নীলকণ্ঠী ব্ৰজ
নীলকণ্ঠী ব্ৰজ
মামণি ৰয়ছম গোস্বামী
জোনাকী পৰুৱাৰ এধানি পোহৰে অমানিশাৰ গভীৰ এন্ধাৰত বাট দেখুওৱাৰ দৰে গ্ৰন্থ অধ্যয়নে মোৰ মনত ৰামধেনুৰ সাঁতো বৰণীয়া ৰং বোলায়।জনদৰদী সৃষ্টিকামী মনটোৰ বাবে মামণি ৰয়ছম গোস্বামী বাইদেউৰ গ্ৰন্থ সমূহ ব্যক্তিগতভাৱে অতিকৈ প্রিয়।হৃদয় সাগৰত শত সহস্ৰ লহৰ তুলিব পৰাকৈ তেখেতৰ কলম শক্তিশালী।যি শিহৰিত কৰি তোলে প্ৰতিজন পাঠকক।অনুপম শব্দৰ নিৰ্বাচনীয়তা,নিজস্ব বাস্তৱিক অভিজ্ঞতাৰ ভিত্তিত সাৰস্বত সাধনাৰে ৰাজ্যিক,ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় বিভিন্ন পটভূমিক লৈ পাঠকৰ হৃদয়তন্ত্ৰীত জোকাৰণি তুলিব পৰাকৈ তেওঁ লিখি উলিয়াই প্ৰতিখন উপন্যাস।'নীলকণ্ঠী ব্ৰজ' মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা ৰচিত এখন বলিষ্ঠ আৰু কালজয়ী উপন্যাস।প্ৰধানত: বৃন্দাবনৰ পটভূমিত জালিকটা অনুভৱেৰে লিখি উলিওয়া হৈছে নীলকণ্ঠী ব্ৰজ।য'ত বিধৱা সকলৰ এখনি ধূসৰ ছবি বৰ্ণনা কৰা হৈছে।সৌদামিনী-যাৰ শিৰৰ সেওঁতাত আশীৰ্বাদ হৈ জিলিকি আছিল এমুঠি ৰক্ত পলাশ।পলাশৰ ৰঙা ৰংটোৰ ৰঙীন আভাত তাইও অমাৱশ্যাৰ পিছৰ জোনাকৰ দৰেই জিলিকি আছিল।কিন্তু সময়ৰ সোঁতত সৌদামিনীয়ে খুব কম বয়সতেই বৈধব্যক আঁকোৱালি ল'বলগীয়া হৈছিল।ভক্তিপীঠ ব্ৰজলৈ মোক্ষ লাভ কিম্বা জীৱনৰ প্ৰকৃত সত্য উৎঘাটনৰ বাবে বহু ভক্তৰ আগমন ঘটে।সৌদামিনীৰো সেই সূত্ৰেই ভক্তিপীঠ ব্ৰজলৈ আগমন হৈছিল।উপন্যাসখনৰ পাতে পাতে বৰ্ণিত হৈ আছে ব্ৰজৰ ৰাধেশ্যামী সকলৰ বিবৰ্ণ পৃথিৱীৰ কৰুণ কাহিনী।
Comments
Post a Comment