স্বপ্ন সমাধি

স্বপ্ন সমাধি

ডিম্বেশ্বৰ বৰা 

    


স্বপ্ন সমাধি ডিম্বেশ্বৰ বৰাৰ দ্বাৰা লিখিত এখন প্ৰেমৰ উপন্যাস য'ত বকুলপুৰৰ এহাল প্ৰেমিক প্ৰেমিকা মৃণাল আৰু মৌচুমীৰ ৰূপোৱালী প্ৰেম কাহিনীৰ এখনি প্ৰতিচ্ছবি অংকন কৰা হৈছে।অন্ধবিশ্বাসৰ কবলত পৰি কেনেকৈ নিজৰ ফুলকুমলীয়া জীয়েকক পৰিয়ালৰ লোকে  হেৰুৱাইছিল তাৰেই কাহিনী বৰ্ণিত কৰা হৈছে।শৈশৱতেই মৃণাল আৰু মৌচুমী দুয়োৱে নিজ হাতে সাজিছিল বুটা বছা প্ৰেমৰ পুতলাঘৰ।হেঁপাহবোৰ গজি ভালপোৱাৰ ফুলনিখন জকমকাই উঠিবলৈ নৌপাওঁতেই পৰিয়ালৰ লোক দুয়োৰে মিলনত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছিল।অন্ধবিশ্বাসৰ বলি হৈ মৌচুমীৰ মৃত্যু হৈছিল।অথচ মৌচুমীৰ কায়িক মৃত্যুৰ পাছতো মৃণাল আৰু মৌচুমীৰ নীলাভ প্ৰেম হিল্লোলিত আৰু অমৰ হৈ পৰিছিল।


Comments