম কৰি নিবিচৰাকৈ যেতিয়া ভাল লাগে,সেইয়াই প্ৰেম। ৫.জীৱন এক বিলাস ভ্ৰম।একধৰণৰ নিচা।সদায় মানুহে কিবা এটা আৰু ভাল হোৱাৰ নিচাত জীৱনটো লৈ গৈ থাকে। ৬.বৰ্ষা সুখৰ পিয়াহ সকলোৰে লাগে কিন্তু পিয়াহ লাগিলেই যিকোনো পাত্ৰত পানী খাবানে?সুখৰ গিলাচটো তোমাৰ পছন্দৰ আই মিন চিনি পাব লাগিব।জীৱন আৰু সুখ দুখক কিয় একাকাৰ কৰিছা? ৭.তৰ্ক মানেইতো সংঘাত নহয়,বৰঞ্চ তৰ্কই দুজন মানুহক অধিক ঘনিষ্ঠহে কৰে। ৮.নিশাবোৰ ভাগি-ছিগি যায় দুখ ...

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

Image
গ্ৰন্থ:চাহেবপুৰাৰ বৰষুণ(০২) অনুৰাধা শৰ্মা পূজাৰী। ■মুকুতাবুলীয়া সাহিত্যিক সৃষ্টিৰাজি সমূহে পাঠকৰ পৰাণ জুৰায়, সৃষ্টিৰ বন্যাৰে এই মৰততে  মৰমী সৰগ ৰচে আৰু পাঠকৰ মন দেউলত সৃষ্টি কৰে অমৃতময় ঢৌৰ।অসমীয়া সাহিত্য জগতলৈ আশাৰ জেউতিৰ অনুৰণন তোলা এখন উপন্যাস আছিল নিজস্ব সাধনাৰে সিদ্ধি লাভ কৰা অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ জনপ্ৰিয় উপন্যাস-চাহেবপুৰাৰ বৰষুণ।কল্পনা আৰু বাস্তৱৰ আলম লৈ বুটাবছা ৰিহাখনিৰ দৰেই  অসীম ধৈৰ্য আৰু প্ৰচুৰ সাধনাৰে পাঠকৰ পৰাণত জুৰণি ঢালিব পৰাকৈ লিখি উলিওৱা চাহেবপুৰাৰ বৰষুণ লেখিকাৰ এক মনোগ্ৰাহী সৃষ্টি। ■উক্ত উপন্যাসখনত বিহাৰ ৰাজ্যৰ বিভিন্ন খৰাং পীড়িত অঞ্চলৰ সমান্তৰালভাৱে অসমৰ ঐতিহ্যমণ্ডিত ইতিহাস প্ৰসিদ্ধ অসমৰ নদীদ্বীপ মাজুলী আৰু ইয়াৰ অন্তৰ্গত বৰ্ণিল সংস্কৃতিৰ সোণসেৰীয়া বিৱৰণ উপলব্ধ হয়।গ্ৰন্থখনৰ আৰম্ভণিতে ১৬ দিনৰ পিছত নিজৰ হ'বলগীয়া বিবাহ উপলক্ষে আমেৰিকাত কৰ্মৰত প্ৰান্তিক আৰু দিল্লীত অধ্যয়নৰত বৰ্ষা নামৰ দুই প্ৰেমিক যুগলৰ স্ব-গৃহ অসম অভিমুখে ৰাওনা হোৱা ৰে'লযাত্ৰাৰ মাজৰ অন্তহীন কথোকথন আৰু মাজে মাজে দুই প্ৰেমিক যুগলৰ মাজত বিভিন্ন বিষয়ক লৈ হোৱা যুক্তি তৰ্কক লেখিকাই...

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)

