গঙা চিলনীৰ পাখি
গঙা চিলনীৰ পাখি
ড৹ লক্ষ্মীনন্দন বৰা
শব্দৰ দাপোণত আপোন মুখ খনি দেখা পাওঁ।শব্দৰ বটবৃক্ষৰ ছাঁত জিৰাই ইউকেলিপটাছৰ দৰে ওখ হোৱাৰ সেউজীয়া সপোন ৰচো। ড° লক্ষ্মীনন্দন বৰাৰ দ্বাৰা ৰচিত "গঙা চিলনীৰ পাখি" মোৰ পঢ়ি ভাল লগা প্রিয় উপন্যাসৰ অন্যতম। ১৯৭৫ চনত এই উপন্যাসখনকেই প্ৰধান আধাৰ হিচাপে লৈ অসমীয়া চলচ্চিত্ৰ পৰিচালক পদুম বৰুৱাই "গঙা চিলনীৰ পাখি" শীৰ্ষক কথাছবিখন নিৰ্মাণ কৰিছিল।বাসন্তী,ধনঞ্জয়,ভোগৰাম উপন্যাসখনৰ কেতবোৰ চৰিত্ৰ।প্ৰধানত অসমৰ নগাঁও জিলাৰ সোনাই নৈৰ পাৰৰ গ্ৰাম্য জীৱন শৈলীক মূল পটভূমি হিচাপে লৈ উপন্যাসখনৰ কাহিনীয়ে গতি কৰিছে।গ্ৰাম্য জীৱনৰ বিচিত্ৰ কাহিনী,সভ্যতা, সংস্কৃতি, ৰীতি-নীতি,পৰম্পৰা, লোকাচাৰ সকলোৰে পৰশ পৰিছে উপন্যাসৰ পাতত।হৃদয়ৰ জপনা খুলি প্ৰেমে নিগাজিকৈ ঘৰ সাজে মানুহৰ বুকুত।বাসন্তীৰ ককায়েক ভোগৰামে অসৎ প্ৰক্ৰিয়াৰে ধনী হোৱাৰ লোলোপ বাসনাৰ উদ্দেশ্য বাসন্তীৰ বিবাহ মথুৰা মণ্ডলৰ লগত সম্পন্ন কৰে।পুৰুষতান্ত্ৰিক চিন্তাধাৰাৰ বশৱৰ্তী হৈ কিদৰে বাসন্তী আৰু ধনঞ্জয়ৰ ভালপোৱাৰ স্তৱক অসম্পূৰ্ণ হৈ ৰয় সেই কাহিনীও উপন্যাসখনত সুন্দৰকৈ বৰ্ণিত কৰা হৈছে।
Comments
Post a Comment