আংকুশ

আংকুশ

জুৰী বৰা বৰগোঁহাঞি।


উপন্যাসবোৰৰ মাজত বিচাৰি পাওঁ এমুঠি প্ৰত্যয়,এধানমান আশা,উপন্যাসৰ পাততেই আছে সাহস,শক্তি আৰু জীয়াই থকাৰ অমোঘ মন্ত্ৰ।

"বাগিচাই বাগিচাই জ্বলি থাকে এমিলি লছমীৰ হাত" ...

চাহ বাগিচাৰ এখনি  জীয়া প্ৰতিচ্ছবি প্ৰতিফলিত হোৱা  "আংকুশ" জুৰি বৰা বৰগোহাঞি ৰ দ্বাৰা লিখিত এখন জনপ্ৰিয় উপন্যাস। 

– “যদি মিল্টনৰ পেৰেডাইজ লষ্ট নাটকৰ নৰক বৰ্ণনা পাঠ কৰিছা, যদি মেঘনাথ বধৰ ভীষণ যমপুৰীৰ চিত্ৰ কেতিয়াবা মনত আঁকিছা, যদি ৰবিনছন ক্ৰুছ’ৰ বনবাসৰ কথা শুনিছা তেনেহ’লে এই স্থানৰ চিত্ৰ হৃদয়ংগম কৰিবলৈ সমৰ্থ হ’বা। প্ৰত্যেকখন চাহ বাগিচাত এইসমূহৰ সমাৱেশ আছে।”

চাহ বাগিচাৰ লোকসকল আজিও মালিক পক্ষৰ দ্বাৰা শোষিত,নিষ্পেষিত,অৱহেলিত এটা শ্ৰেণী।তেওঁলোক এনে এখন অন্ধকাৰ পৃথিৱীত বাস কৰে য'ত ইকৰাৰ জলঙাৰেও সৰকি নাহে পোহৰৰ অনু।আজিও তেওঁলোকে প্ৰাপ্য বেতনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হয়।উপন্যাসখনতো চাবুৱাৰ এখন চাহ বাগিচাৰ কৰ্মী সকলে তেওঁলোকৰ প্ৰাপ্য মৰ্যাদাৰ বাবে মালিকপক্ষৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এইদিশত নেতৃত্ব লৈছে উল্লেখিত চাহ বাগিচা খনৰে যুৱক ৰঘু হাছদাই।ৰঘু, ফুলমণি,ধনমণি,কদম, মেনেজাৰ, মিনি ইত্যাদি উপন্যাসখনৰ কেতবোৰ চৰিত্ৰ।



Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)