গণ্ড আৰ্ট(Gond Art)

 


ভাৰতবৰ্ষত জনজাতীয় কলাই দেশৰ প্ৰাচীন ঐতিহ্যক,  জীৱন দর্শনক সুন্দৰৰূপত পৰিস্ফুট কৰে।ইয়াৰ ভিতৰত, গণ্ড আৰ্ট মধ্য ভাৰতৰ অন্যতম বৃহৎ জনজাতি গণ্ড সকলৰ অনন্য কলা।কল্পনাশীল, জীৱন্ত আৰু ৰহস্যময়, এই চিত্ৰসমূহ মূলতঃ তেওঁলোকৰ ঘৰৰ দেৱালত অংকন কৰা হৈছিল।বৰ্তমান সময়ত বহুতো গণ্ড শিল্পীয়ে কাগজ আৰু কেনভাচত এই চিত্ৰ অংকন কৰিছে।বেছিভাগ জনজাতীয় কলাৰ দৰে, গণ্ড কলাৰ মূল-লোককাহিনী আৰু লোকসংস্কৃতি।গণ্ড চিত্ৰসমূহে জনজাতীয় জীৱনৰ প্ৰায় প্ৰতিটো দিশ দেখুৱায়।স্থানীয় উদ্ভিদ, প্ৰাণী, দেৱ-দেৱী, উৎসৱ-পাৰ্বন, লোক-কাহিনী আৰু পৌৰাণিক কাহিনী সকলোবোৰ তেওঁলোকৰ কলাৰ জৰিয়তে প্ৰতিনিধিত্ব কৰা হয়।গণ্ড কলাক প্ৰকৃতিৰ উপাসনাত এক নৈবেদ্য বুলি বিশ্বাস কৰা হয়।চিত্ৰবোৰ উজ্জ্বল আৰু ৰঙীন।এঙাৰ, মাটি, উদ্ভিদৰ ৰস, পাত আৰু গোবৰৰ পৰা আহৰণ কৰা প্ৰাকৃতিক ৰঙেৰে এইবিধ চিত্ৰ অংকন কৰা হয়।যদিও গণ্ড কলা প্ৰায় শ শ বছৰ ধৰি চলি আহিছে, কিন্তু 1980 ৰ দশকতহে এই কলাবিধে  স্বীকৃতি আৰু খ্যাতি লাভ কৰিছিল।

এজন গণ্ড শিল্পী জনগড় সিং শ্যামৰ শিল্পকৰ্মই আন্তৰ্জাতিক প্ৰশংসা লাভ কৰিছিল আৰু তেওঁক চিত্ৰপ্ৰদৰ্শনীৰ বাবে  নতুন দিল্লী, নিউয়ৰ্ক, পেৰিছ আৰু টকিঅ'লৈ নিমন্ত্ৰণ কৰিছিল। পৰম্পৰাগত, নান্দনিক আৰু ৰহস্যময়, গণ্ড কলাত জনজাতীয় লোকৰ আত্মাৰ ভাষা অনুৰণিত হয়।এইবিধ প্ৰাচীন কলাই ভাৰতৰ সমৃদ্ধ শৈল্পিক ঐতিহ্যৰ প্ৰকৃত প্ৰতিফলন ঘটোৱাত নিৰ্ণায়ক ভূমিকা পালন কৰিছে।


Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)