Image
উপন্যাস:বিভ্ৰান্ত বাস্তৱ(০১) ৰীতা চৌধুৰী। গ্ৰন্থখনৰ প্রিয় সংলাপ: ভাললগা শব্দৰ সুগন্ধি এবাৰ নাকত লাগিলে আঁতৰ কৰিবলৈ টান।জনপ্ৰিয় সাহিত্যিক ৰীতা চৌধুৰী বাইদেউৰ বিভ্ৰান্ত বাস্তৱ উপন্যাস খনৰ হৃদয় আলোড়িত কৰা বাক্যবোৰ.... ১.সূৰ্যৰ ওচৰত আঁঠু লোৱাই ৰাতিৰ জোনৰ কাম। ২.অপযশৰ দাগ লগা ছোৱালীৰ সমাজত কোনো দাম নাথাকে।মোৰ চকুত চকু পৰা প্ৰতিজন মানুহৰে চকুৰ চাৱনিয়ে এই কথা কৈছিল।কিন্তু মই ভাবিছিলোঁ-তোমালোকে যাক দাম বুলি কোৱা,মোৰ কাৰণে সেইয়া হেলাৰঙে দলিয়াই দিব পৰা,হাঁহি উঠা তুচ্ছতা...। ৩.কৰবাত সকলো মানুহ নিসংগ আৰু নিৰূপায়।কিছুমানে নিঃসংগতা আৰু নিৰূপায়তা আছে বুলি স্বীকাৰ কৰে আৰু কিছুমানে নকৰে,ইমানেই পার্থক্য। ৪.এই পৃথিৱীত সভ্যতাৰ আদিৰ পৰা আজিলৈ হাজাৰ মানুহে হাজাৰ বাস্তৱ,হাজাৰ সত্য নিজৰ সৈতে মৃত্যুলৈ লৈ গৈছে।মৃত্যুৰ সময়ত যি দুটোপাল চকুপানী নিগৰি ওলাই,সেইবোৰেই হয়তো সেই নিজৰ লগত লৈ যাব লগীয়া নোকোৱা কথাবোৰ বা অভিমানবোৰ,যিবোৰ নিজৰ ভিতৰত জন্ম হৈ অকলেই ৰৈ যায়। ৫.সকলো মানুহে নিজৰ ভিতৰত কঢ়িয়াই ফুৰে বাস্তৱৰ আঁৰৰ বাস্তৱ।যি কেতিয়াও কাকো দেখুৱা নাযায়,কেতিয়াও কাকো কোৱা নাযায়।নিজৰ ভিতৰ...

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

Image
গ্ৰন্থ:বিভ্ৰান্ত বাস্তৱ(০১) ৰীতা চৌধুৰী। #বিভ্ৰান্ত বাস্তৱ উপন্যাসখনৰ চমু বিৱৰণ: অপ্ৰতিম বাখৰ খটোৱা সাহিত্যিক কৰ্মৰাজীৰে পাঠকৰ হৃদয়ৰ প্ৰতিটো কোঠা হিল্লোলিত কৰি ৰখা অসমীয়া সাহিত্য জগতৰ এটি শুভ্ৰম আৰু চিনাকি নাম-ডঃ ৰীতা চৌধুৰী।একোখন ভাল উপন্যাসে পাঠকৰ মনৰ গহন কোণত ভাৱৰ উদ্দীপনী শিখা প্ৰজ্বলিত কৰে।মই লিখিবলৈ লোৱা,মোৰ বুকুৰ বৰঘৰ মুখৰ কৰি ৰখা এখন জনপ্ৰিয় উপন্যাস হৈছে ডঃ ৰীতা চৌধুৰী বাইদেউৰ 'বিভ্ৰান্ত বাস্তৱ'। ●"সকলো মানুহে নিজৰ ভিতৰত কঢ়িয়াই লৈ ফুৰে বাস্তৱৰ আঁৰৰ বাস্তৱ।যি কেতিয়াও কাকো দেখুওৱা নাযায়, কেতিয়াও কাকো কোৱা নাযায়।নিজৰ ভিতৰত নিশ্চুপ হৈ থাকি মৃত্যুৰ আন্ধাৰত হেৰাই যোৱা কিছু অনুচ্চাৰিত সত্য।" উপন্যাসখন পঢ়ি উঠাৰ পিছত উপন্যাসখনৰ প্ৰতিটো শব্দই মোক চহকী কৰিছিল আৰু গায়ত্ৰী নামৰ সেই বিশেষ সৰলমনা আৰু নম্ৰ গুণৰ জেউতিসমৃদ্ধ চৰিত্ৰটিয়ে বাৰে-বাৰে চকুৰ আগত অগা-দেৱা কৰিছিল।যৌৱনে কৃষ্ণচূড়াৰ ফুলৰ দৰে সপোন,কল্পনা আৰু ৰঙৰ পোহাৰ মেলি দিয়াৰ সময়তেই গায়ত্ৰীয়ে দেখা পাইছিল অন্য এক বাস্তৱ,বাস্তৱৰ আঁৰৰ বাস্তৱ আৰু মুখৰ পিছত থকা মুখ।প্ৰেমক প্ৰধান হাতিয়াৰ হিচাপে লৈ কিদৰে ...

