জলকন্যা

 জলকন্যা 

মণিকুন্তলা ভট্টাচাৰ্য



শব্দৰ উত্তাপ আৰু প্ৰেৰণা কিমান বেছি হয়তো সেইয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে।শেহতীয়াকৈ পঢ়ি শেষ কৰিছিলোঁ মণিকুন্তলা ভট্টাচাৰ্য্যৰ জলকন্যা।চিত্ত উদ্বেলিত কৰি পাঠকক ধৰি ৰাখিব পৰাকৈ সক্ষম উপন্যাসখনৰ প্ৰতিটো পৃষ্ঠা।উপন্যাসখনৰ পাতে পাতে সিঁচৰিত হৈ আছে তথ্যসমৃদ্ধ নানানটা কথা।উপন্যাসখনত শীতকালত বনভোজ স্থলী হিচাপে জনপ্ৰিয় চম্পাৱতী জলপ্ৰপাতৰ ইতিহাস,শোষিত,নিষ্পেষিত,বঞ্চিত চাহ কৰ্মী সকলৰ কৰুণ জীৱন গাঁথা সহিতে তেওঁলোকৰ মাজত বৰ্তি থকা বিভিন্ন অন্ধবিশ্বাস,কুসংস্কাৰৰ এখনি জীৱন্ত ছবি,মাধৱ কন্দলি,অনন্ত কন্দলি,মহেন্দ্ৰ কন্দলিৰ টোল , অসমৰ জাতীয় উৎসৱ বিহুক ইংৰাজে বন্ধ কৰা, পুনৰ প্ৰচলন কৰোৱা,প্ৰকৃতিৰ অনুপমেয় বৰ্ণনা আনন্দৰাম ঢেকিয়াল ফুকনে মোফাট চাহাবলৈ দীঘলীয়াকৈ চিঠি লিখা , চোৱাং হাবি আৰু পক্ষীতীৰ্থ বিললৈ অহা বিভিন্ন প্ৰত্যাহ্বান,জিয়াজুৰী চাহ বাগিচাত কৰ্মৰত মেনেজাৰ চাহাব আৰু মেমচাহাবৰ জীৱনৰ অনন্য কাহিনী,প্ৰতিটো ঋতু,খাদ্য সম্ভাৰৰ বর্ণনা আকৰ্ষণীয় ৰূপত উপস্থাপন কৰিছে।


Comments

Popular posts from this blog

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ

গ্ৰন্থ(০২):চাহেবপুৰাৰ বৰষুণ

গ্ৰন্থ(০১):বিভ্ৰান্ত বাস্তৱ(প্রিয় সংলাপ)