সন্ধ্যা
মূলতঃ HIV ৰ আধাৰিত মণিকুন্তলা ভট্টাচাৰ্য্যৰ দ্বাৰা ৰচিত 'সন্ধ্যা' এখনি মনোৰম সুখপাঠ্য উপন্যাস।উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে সন্ধ্যা।সন্ধ্যাই খুব কম বয়সতেই নিজৰ মাতৃৰ মৰমৰ বন্যাৰ পৰা বঞ্চিত হৈছিল।পৰৱৰ্তী সময়ত দেউতাকৰ বুকুৰ তপত উমত তাই ডাঙৰ হৈছিল।প্ৰেম জীৱনৰ ৰঙীন মোহ।প্ৰেম মানেই যেন হৃদয় জুৰুৱা এটা গুপুত বাৰ্তা।কৈশোৰৰ দুৱাৰদলিত খোজ থৈ সন্ধ্যাইয়ো নিজৰ সপোন কোঁৱৰ জনৰ এখনি ছবি যেন বুকুত গুজি লৈছিল।তাইৰ সপোনৰ ৰাজকুমাৰজন আছিল ইৰফান।প্ৰেমত প্ৰাপ্তি এক চিৰন্তন হাবিয়াস।কিন্তু ৰক্ষণশীল সমাজব্যৱস্থাৰ শিকলি ছিঙি প্ৰেমৰ নিচান উৰুৱাবলৈ সেই পটভূমিত বৰ সহজ নাছিল।তদুপৰি শাৰীৰিক আৰু মানসিক ভাৱে ভগ্নপ্ৰায় হোৱাৰ পিছতো কিদৰে সদিচ্ছা,জীৱনৰ প্ৰতি এক ইতিবাচক দৃষ্টিকোণ তথা সঁচা প্ৰেমৰ উমাল সান্নিধ্যত মৰমৰ আবিৰ সানি যন্ত্ৰণাক প্ৰত্যাহ্বান জনাব পাৰে তাৰেই এক সাৱলীল বৰ্ণনা উপন্যাসখনত বৰ্ণনা কৰা হৈছে।লগতে HIV ৰোগৰ প্ৰতি থকা নানানটা সমাজৰ প্ৰতিষ্ঠিত ধাৰণাৰ পৰিৱৰ্তে এক বিজ্ঞানসন্মত বিশ্লেষণ উপন্যাসখনত ঔপন্যাসিকগৰাকীয়ে আগবঢ়াইছে।
Comments
Post a Comment