মধুৱনী আৰ্ট🌺🌺🌺

Image
#মধুবনীআৰ্ট: ★পুৰণি ভাৰতীয় লোকচিত্ৰসমূহৰ ভিতৰত যুগসাক্ষী হৈ পৰা এবিধ নিপুণ চিত্ৰকলা হৈছে মধুৱানী বা মিথিলা আৰ্ট।আজিৰ পৰা প্ৰায় ২৫০০ বছৰৰ পূৰ্বেই বিহাৰ ৰাজ্যৰ মিঠিলা প্ৰদেশৰ মধুৱানী জিলাৰ অন্তৰ্গত গ্ৰামীণ মহিলা সকলে নিজ গৃহৰ শান্তি,সমৃদ্ধি আৰু সৌষ্ঠৱ বৃদ্ধি কৰাৰ উদ্দেশ্যে ঘৰৰ বেৰত ঘৰুৱাভাৱে প্ৰস্তুত কৰা সামগ্ৰীৰে ভিন্ন আকৃতিৰ চিত্ৰ অংকিত কৰিছিল আৰু বিবাহ,উৎসৱ পাৰ্বন সকলোতে এই কলাই বিশেষঃ বৈশিষ্ট্য বহন কৰিছিল যি আজিও বাহাল আছে।সম্পূৰ্ণ প্ৰাকৃতিক সামগ্ৰীৰ জৰিয়তে আৰম্ভ কৰা এইবিধ কলা পৰৱৰ্তী সময়ত কাগজ,কেনভাচ আৰু বিভিন্ন পোছাকতো  এই বিধ কলাৰ আকৃতি অংকন কৰিবলৈ লয়। ★ইতিহাস সমৃদ্ধ এই বিধ কলা জনক কন্যা সীতাৰ(মৈথিলী) জন্মৰ পৰাই আৰম্ভ হয় বুলি অনুমান কৰা হয়।এইবিধ কলাৰ মুঠ পাঁচবিধ জনপ্ৰিয় ভিন্নতা পূৰ্ণ শৈলী আছে সেইয়া যথাক্ৰমে: ১.ভৰণি(bharni) ২.কাচনি(kachni) ৩.তান্ত্ৰিক(trantrik) ৪.গদনা(Godna) ৫.কোহবৰ(Kohbar) ★জনককন্যা সীতাৰ শুভ পৰিনয়ত এইবিধ কলাৰে বিহাৰ ৰাজ্যৰ অন্তৰ্গত মিঠিলা, মধুৱানী,জনকপুৰ সকলো স্থান সজোৱা হৈছিল।যাৰ বাবে সমগ্ৰ বিহাৰ ৰাজ্যখন দৃষ্টিনন্দন হৈ পৰিছিল আৰু সেই সময়ৰ পৰা...

"Haldiram" ৰ সাফল্যৰ কাহিনী☘️

Image
নতুন চিন্তা,নতুন সোৱাদৰে শিখৰ চোৱা 'Haldiram's' ৰ সাফল্যৰ কাহিনী: ■ভাৰতবৰ্ষৰ খাদ্য উদ্যোগসমূহৰ ভিতৰত নতুন সোৱাদযুক্ত এটা জনপ্ৰিয় আন্তৰাষ্ট্ৰীয় ব্ৰেণ্ড হৈছে সকলোৰে পৰিচিত 'Haldiram'।ৰাজস্থানী সোৱাদ সমৃদ্ধ এই ব্ৰেণ্ডৰ আৰম্ভণিৰ আঁৰৰ কাহিনী অতিকৈ বৰ্ণিল আৰু আকৰ্ষণীয়।১৯৩৭ চনত ৰাজস্থানৰ বিকানিয়াৰ জিলাৰ পৰা শুভাৰম্ভ হোৱা এই প্ৰয়াসে আশী বছৰৰো অধিককাল ধৰি সাধাৰণ জনতাৰ মাজত নিজস্ব অসাধাৰণ চিন্তা আৰু পৰিকল্পনাৰে আজিও সমুজ্জল হৈ হৈছে। ■কাহিনী অনুসৰি টনসুখ দাস (Tansukh Das) নামৰ এজন ব্যক্তিয়ে নিজৰ ভগ্নীৰ পৰা ভুজিয়া  বনোৱাৰ কৌশল শিকিছিল আৰু বিকানিয়াৰ  চহৰত থকা নিজৰ 'chunchy and tasty namkeen shop' নামৰ এখন সৰু দোকানত এই ভুজিয়া বিক্ৰী কৰি নিজৰ পৰিয়াল পোহপাল দিছিল।টনসুখ দাসৰ পুত্ৰ গংগাভিষণ আগৰৱালে এই নমকিন ভুজিয়াক কিছু নৱ ৰূপ দি নতুনত্বপ্ৰদানকৰাত পূৰ্বতকৈ অধিক সোৱাদযুক্ত হৈছিল যিয়ে তেওঁলোকৰ ব্যৱসায়লৈও আমূল পৰিৱৰ্তন আনে।এই ভুজিয়াৰ চাহিদা ইমান বেছি হাৰত বৃদ্ধি পাই যে দোকানৰ সন্মুখত গ্ৰাহকৰ দীঘলীয়া শাৰীৰ সৃষ্টি হ'ল আৰু এই সৰু দোকান খ...

