পথসন্ধি
উপন্যাস:পথসন্ধি
ডঃ ৰীতা চৌধুৰী
হৃদয়ৰ অনুভৱক বলিষ্ঠ শব্দৰে সজাই প্ৰতিটো কাহিনীক এক অভিনৱ ৰূপ প্ৰদান কৰা ডঃ ৰীতা চৌধুৰী বাইদেউৰ প্ৰতিখন উপন্যাসেই মোৰ মনত বৰ্ণাভ স্থিতি দখল কৰি আছে।শেহতীয়াকৈ পঢ়ি শেষ কৰিছিলোঁ তেখেতৰ আন এখন হিমৰ দৰে সংবেদনশীল শব্দ আৰু বাক্যগাঁথনিৰে লিখি উলিওৱা উপন্যাস-পথসন্ধি।জীৱনৰ বাটত খোজ দিওঁতে কোনোৱে এক মসৃণ পথৰ গৰাকী হয় আৰু তাৰ বিপৰীতে কোনোৱে পাই কণ্টকময়, একা-বেঁকা পথ।অঞ্জলি আৰু সুমনা উপন্যাসখনৰ প্ৰধান চৰিত্ৰ।সুমনাৰ মুখত সদায় এক আভিজাত্য আৰু ঐশ্বৰ্যৰ জিলিঙনিয়ে তিৰবিৰাই থাকিছিল।সুমনা যেন এখন সপোনপুৰীৰ ৰাজকুমাৰী।কিন্তু অঞ্জলিৰ সেই ভীত, উদাসীন চকুযুৰিত নাছিল কোনো সপোনৰ অৱগুন্থন।পিতৃ পৰিচয়ৰ পৰা বঞ্চিত অঞ্জলিৰ শৈশৱৰ এছোৱা তাৎপৰ্যপূৰ্ণ সময় জুপুৰীৰ মাজতেই পাৰ কৰিছিল।ঔপন্যাসিক গৰাকীয়ে আৰম্ভণিতেই উল্লেখ কৰিছে যে 'তিনিটা বিশেষ পথসন্ধি লগ লাগি গঢ় লৈছে এই কাহিনী'। জিলা উপায়ুক্ত হিচাপে প্ৰতিষ্ঠা,যশস্যা লাভ কৰা অঞ্জলি কুমাৰীৰ জীৱনৰ পহিলা সময়ছোৱা অত্যন্ত পীড়াদায়ক আছিল।মানসিকভাৱে অক্ষম অঞ্জলিৰ মাতৃ মাকন চৰিত্ৰটোৱেও উপন্যাসখনত এক অনন্য মাত্ৰা প্ৰদান কৰিছে।অঞ্জলিৰ ৰূমমেট সুমনাৰ ডিব্ৰুগড়ৰ ঘৰখনত থকাৰ কালছোৱাতেই তাই নিজৰ পিতৃৰ সন্ধান পায়।কিন্তু সেই নিৰ্মম সত্যই তাইক যেন পুনৰ এবাৰ হানি খুচি আঘাত কৰি থৈ যায়।উপন্যাসখনৰ আন এটি আকৰ্ষণীয় চৰিত্ৰ আছিল বৰুণ।এই চৰিত্ৰটিৰ এটা বিশেষ সংলাপে মোৰ মন চুই গৈছিল।"গছিপ ইজ আ পাৰ্ট অৱ চিভিলাইজেচন। পৰচৰ্চা থাকিব। মানুহে বেয়া কথা পাতিবই। কিমানৰ মুখ বন্ধ কৰিবা? দৰকাৰনো কি? সেইবোৰ ফ্ৰাষ্টেটেড মানুহ। পৰচৰ্চা সিহঁতৰ কাৰণে এক প্ৰকাৰৰ কপিং মেকানিজম। চাইড এফেক্ট থকা লাইফ চেভিং মেডিচিনৰ দৰে। ইমবেলেন্সৰ ফেন্সত বহি থকা মানুহ সেইবোৰ। গছিপে সিহঁতক চাইকছিছৰ ফালে পৰি নোযোৱাকৈ ধৰি ৰাখে। মাথা ঠিক ৰখাৰ এটা কায়দা আৰু।"
সংলাপ:
☘️"এটাই মাত্ৰ প্ৰশ্নৰ উত্তৰ বিচাৰি।
কি কৰিব এতিয়া অঞ্জলিয়ে?
দীৰ্ঘদিনৰ অভ্যাসে অভ্যস্ত কৰি তোলা জীৱনক আকৌ পঠিয়াবনে পৰীক্ষাগাৰলৈ?
অঞ্জলিৰ জীৱনটো স্বাভাৱিক নহয়।
সহজ পৃথিৱীৰ সহজ জীৱনৰ লগত কোনো মিলেই নাই অঞ্জলিৰ জীৱনৰ।"
☘️" বেয়া কথাৰ পাখি বৰ শক্তিশালী। নিমিষতে ধুমুহা হৈ উৰিব পাৰে।বেয়া কথাৰ শিপাও গভীৰ। ডাল পাতো বিস্তৃত।"
☘️"মানুহে কিয় কোনোবাই সফলতা পালে তাতো দুখৰ কাহিনী বিচাৰি ফুৰে?কিয় টিভিত চিঞৰি চিঞৰি কয়-ঠেলাৱালাৰ সন্তান-পাণ দোকানীৰ সন্তান-হাজিৰা কৰি পোহপাল দিয়া মানুহৰ সন্তান-এইবোৰ জানো ৰাজহুৱাভাৱে চিঞৰি চিঞৰি কোৱা কথা?দেখুওৱা বিষয়?"
পাপৰি বৰা
ডিব্ৰুগড় বিশ্ববিদ্যালয়।
Comments
Post a Comment