কলগেট আৰু কিছু কথা🌼🌼🌼

Image
"world's best selling toothpaste brand" কলগেট আৰু কিছু কথা: ★প্ৰতিজন মানুহৰ মাজতেই গোপনে সযতনে সংৰক্ষিত হৈ থাকে একো একোটা অনুসন্ধিৎসু পিপাসু মন।সেই সন্ধানী মনটোৱে যেতিয়া সৃষ্টিশীলতাৰে সপোনৰ বাট কাটি জিলমিলাই উঠে পুৱাৰ প্ৰথম সুৰুজৰ দৰে তেতিয়াই সেই সৃষ্টি হৈ পৰে এখনি নৈৰ দৰে নিৰংকুশ,নিৰৱধি। বিশ্বৰ সৰ্বাধিক বিক্ৰী হোৱা এটা টুথপেষ্ট ব্ৰেণ্ড হৈছে কলগেট,যি মুঠ এশ ঘৰ মানুহৰ ভিতৰত ৭৬ ঘৰ মানুহেই ব্যৱহাৰ কৰে ,সেই টুথপেষ্ট ব্ৰেণ্ডৰ আৰম্ভণি আৰু ইতিহাস অতিকৈ পুৰণি।আজিৰ পৰা প্ৰায় ২১০বছৰৰ পূৰ্বেই উইলিয়াম কলগেটে আৰম্ভ কৰিছিল কলগেট কোম্পানীৰ।অৱশ্যে তেতিয়া এই কোম্পানীয়ে টুথপেষ্টৰ সলনি OCTAGON নামৰ এবিধ চাবোন প্ৰস্তুত কৰিছিল।প্ৰথমাৱস্থাত আজিৰ টিউবত উপলব্ধ কলগেট পোৱা গৈছিল চিচাৰৰ পাত্ৰত। ★নিজৰ অভিনৱ সৃষ্টিৰে  সকলো ভৌগলিক সীমা অতিক্ৰম কৰি ব্যক্তিৰ হৃদয়ৰ চুবুৰীত ঠাই লোৱা কলগেট কোম্পানীৰ স্ৰষ্টা উইলিয়াম কলগেটৰ ইংলেণ্ডত ১৭৮৩ চনৰ ২৫ জানুৱাৰীত জন্ম হৈছিল।এটা কঠোৰ সংগ্ৰামী পৰিয়ালত জন্মগ্ৰহণ কৰা উইলিয়াম কলগেটৰ পিতৃ ৰবাৰ্ট কলগেট প্ৰথমে এজন খেতিয়ক আছিল।পৰৱৰ্তী সময়ত ১৭৯৮ ...

মনৰ মাজুলীত ঠাই লোৱা জনপ্ৰিয় কাৰ্টুন চিৰিজ 'চিনচেন' আৰু কিছু কথা:

Image
মনৰ মাজুলীত ঠাই লোৱা জনপ্ৰিয় কাৰ্টুন চিৰিজ 'চিনচেন' আৰু কিছু কথা: ■এখন জনপ্ৰিয় এনিমেচন চিৰিজ,যি বিগত এটা দশকতকৈও অধিক সময় জুৰি শিশুৰ মনৰ গহন কোণত শুভ্ৰম হৈ জিলিকি আছে,তেনে এখন কাৰ্টুন ছিৰিজ হৈছে-চিনচেন(shinchan)।চিনচেন,এই হাস্যৰসিক চৰিত্ৰটিয়ে পৃথিৱীৰ বিভিন্ন কোণৰ মানুহক এক নতুন খোৰাক দি জনপ্ৰিয়তাৰ সোণালী খটখতিৰে ইতিমধ্যেই বহুদূৰ আগুৱাই গৈছে। চিনচেন কাৰ্টুন ছিৰিজৰো আছে এক বৰ্ণাভ ইতিহাস। ■চিনচেনৰ আৰম্ভণি এখন জাপানীজ কমিকছ ছিৰিজৰ পৰা হৈছিল।যিখনৰ লেখক আছিল য়শ্চিত উছাই(Yoshito usui)।চিনচেন চিৰিজ  এটা সম্পূৰ্ণ বাস্তৱ চৰিত্ৰৰ আধাৰত প্ৰতিষ্ঠিত।প্ৰাপ্ত তথ্য অনুসৰি চিনচেন, মাতৃ আৰু ভগ্নীৰ সৈতে বজাৰ কৰিবলৈ যাওঁতে ভগ্নী এটা দুৰ্ঘটনাৰ মুখামুখি হৈছিল আৰু সেই দুৰ্ঘটনাৰ পৰা নিজ ভগ্নীক উদ্ধাৰ কৰিবলৈ যাওঁতেই চিনচেন আৰু ভগ্নী দুয়োৰে মৃত্যু হৈছিল। ■জীয়া বাস্তৱক বুকুত বান্ধি অদম্য সাহসেৰে মাকে দুই সন্তানৰ সোণবৰণীয়া স্মৃতিৰ লগতে  দুয়ো জীৱিত হৈ থকাহেঁতেন তেওঁলোকৰ জীৱন কেনেধৰণৰ হ'লহেঁতেন,কিদৰে সিহঁতে সৰুকালৰ ভিন ভিন হাস্যৰসিকতাসমৃদ্ধ কাণ্ডবোৰ কৰিলহেঁতেন ইত্যাদি  অভিকল...

CADBURY CHOCOLATE ৰ সফলতাৰ আঁৰৰ কাহিনী:

Image
"দৰিদ্ৰই সপোন দেখে,ভীক্ষাৰীয়ে সপোন দেখে, ৰজা সম্ৰাটেও কেতিয়াবা সপোন দেখে।সপোনৰ ৰাজ্যখনৰ দুৱাৰ সকলোৰে কাৰণে সদায় মুকলি।"(চৈয়দ আব্দুল মালিক) আকাশৰ শেষ সীমা চুই চোৱাৰ আপাহতে এটি আলফুলীয়া সপোন বুকুত গুজি লৈ সৃষ্টিৰ কঠিয়া সিঁচাৰ অভিকাংক্ষা প্ৰায় সকলোৰে থাকে। লিখিবলৈ লৈছোঁ নিজস্বতাসমৃদ্ধ সোৱাদেৰে সমগ্ৰ বিশ্বত প্ৰসিদ্ধি লাভ কৰা কেডবেৰী চকলেটৰ অন্তহীন প্ৰেৰণা সম্বলিত সফলতাৰ আঁৰৰ কাহিনীৰ বিষয়ে।কাহিনীৰ আৰম্ভণি হয় জন কেডবেৰী নামৰ এজন সৰু ল'ৰাৰ পৰা,যাৰ জন্ম হৈছিল আজিৰ পৰা প্ৰায় ২১৬ বছৰ পূৰ্বে ব্ৰিটেইনৰ বাৰ্মিংহাম নামৰ ঠাইত।তেওঁ এটা কুৱাকাৰ(quakar family)পৰিয়ালক প্ৰতিনিধিত্ব কৰিছিল,তেওঁলোকে চাৰ্চ বা অন্যান্য ধৰ্মীয় অনুষ্ঠানত বিশ্বাসী নাছিল।ঈশ্বৰ আৰু উপাসকৰ মাজত এনেধৰণৰ ধৰ্মীয় অনুষ্ঠানৰ প্ৰয়োজনীয়তাকো সম্পূৰ্ণৰূপে নাকচ কৰিছিল।সমাজৰ অন্যান্য লোকসকলে তেওঁলোকক এক পৃথক মান্যতা প্ৰদান কৰিছিল আৰু এনে পৰিয়ালৰ সন্তানে কোনো ভাল শিক্ষানুষ্ঠান কিম্বা সামৰিক বাহিনীত যোগদান কৰাৰো অনুমতি লাভ কৰা নাছিল।সেয়েহে ব্যৱসায়ৰ মাধ্যমেৰে নিজক স্বাৱলম্বী কৰাৰ বাহিৰে তেওঁলোকৰ অন্য কোনো উপায় নাছিল।পৰৱৰ্তী সম...

বাস্তৱৰ দুৰন্ত প্ৰত্যাহ্বানক নেওচি প্ৰেৰণাৰ ফল্গুধাৰা বোৱাই দিয়া ব্যক্তিজন:

Image
বাস্তৱৰ দুৰন্ত প্ৰত্যাহ্বানক নেওচি প্ৰেৰণাৰ ফল্গুধাৰা বোৱাই দিয়া ব্যক্তিজন.... দৰিদ্ৰতা - যাৰ কৱলত পৰি স্তব্ধ হৈ যায় বহুতৰে খৰস্ৰোতা সময়,জীৱন মৰহি যায় আৰু আশাবোৰ? আশাবোৰ যেন আলফুলে শুই পৰে মন কিম্বা মগজুৰ একোটা বিশেষ কোণত।চন ১৮০৯,তাৰিখ ১২ ফেব্ৰুৱাৰী,হাৰ্ডিন দেশৰ কেনটুকীত জন্ম হৈছিল এজন বিশ্ববিশ্ৰুত জনপ্ৰিয় ব্যক্তিৰ ,নাম যাৰ আব্ৰাহাম লিংকন।পিতৃ থমাছ লিংকন পেছাত এজন কৃষক আছিল।মাতৃৰ নাম আছিল নাঞ্চি লিংকন আৰু জ্যেষ্ঠ ভগ্নী আছিল ছাৰা।ভূমি সংক্ৰান্তীয় বিবাদৰ বাবে আব্ৰাহাম লিংকনৰ পৰিয়ালে পূৰ্বৰ ঠাই ত্যাগ কৰি ক্রিক ফাৰ্মত থাকিবলৈ লৈছিল যদিও তাতো একেধৰণৰ বিবাদৰ মুখামুখি হোৱাত পুনৰ সেই ঠাইও এৰি আহিবলগীয়া হৈছিল।৬বছৰ বয়সত আব্ৰাহাম লিংকনক বিদ্যালয়ত নামভৰ্তি কৰা হৈছিল যদিও পিতৃক কামত সহায় কৰিবৰ বাবে অধ্যয়নপিপাসু আৰু জিজ্ঞাসু স্বভাৱৰ লিংকনে বিদ্যালয় ত্যাগ কৰিছিল।১৮১৮ চনৰ ৫ অক্টোবৰ তাৰিখে আব্ৰাহাম লিংকনৰ ৯বছৰ বয়সত মাতৃৰ পৰলোকপ্ৰাপ্তি হয়।মমতাৰ আঁচল খন যেন বহু দূৰলৈ উৰি গৈছিল।আত্মিক বান্ধোনেৰে আঁটি আঁটি বান্ধি ৰখা সেই বাঘজৰী ডাল ক্ৰমে দুৰ্বল হৈ পৰিছিল।মাত্ৰ ১১ বছৰ বয়সতেই ভগ্নী ছাৰাই...

কৰ্মৰে জীৱন অভিপ্সাক সজীৱ কৰা সুদেৱী দাসীৰ কথাৰে:

Image
হেঁপাহৰ এজাক কুঁহিপতীয়া সপোন ৰচাৰ স্বপ্ন প্ৰায় সকলোৰে থাকে।কোনোৱে যদি অজস্ৰ সা-সম্পদ,টকা পইচাৰ মাজতেই সুখ স্বাচ্ছন্দ্যময় জীৱনৰ সন্ধান কৰে আন দহজনে আকৌ বুকুৱে বুকুৱে শিপাই থকা সপোনজাকক সাকাৰ ৰূপ দিব পৰাতেই বিচাৰি পায় জীৱনৰ সাৰ্থকতা।তেওঁলোকৰ মাজত হেঁপাহৰ,আনন্দৰ এক সলিল ৰাশি অহৰহ প্ৰবাহমান হৈ থাকে।কিবা এটা বিশেষ কৰাৰ তাৰণাতেই বেলেগতকৈ বেলেগ হিচাপে গঢ়ি তোলে নিজক আৰু হৈ পৰে মোৰ,আমাৰ দৰে বহুজনৰ বাবে জীৱনৰ অংশুমান স্বৰূপ।নাম ইৰিন ফ্রেডৰিক ব্ৰুনিংগ ওৰফে মাতা সুদেৱী(সুদেৱী দাসী)।জাৰ্মানীত জন্মগ্ৰহণ কৰা ইৰিন ফ্ৰেডৰিকে বাৰ্লিনত শিক্ষা সাং কৰি মাত্ৰ 20 বছৰ বয়সতেই এগৰাকী সাধাৰণ পৰ্যটকৰ দৰেই তেওঁ ভাৰতভূমিত খোজ পেলাইছিল।জীৱনৰ মূল উদ্দেশ্যেৰ সন্ধান কৰি উপস্থিত হৈছিল উত্তৰ প্ৰদেশৰ ৰাধাকুণ্ডত।ইউৰোপীয় দেশৰ সকলো সা সুবিধা,আৰম্বৰ পূৰ্ণ বিলাসিতা ময় জীৱন ত্যাগ কৰি হৃদয়ৰ সমস্ত আকুলতাৰে দূৰণিবটিয়া পৰিয়ালৰ মৰম স্নেহৰ বান্ধোন ছিঙি মথুৰাৰ এখন সৰু গাওঁত বসবাস কৰিবলৈ লৈছিল।                           তাৰ পিছত তেওঁ গুৰু শ্ৰীলা টিনকোদী গোস্বামীৰ শ...

ড° ভূপেন হাজৰিকাদেৱৰ গীতত মানৱতাবাদৰ সুবাস:

Image
ড° ভূপেন হাজৰিকাদেৱৰ গীতত মানৱতাৰ সুবাস: সংগীত যদি এটা ধৰ্মৰ নাম হয়,কিমান যে মানুহ এই ধৰ্মলৈ ধৰ্মান্তৰিত হ'ব তাৰ কোনো লেখ নাই।যদি অদূৰ ভৱিষ্যতে এনে হয় তেনেহ'লে হয়তো ৰচিত হ'ব এখন নতুন ধৰ্মগ্ৰন্থ যাৰ নাম হ'ব মানৱায়ন।এটা গীতে এজাক নতুন দিনৰ স্বপ্নৰ শলিতা জ্বলাব পাৰে,এজাক নতুন মুখৰ চমক সৃষ্টি কৰিব পাৰে,মানৱ হৃদয়ৰ কলুষতা নাশি সুন্দৰ জীৱনৰ বকিয়া নিৰ্মাণ কৰিব পাৰে।জ্বাজ্বল্যমান আকাশত উৰাৰ স্বপ্ন দেখুৱাব পাৰে,হৃদয়ৰ সমস্ত আকুলতাৰে মানৱ প্ৰেমৰ নিৰঙ্কুশ মালিতা ৰচিব পাৰে অথবা এটা গীত হ'ব পাৰে এটি জীৱন্ত সপোন কিম্বা জী উঠাৰ সহজ আকুলতা।বহুজনৰ প্ৰগলভিত কণ্ঠত অতীজৰে পৰাই ফুল হৈ ফুলিছে জীৱন,আশাবাদ অথবা মানৱতাৰ গানে।ডঃ ভূপেন হাজৰিকাদেৱৰ গীত সমূহেও মানৱতাৰ ৰাগিনী সৃষ্টি কৰি ন-সমাজৰ চিত্ৰ অংকন কৰিবলৈ সক্ষম হৈছে।মনৰ মাজত পুঞ্জীভূত হৈ থকা সমাজ,দেশ,ৰাষ্ট্ৰৰ অস্থিৰতা, অৰাজকতা,অন্যায়,অবিচাৰক কথা,ছন্দ,অনুভূতি,তাল,লয় আৰু স্বৰলহৰৰ মধুৰ মূৰ্ছনা তথা সুনিবদ্ধ শব্দমালাৰে গাঁঠি মানৱ প্ৰেমৰ এক অভিনৱ চানেকি বহন কৰিছে।শোষিত,নিষ্পেষিত,লাঞ্ছিত,বঞ্চিত সকলৰ বাবে তেখেতৰ কন্ঠ হৈ পৰিছে নিৰাশাৰ মাজতো ...

বিশ্বজুৰি ক'ৰ'ণা ভাইৰাছৰ আতংকৰ মাজতে কিছু সুকীয়া অনুভৱ:

বিশ্বজুৰি ক'ৰ'না ভাইৰাছৰ আতংকৰ মাজতে কিছু সুকীয়া অনুভৱ: ক'ৰ'ণা ভাইৰাছ!অনাকাংক্ষিতভাৱেই সমগ্ৰ পৃথিৱীৰ মানবজাতিৰ বাবে হৈ পৰিল মৃত্যুদূত সদৃশ।সৰ্বত্ৰে এতিয়া কেৱল মৃত্যুৰ কিৰিলী।আজি যেন সমগ্ৰ বিশ্ববাসী পৰাস্ত হৈছে এটা ভাইৰাছৰ ওচৰত।কিমান শক্তিশালী হ'ব পাৰে এটা ভাইৰাছ আৰু প্ৰকৃতি!শান্ত সমাহিত প্ৰকৃতিয়েও যেতিয়া প্ৰচণ্ড ক্ষোভত মানৱ জাতিৰ হাত এৰি দিয়ে তেতিয়াই অনুভৱ হয় সঁচাই মানুহ জীৱশ্ৰেষ্ঠ হয়নে?এই ভাইৰাছক প্ৰতিহত কৰিবলৈ চৰকাৰ,ৰাষ্ট্ৰ, প্ৰতিগৰাকী জনগণ সিদ্ধহস্ত হৈছে।ভাৰতবর্ষত প্ৰধানমন্ত্ৰীৰ আহ্বানমৰ্মে  ২১ দিনধৰি 'lock down' ঘোষণা কৰিছে।একেদিনাই এখন দেশ যেন স্তব্ধ হৈ ৰ'ল।ইয়াৰ আগলৈকে প্ৰতিখন ঘৰতেই প্ৰতিদিনাই কিমান যে ব্যস্ততা।অফিচ, কছাৰী,স্কুল,কলেজ,মিটিং, চেমিনাৰ আৰু যে কত কি...।যান্ত্ৰিক জীৱন যাত্ৰাত অভ্যস্ত সকলোৰে নিজক হেৰুৱাই পেলোৱাৰ উপক্ৰম হয়,এতিয়া যেন যান্ত্ৰিক জীৱনবোৰে কিছু ইকাটি সিকাটি কৰিবলৈ আহৰি পাইছে।মৃত্যুৰ আশংকাত দিয়া দেশজোৰা বন্ধৰ মাজতো কিছু ধনাত্মকতা বিৰাজ কৰিছে।সম্পর্কবোৰে নতুন মাত্ৰা লাভ কৰিছে।ব্যস্ততা কেতিয়াও জীৱন হ'ব নোৱাৰে,ই জীৱনৰ এটা ...

মানৱীয়তাৰ সাগৰখন এতিয়াও বৈ আছে:

Image
( প্ৰেৰণাদায়ক লেখা) মানৱীয়তাৰ সাগৰখন এতিয়াও বৈ আছে.... "সুখ সুখ বুলি   মানুহ বলিয়া        নেদেখে সুখৰ মুখ  সুখ বিচাৰোঁতে  পাই সংসাৰত          দুখৰ উপৰি দুখ।  সুখ দুখৰ             মনেই কাৰণ           মনক কৰিবা থিত   ত্যাগত লভিবা    পৰম সন্তোষ          সাধিবা লোকৰ হিত।"                              -আনন্দ চন্দ্ৰ আগৰৱালা। আজিও এই পৃথিৱীত এনে বহুলোক আছে যিসকলৰ মন,চিন্তাধাৰা এখনি নৈৰ দৰেই স্বচ্ছ,নিৰ্মল,আৰু নিৰৱধি।নিৰ্মেঘ আকাশৰ বেলিৰ দৰেই সত্য,সুন্দৰ অথবা পবিত্ৰতাৰে বিমণ্ডিত।সমগ্র বিশ্বজুৰি চৰ্চিত এখন আশ্ৰম যি হৈ পৰিছে প্ৰতিগৰাকী আশাহীন লোকৰ বাবে আশাৰ ৰেঙণিস্বৰূপ,ঘৰহীন লোকৰ বাবে এখনি আদৰৰ ঘৰ,নিঃসহায়, শোষিত নিষ্পেষিত,পৰিত্যাগী,শাৰীৰিক অথবা মানসিকভাৱে অসুস্থ লোকৰ বাবে হৈ পৰিছে জীৱনযুদ্ধৰ ভিটামিন স...

বিশ্ববিশ্ৰুত এখনি ৰহস্যময় চিত্ৰৰ কথাৰে:

Image
https://xandhani.blogspot.com/2020/04/blog-post.html/ বিশ্ববিশ্ৰুত এখনি ৰহস্যময় চিত্ৰৰ কথাৰে... সৃষ্টিৰ পৰিধি নাই,নতুনত্বৰ সঁচা উঁহ বিচাৰি আন্ধাৰ ফালি ফালি মাথোঁ গৈ থাকে অসীমলৈ।সৃষ্টিশীল মানুহৰ বাবে একো একোটা সৃষ্টিয়েই তেওঁলোকৰ বাবে হৈ পৰে নিৰ্মল আনন্দৰ উৎস।এখন চিত্ৰই মৌনতাৰ ভাষাৰেই লানিনিছিগাকৈ কৈ যাব পাৰে প্ৰেম-অপ্ৰেম,প্ৰাপ্তি-অপ্ৰাপ্তি,জীৱনৰ বৰ্ণময়তাৰ অজস্ৰ অন্তহীন কথা।চিত্ৰৰ মাজেৰে জীৱন্ত হৈ উঠে হৃদয়ৰ ফেৰেঙনিত গোপনে সাঁচি ৰখা প্ৰতিটো জিলমিলিয়া অনুভৱ।প্ৰচুৰ ধৈৰ্যশীলতাৰ সৈতে প্ৰতিটো অনুভৱক ন প্ৰাণ দিয়া সেই শিল্পীগৰাকীয়ে যুগ যুগান্তৰলৈ থৈ যায় সৃষ্টিৰ  মণি-মুকুতাবোৰ।বহু শতিকাৰ পূৰ্বেই এগৰাকী চিত্রশিল্পীৰ লাৱনি হাতৰ পৰশত সৃষ্টি হোৱা এখন ছবিয়ে সমগ্ৰ বিশ্বত খলকনিৰ সৃষ্টি কৰিছিল।যিখন ছবিৰ আজি পৰ্যন্ত ঘন ৰহস্যৰ যতি পৰা নাই।সৰুৰে পৰাই আপুনি,মই আমি শুনি আহিছোঁ লিও নাৰদো দা ভিঞ্চিৰ জনপ্ৰিয় চিত্ৰকৰ্ম মনালিছাৰ কথা।ক'ৰবাত পঢ়া মোৰ মনত পৰে-'কলাকাৰৰ হে মৃত্যু হয়,কলাৰ নহয়'।বহু শতিকাৰ পূৰ্বেই অংকিত এখন ছবি আজিও সিমানেই চৰ্চিত তাতেই প্ৰমাণিত হয় শিল্পীগৰাকী আৰু চিত্ৰখনৰ পৰম স...